Logo
image

আজমলে মুখ্যমন্ত্ৰীক কিনিলেই ৰাজনীতি ত্যাগ কৰিব খালেকে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ নৱেম্বৰঃ ‘বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীক যদি সঁচাকৈ কিনি ল’ব পাৰে, মই ৰাজনীতি ত্যাগ কৰিম৷ যদি আল্লাই আপোনাক ধন-দৌলত দিছে তেন্তে মুখ্যমন্ত্ৰীক কিনক, তেতিয়া অসমখন ঘৃণাৰ ৰাজনীতিৰ পৰা অন্ততঃ ৰক্ষা পৰিব৷’– এই মন্তব্য কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ৷ মঙলবাৰে দিছপুৰৰ বিধায়ক আৱাসত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি খালেকে কয়– আজমল মুখ্যমন্ত্ৰীৰ আঠুৱা তলৰ মহ৷ আজমলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কি পীৰিতি আছে নাজানোঁ৷ সাম্প্ৰদায়িক বিষবাস্প বিয়পালেও মুখ্যমন্ত্ৰীয়ে আজমলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে৷ আফটাবুদ্দিন মোল্লাৰ বিৰুদ্ধে হ’লে তাৎক্ষণিক ব্যৱস্থা ল’লে৷ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে আজমলৰ অগৰু ব্যৱসায়ৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা নাইকীয়া কৰিছিল৷’ ইফালে, মুখ্যমন্ত্ৰীক পুনৰ আক্ৰমণ কৰি খালেকে কয়– ‘শুৱালকুছিৰ মানুহক বেয়া পায় মুখ্যমন্ত্ৰীয়ে৷ সেইকাৰণে গুৱাহাটীৰ নিচেই কাষত থকা শুৱালকুছিবাসীক মুখ্যমন্ত্ৰীয়ে বৰপেটাত পেলাইছে৷ মুখ্যমন্ত্ৰীয়ে শুৱালকুছিক বেয়া পালেও মই শুৱালকুছিবাসীক ভাল পাওঁ৷ মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মানুহবোৰৰ সমষ্টিবোৰ ওলট-পালট কৰিলে৷ ৰাজদ্বীপ ৰয়, ৰঞ্জিত দত্ত আদিৰ সমষ্টি এছ চি কৰিলে৷’ আগন্তুক লোকসভাৰ নিৰ্বাচনত পুনৰ বৰপেটাৰ পৰাই নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰি খালেকে কয়– ‘বৰপেটা মোৰ প্ৰথম পচন্দ৷’ ইফালে, লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ ‘কংগ্ৰছে ৬০ বছৰে কৰিব নোৱৰা কাম আমি কৰিছোঁ’ বুলি দাবী কৰি সোণোৱালে কয় যে প্ত ৰাজ্যৰ নিৰ্বাচনী ফলাফল ভাল হ’ব৷ কংগ্ৰেছ যে শূন্য হৈছে সেয়া স্পষ্ট হৈছে৷ আনহাতে, ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত অসমতো বিজেপিৰ বৃহৎ জয় হ’ব বুলি দাবী কৰি মন্ত্ৰী অশোক সিংঘালে কয় যে কংগ্ৰেছৰ পাপ ধুই আছে বিজেপিয়ে৷ আনহাতে, বিপিএফৰ পৰা বিজেপিত যোগদান কৰি পুনৰ বিপিএফলৈ যোৱা ৰাজকুমাৰ ব্ৰহ্ম সন্দৰ্ভত মন্তব্য কৰি সিংঘালে কয়– ‘ধন আত্মসাৎ কৰি বিজেপিলৈ আহিছিল তেওঁ৷ কিন্তু ইয়াত ধন ঘটিব নোৱাৰি পুনৰ বিপিএফলৈ গতি কৰিছে৷’

জিলা সভাপতিয়ে  ১২ কোটি টকাৰ ঠিকাৰ বাবে বিজেপিলৈ অহা বুলি ভূপেন বৰাই কৈছেঃ মন্ত্ৰী জয়ন্তমল্ল

