Logo
image

শিশু দিৱস বৰ্জনেই কৰিলে ৰাজ্য চৰকাৰে

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৫ নৱেম্বৰঃ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ উদ্যোগত এইবাৰ শিশু দিৱস উপলক্ষে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত নহ’ল কোনো চৰকাৰী কাৰ্যসূচী৷ মঙলবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত থাকে ছট্টিশগড়ত৷ ছট্টিশগড় বিধানসভাৰ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলৰ একাধিক প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মঙলবাৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়৷ অৱশ্যে ছট্টিশগড়ত ব্যস্ত থাকিলেও মুখ্যমন্ত্ৰীয়ে পুৱাই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক স্মৰণ কৰি ছ’চিয়েল মিডিয়াত ‘শিশু দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও ছ’চিয়েল মিডিয়াত ‘শিশু দিৱস’ৰ শুভেচ্ছা জনাই নিজৰ দায়িত্ব সামৰে৷ এক কথাত ক’বলৈ গ’লে ৰাজ্য চৰকাৰে একপ্ৰকাৰ বৰ্জনেই কৰিলে শিশু দিৱসৰ কাৰ্যসূচী৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ এনে স্থিতিৰ বিপৰীতে পূৰ্বৰ সময়চোৱাত যি দলৰ চৰকাৰে নাথাকক কিয় চৰকাৰী উদ্যোগত অনুষ্ঠিত হৈ আহিছে ‘শিশু দিৱস’ৰ চৰকাৰী কাৰ্যসূচী৷ এই কাৰ্যসূচী সমূহত চৰকাৰী পক্ষৰ পৰা ঘোষণা কৰা হৈছিল শিশুৰ বাবে বিভিন্ন আঁচনি৷ কিন্তু এইবাৰ সম্পূৰ্ণ ওলোটা চিত্ৰ এখনহে দেখিবলৈ পোৱা গ’ল৷ ইয়াৰ আৰতো আছে এক বিশেষ কাৰণ৷ বিজেপি দল আৰু চৰকাৰে আৰম্ভণিৰ পৰাই দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সন্দৰ্ভত গ্ৰহণ কৰি আহিছে নেতিবাচক মনোভাৱ আৰু স্থিতি৷ দেশৰ প্ৰতি নেহৰুৰ বিশাল অৱদানক সম্পূৰ্ণৰূপে নস্যাৎ কৰি তেওঁৰ বিকল্পৰ সন্ধানত আছে বিজেপি দল আৰু চৰকাৰে৷ যাৰ বাবে কেন্দ্ৰই হওক বা ৰাজ্যই হওক বিজেপি নেতৃত্বাধীন কোনো এখন চৰকাৰে নেহৰুৰ জন্মদিনটোক ‘শিশু দিৱস’ হিচাপে চৰকাৰী অনুষ্ঠান অনুষ্ঠিত বা আয়োজন কৰাৰ পৰম্পৰা প্ৰায়েই বাদ দিছে৷ যাৰ ফলশ্ৰুতিত মঙলবাৰে অসমতো অনুষ্ঠিত নহ’ল ‘শিশু দিৱস’ কেন্দ্ৰিক চৰকাৰী কাৰ্যসূচী৷ চৰকাৰীভাৱে শিশু দিৱসৰ কাৰ্যসূচীক মুকলিমূৰীয়াভাৱে বৰ্জন কৰিলেও ৰাজ্যৰ বিভিন্ন বে-চৰকাৰীখণ্ডৰ উদ্যোগত বৰ্ণাঢ্যভাৱে শিশু দিৱসৰ কাৰ্যসূচী মঙলবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয়৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলা মইনা পাৰিজাতৰ উদ্যোগত মঙলবাৰে জাপাৰকুছি (চ’কবজাৰ)ত থকা স্থায়ী কাৰ্যালয়ত শিশু দিৱস পালন কৰা হয়৷ এই উপলক্ষে পুৱা নলবাৰী জিলা মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি লক্ষ্মীনাৰায়ণ বৰ্মনে৷ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি খগেন্দ্ৰ গোস্বামীয়ে উত্তোলন কৰে শিশু দিৱসৰ পতাকা৷ আনহাতে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে শিশু বক্তা দেৱলীনা ডেকা আৰু শিশু বক্তা ঈশান কাশ্যপে৷  