Logo
image

আজি ভাৰত-নিউজীলেণ্ড যুঁজৰ বেকহামো সাক্ষী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ নৱেম্বৰঃ ফুটবলৰ ছুপাৰষ্টাৰ ডেভিদ বেকহামে আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেল মেচখন উপভোগ কৰিব৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া   মেচখনত প্ৰাক্তন ব্ৰিটিছ ফুটবলাৰ বেকহাম উপস্থিত থাকিব বুলি আয়োজকে নিশ্চিত কৰিছে৷ ডেভিদ বেকহামে ইউনিচেফৰ শুভেচ্ছা দূত অৰ্থাৎ গুডউইল এম্বাচাডৰ হিচাপে বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেল মেচখন উপভোগ কৰাৰ কথা৷ ৱাংখেড়েৰ বিশ্বকাপ ছেমি ফাইনেল মেচখনত ক্ৰীড়াক্ষেত্ৰৰ বহু তাৰকা উপস্থিত থকাৰ কথা৷ টীম ইণ্ডিয়াই বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব৷ উল্লেখ্য, ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ প্ৰসংগতঃ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ পৰিসংখ্যা সিমান সন্তোষজনক নহয়৷ এই পৰ্যন্ত ভাৰতে বিশ্বকাপ ক্ৰিকেটৰ ৭ খন ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰি ৪ খনত পৰাজিত হৈছে৷ বিজয়ী হৈছে ৩ খন ছেমি ফাইনেলত৷ ইয়াৰে ১৯৮৩ আৰু ২০১১ চনত ভাৰত চেম্পিয়ন হৈছিল আৰু ২০০৩ চনত ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হৈছিল৷