‘আমাৰ অসম’ৰ মহানগৰবাৰ্তাঃ ‘কংগ্ৰেছে নিজেই নিজৰ জিলা সভাপতিজনক একেবাৰে তলৰ পৰ্যায়লৈ লৈ গৈছে৷’– এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি মন্ত্ৰীজনে কয় যে জিলা সভাপতি সুৰেশ বৰাই তেওঁলোকৰ দলটোত বহু বছৰ ধৰি সেৱা কৰিছে, জিলা সভাপতি হিচাপে দায়িত্ব লৈছে, তেনেকুৱা এজন মানুহে দলটো এৰি যোৱাৰ লগে লগে তেওঁক লৈ ভূপেন বৰাই এনেকুৱা মন্তব্য কৰিব নাপায়৷ সুৰেশ বৰাই মাত্ৰ ১২ কোটি টকাৰ ঠিকা পাই দল এৰি গুচি যোৱা বুলি তেওঁলোকেহে কৈছে, আমি কোৱা নাই৷ ভূপেন বৰাই নিজে কৈছে যে ১২ কোটি টকাৰ ঠিকা লৈ সুৰেশ বৰা বিজেপিলৈ গুচি গ’ল৷ ভূপেন বৰাই তেওঁৰ জিলা সভাপতিজনৰ ভ্যেলুটো দাঙি ধৰিছে৷ গতিকে জিলা সভাপতিজনৰ ভ্যেলুটো যদি ১২ কোটি হয়, ৰাজ্যিক সভাপতিৰ ২৫ কোটি হ’ব, প্ৰাক্তন মন্ত্ৰীৰ ৩০ কোটি হ’ব, চি ডব্লিউ চি মেম্বাৰৰ ৪০ কোটি হ’ব– মই সেইটো মাত্ৰ উপমাহে দিছিলোঁ, মইতো কোৱা নাই তেওঁলোকক ঠিকা দিয়াৰ কথা৷ মন্ত্ৰীজনে কয় যে, ভূপেন বৰাই ভাবে যে তেওঁৰ জিলা সভাপতি এজনে ১২ কোটি টকাৰ ঠিকা পালে বিজেপিলৈ গুচি যাব৷ তেওঁ তেনেকৈ ভাবে কাৰণে কৈছে৷ গতিকে মই ভাবো যে যদি কংগ্ৰেছৰ জিলা সভাপতি এজনে ১২ কোটিত আহে, তেন্তে ৰাজ্যিক সভাপতিজনে ২৫ কোটিত আহিব৷ মই তাৰ উদাহৰণহে দিছোঁ৷ আৰু প্ৰাক্তন মন্ত্ৰীয়ে ৩০ কোটিত এৰিব বা চি ডব্লিউ চি মেম্বাৰ, এম পিয়ে ৪০ কোটিত এৰিব৷ সেইটোৱে হিচাপ৷ আৰু তেওঁ যদি ভাবে যে পি ডব্লিউ ডিৰ ঠিকা তেনেকে মন্ত্ৰীয়ে দিব পাৰে, ময়ো জলজীৱনৰ মন্ত্ৰী, ময়োতো ঠিকা দিওঁ৷ জলজীৱনৰ ঠিকা পদ্ধতিৰ মাজেৰে হয়৷ কিন্তু ঠিকা যিয়ে নাপাওক লাগিলে, তাৰ ক্ৰেডিটটো পিছত মন্ত্ৰীজনে ল’বই৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে জিলা সভাপতি এজনে, যিয়ে ইমান বছৰে দলটোৰ সেৱা কৰিলে, তেওঁ বিভিন্ন কাৰণত দল ত্যাগ কৰিব পাৰে৷ কিন্তু, তেওঁ ১২ কোটিৰ ঠিকা লৈ গুচি গ’ল বুলি ইমান নিকৃষ্ট পৰ্যায়লৈ লৈ যাব নাপায়৷ আৰু এয়াই যদি হয় তেন্তে ভূপেন বৰাইও দেখোন ২৫ কোটিৰ ঠিকা লৈ গুচি যাব! তেওঁৰ হিচাপটো তেওঁৱে দিছে, মইতো দিয়া নাই৷ মই মাত্ৰ তেওঁলোকে কোৱা কথাখিনিক ভিত্তি কৰি উপমাটো দেখুৱাই দিছোঁ৷ হিচাপটোৰ কম্পেয়াৰ এটা কৰি দিছোঁ যে কিমান হিচাপত চলে তেওঁলোক৷ এয়াই তেওঁলোকৰ মানসিকতা, এনে মানসিকতা আমাৰ নহয়৷