Logo
image

সভাপতি-সম্পাদক হ’ব কোন আনৰ নহ’লেও আছুত উদ্বেগ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ নৱেম্বৰঃ কাৰ ওপৰত ন্যস্ত হ’ব সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৰ নতুন দায়িত্ব? কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি-সম্পাদক? তাক লৈ ইতিমধ্যে ব্যাপক চৰ্চা হৈছে৷ বিশেষকৈ ছাত্ৰ সন্থাৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ মাজত ইয়াকে লৈ দেখা গৈছে উদ্বিগ্নতা৷ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে নিজৰ পচন্দ অনুসৰি নেতা বাচনি কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে৷ ২১ নৱেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া অধিৱেশনতে নিৰ্ধাৰণ কৰা হ’ব আছুৰ পৰৱৰ্তী সভাপতি-সম্পাদক তথা আন বিষয়ববীয়া৷ আজিৰ তাৰিখত আছুৰ পৰৱৰ্তী সভাপতি পদৰ বাবে চৰ্চালৈ আহিছে আছুৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু উপ-সভাপতি নৱজিৎ ৰায়ৰ নাম৷ একেদৰে সাধাৰণ সম্পাদক পদৰ বাবে চৰ্চালৈ আহিছে আছুৰ বৰ্তমানৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সহকাৰী সম্পাদক সমীৰণ ফুকন আৰু অভিবৰ্তন গোস্বামীৰ নাম৷ সভাপতি পদৰ বিপৰীতে চৰ্চালৈ অহা তিনিজন নেতাৰ ভিতৰত উৎপল শৰ্মাই যিহেতু পূৰ্বে সম্পূৰ্ণ এটা কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্ব (ভাৰপ্ৰাপ্ত) পালন কৰাৰ সুযোগ পোৱা নাই৷ সেইবাবে তেওঁৰ ওপৰতে সভাপতিৰ দায়িত্ব অৰ্পন কৰাৰ সম্ভাৱনা আছে৷ আনহাতে নামনি অসমত আছুৰ ভেটি সুদৃঢ় কৰি ৰখাৰ স্বাৰ্থত আৰু এবছুৰে সম্পৰ্ক সুদৃঢ় কৰাৰ স্বাৰ্থত কোকৰাঝাৰ নিৱাসী নৱজিৎ ৰায়ক সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে বুলি চৰ্চা হৈছে৷ আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল ভট্টাচাৰ্যই আছুৰ মঞ্চ এৰিব নে নাই সেই বিষয়েও চৰ্চা অব্যাহত আছে৷ কেইবা দহক ধৰি আছুক সন্মুখৰ পৰা নেতৃত্ব দি অহা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ হাতত অসম উন্নতি সভাৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা বাবে তেওঁ আছুৰ মজিয়াৰ পৰা অব্যাহতি ল’ব পাৰে বুলি চৰ্চা হৈছে৷ ইয়াৰ বিপৰীতে আছুৰ পূৰ্বৰ অধিৱেশনত যেতিয়ালৈ ইচ্ছা কৰে তেতিয়ালৈ ড॰ সমুজ্জ্বল ভট্টাচাৰ্য আছুত থাকিব পাৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ সেই সময়ৰ সভাপতি দীপাংক কুমাৰ নাথে আগবঢ়োৱা এনে প্ৰস্তাৱক সকলোৱে আন্তৰিকতাৰে সমৰ্থন জনাইছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আছুৰ মুখ্য উপদেষ্টাৰূপে ড॰ সমুজ্জ্বল ভট্টাচাৰ্য থকাটো প্ৰায় নিশ্চিত৷ কোৱা নিস্প্ৰয়োজন যে আছুৰ নেতৃত্ব কাৰ ওপৰত ন্যস্ত হ’ব সেয়া কেৱল আছুৰ নেতা-কৰ্মীসকলৰে আলোচনা-চৰ্চাৰ বিষয় নহয়, চৰ্চা আৰু আলোচনাৰ বিষয় চৰকাৰৰ, বিভিন্ন ৰাজনৈতিক দলৰ৷ যিকোনো সমস্যাৰ প্ৰসংগ ওলালেই, জাতিৰ সন্মুখত ডাঙৰ সমস্যা আহিলেই আছুৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপিত হয়৷ অৰ্থাৎ ৰাজ্যখনৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰতে আছুৰ স্থিতিৰ প্ৰতি গভীৰ প্ৰত্যাশাৰে ৰৈ থাকে অসমৰ জনগণ৷ আছুৰ স্থিতিক লৈ কোনোবাই প্ৰশ্ন কৰিব পাৰে, কিন্তু আছুক নস্যাৎ কৰিব নোৱাৰে৷