সেইদৰে নবাৰুণ শিল্পী সমাজৰ উদ্যোগত নৱমবৰ্ষ শিশু দিৱস উপৰহালীস্থিত চিলাৰায় ভৱনত দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত স্মৃতি তৰ্পন, জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, পুষ্পাঞ্জলি প্ৰদান কৰা হয়৷ দিনৰ ১২ বজাত উপৰহালী প্ৰগতি সাহিত্য সভাৰ সভাপতি অশ্বিনী কুমাৰ তালুকদাৰৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মণ্টু আলীৰ সম্পদনাত নবাৰুণ শিল্পী সমাজৰ মুখপত্ৰ ‘পোহৰ’ নৱম সংখ্যা উন্মোচন কৰে গীতিকাৰ জীতেন্দ্ৰ মোহন দাসে৷ সভাত মুখ্য অতিথি হিচাপে অৱসৰী প্ৰধান শিক্ষক ধীৰেণ ঠাকুৰীয়া৷ চিলাপথাৰ ফ্ৰণ্টিয়াৰ ইউনাইটেড হাই স্কুলতো দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হি প্ৰদৰ্শন কৰাৰ প্ৰতিযোগিতা আয়োজন কৰা হয়৷ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা বিজ্ঞান আৰ্হি মূল্যায়ন কৰে অৱসৰপ্ৰাপ্ত কৃতি প্ৰধান শিক্ষক গোলাপ চন্দ্ৰ দেৱ আৰু শিক্ষক ডম্বৰু দিহিঙীয়াই৷ ইয়াৰ পাছতে শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰৰ্দশন কৰে৷  সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বেচৰকাৰীভাবে বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়৷  গুৱাহাটীৰ নুনমাটিত অসম জাতীয় বিদ্যালয়তো বিস্তৃত কাৰ্যসূচীৰে শিশু দিৱস উদ্‌যাপন কৰা হয়৷ দিৱস উপলক্ষে বিদ্যালয়ৰ অংকুৰ, প্ৰাক্‌-প্ৰাথমিক শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শনীমূলক ভেশচন আৰু প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত ভেশচন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু তৃতীয়-চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত ভাস্কৰ্য আৰু শিল্পকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ আনহাতে বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ বিদ্যালয়ৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত অসমীয়া, হিন্দী আৰু ইংৰাজী এই তিনিওটা ভাষাতে থিতাতে লিখা সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰি উলিওৱা হাতেলিখা আলোচনীৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়৷ এই প্ৰদৰ্শনীখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক দিগন্ত ওজাই৷ আনহাতে বিদ্যালয়ৰ মুকলি মঞ্চত আয়োজিত মুকলি অনুষ্ঠানত শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী পল্লবী গোস্বামীয়ে৷ বিদ্যালয় পৰিচালনা সমিতিৰ সচিব তথা বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ নাৰায়ণ শৰ্মাই শৈশৱ আৰু কৈশোৰৰ সময়ছোৱাই সৃষ্টিশীল সময় বুলি অভিহিত কৰি শিশুসকলক চাপমুক্ত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা বুলি মন্তব্য কৰে৷ বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি আৰু জ্যেষ্ঠ শিক্ষয়িত্ৰী অপৰাজিতা দত্তই দিৱসৰ সৈতে সংগতি ৰাখি গীত পৰিৱেশন কৰে৷ বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে গীত-নৃত্য পৰিৱেশন কৰাৰ লগতে মনৰ অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱাই৷ ‘শিশু দিবস’ৰ অনুষ্ঠানৰ আহ৩ায়কৰ দায়িত্বত আছিল বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী অলকা গোস্বামী৷ গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলত শিশু দিৱস উপলক্ষে সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত আৰু এণ চি ই আৰ টি, চি চি আৰ টি, এছ চি আৰ টি আৰু বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালিত নাট ‘‘ৰাৱণ বধ’’ আৰু ‘‘বিষ্ণু প্ৰসাদ ৰাভা’’ পুতলা মাধ্যমত তিনিটা দৰ্শনীৰে মঞ্চায়ন কৰা হয়৷ সেইদৰে দক্ষিণ গুৱাহাটী লাচিতগড় হাইস্কুলত বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদ্‌যাপন কৰা হয়৷ সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ অবসৰী উপাধ্যক্ষ জ্ঞান জ্যোতি শৰ্মাই৷ শিশু দিৱস উপলক্ষে কাহিলিপাৰাস্থিত ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত উঃ মাঃ বিদ্যালয়ত সূৰ্যমুখী সামাজিক উন্নয়ন আৰু উন্নয়ন সমিতিৰ উদ্যোগত শিশু দিৱস উদযাপনৰ লগতে কিছু খাদ্যসামগ্ৰী বিতৰণ কৰা হয়৷ সেই উপলক্ষে বিদ্যালয়লৈ পণ্ডিত নেহৰুৰ এখন বৃহৎ আলোকচিত্ৰ আগবঢ়োৱা হয়৷ আলোকচিত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি আগবঢ়াই অনুষ্ঠিত সভাত সূৰ্যমুখীৰ সভাপতি প্ৰভাৱতী তালুকদাৰ, সম্পাদক ৰূপজ্যোতি কোঁৱৰ হালৈ, সঞ্চালক পীযূষ পাল, নিৰাম চন্দ্ৰ হালৈ, ৰঞ্জুমণি গগৈ, অঞ্জন তালুকদাৰ, আকাংক্ষা নন্দিনী আদিয়ে শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যাৰ লগতে প্ৰায় চাৰিশ উপস্থিত কলা-বোবা ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনায়৷ ইফালে নতুন ফটাশিল হাই স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপন কৰা শিশু দিৱসৰ অনুষ্ঠানত সহযোগ কৰিলে ‘ছেভ ভৰলু (ভৰলু বচাওঁ) অভিযান’ৰ সদস্য-সদস্যাসকলে৷ শিশু দিৱস কাৰ্যসূচীৰ আৰম্ভণিতে নতুন ফটাশিল হাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পূৰৱী দাস কলিভাই ছেভ ভৰপুৰ সভাপতি ডাঃ ৰবীন মজুমদাৰক উষ্ম আদৰণি জনায়৷ ছেভ ভৰপুৰ সাধাৰণ সম্পাদক সত্য ৰঞ্জন বৰুৱা আৰু কাৰ্যবাহী সদস্য নৱ শৰ্মায়ো ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰাৰ লগতে সদস্য মেঘমালা চৌধুৰী আৰু ধ্ৰnৱজ্যোতি শইকীয়ায়ো সহযোগ আগবঢ়ায়৷ শিশু দিৱসৰ পৰৱত্তৰ্ী কাৰ্যসূচীত দশম  আন্তঃ বিদ্যালয় নাট সমাৰোহত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা ভৰলুৰ ওপৰত ৰচিত চুটি নাট ‘মোক উশাহ লবলৈ দিয়া শিশুহঁতে মন্দস্থ কৰে৷ ইফালে আৰোহণ সংগীত কাননৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে শিশু দিৱস পালন কৰাৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে আৰোহণ সংগীত কাননৰ অধ্যক্ষ ড॰ সীমা বৰা, বিশিষ্ট সংগীত পৰিচালক জন্মি দাস, আৰোহণ পাব্লিকেশ্বনৰ সম্পাদক ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়াই বন্তি প্ৰজ্বলন কৰে৷ সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে আৰোহণ ফাউণ্ডেনৰ স্বত্বাধিকাৰী ড॰ সীমা বৰাই৷ সভাত প্ৰেৰণাদায়ক বক্তা টিনাট আতিফা মাছুদ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে৷ সভাত বিশিষ্ট চিকিৎসক ডাঃ অৰূপ নাথ, বিশিষ্ট নৃত্য শিল্পী স্মৃতিৰেখা শইকীয়া, দৈনিক বাতৰি কাকতৰ সম্পাদক অনিল বৰ্মন, ইউ এছ টি এমৰ প্ৰ’ উপাচাৰ্য ড॰ বলেন্দ্ৰ কুমাৰ দাস উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে আৰোহণ সংগীত কাননৰ শিক্ষাৰ্থীসকলে সমবেত সংগীত পৰিবেশন কৰে৷ শিখা দেৱীয়ে আঁত ধৰা অনুষ্ঠানত আৰোহণ সংগীত কাননৰ শিক্ষাৰ্থীসকলে গীত, নৃত্য আদি পৰিবেশন কৰে৷ গুৱাহাটীৰ ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয়তো অতি উলহ-মালহেৰে শিশু দিৱস উদ্‌যাপন কৰা হয়৷ সভাৰ আৰম্ভণিতে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰাজু তালুকদাৰে৷ সভাৰ আদৰণি ভাষণ ৰাখে সহকাৰী জ্যেষ্ঠ শিক্ষয়িত্ৰী ভৱানী শৰ্মাই৷ সভাত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হাঁহি ৰাম কলিতাকে আদি কৰি কেইবাজনো শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে৷ সেইদৰে মহিলা আৰু শিশু বিকাশ সঞ্চালকালয় আৰু ৰাজ্যিক বাল ভৱনৰ উদ্যোগত অইন বছৰৰ দৰে এইবাৰো ১৪ নৱেম্বৰৰ দিনটোত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়৷ এই অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আৰু বিশিষ্ট চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী বিশিষ্ট অতিথি ৰূপে থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ অনুষ্ঠানত ৰাজ্যিক বালভৱনৰ শিশু সকলে গীত মাত, মূকাভিনয়,  গীটাৰ, কী-বোৰ্ড পৰিবেশন কৰে৷ ইফালে নিউ আৰ্ট প্লেয়াৰ্ছৰ সদস্য সকলে ১৪ নবেম্বৰৰ বিয়লি আমিনগাঁৱস্থিত শিশু গ্ৰামৰ আবাসী সকলৰ সৈতে এক আনন্দমুখৰ আৰু আন্তৰিকতাপূৰ্ণ পৰিবেশত শিশু দিৱস উদ্‌যাপন কৰে৷ এই উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত নিউ আৰ্ট প্লেয়াৰ্ছৰ সদস্যসকল আৰু শিশুগ্ৰামৰ আবাসীৰ লগতে পৰিচালনা সমিতিৰ একাংশ সদস্য উপস্থিত থাকে৷ (নলবাৰীৰ বিশেষ প্ৰতিনিধি, জোনাইৰ প্ৰতিবেদক আৰু পলাশবাৰীৰ প্ৰতিবেদকৰ সহযোগত)

জিএমচিএইচত শিশু দিৱস উদ্‌যাপন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো মঙলবাৰে পালন কৰে শিশু দিৱস৷ শিশু দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিভাগে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ অচু্যত বৈশ্য আৰু উপ-অধীক্ষক ড॰ উজ্জ্বল শৰ্মা৷ ইফালে শিশু ৰোগ বিভাগৰ মুৰব্বী ডাঃ গায়ত্ৰী বেজবৰুৱা আৰু শিশু ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দিগন্ত বৰ্মনৰ তত্ত্বাৱধানত শিশু ৰোগ বিভাগত ভৰ্তি হৈ থকা শিশুসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা৷