Logo
image

আয়াৰাম-গয়াৰামক লৈ উত্তাল বিজেপি-কংগ্ৰেছৰ ৰাজনীতি

‘আমাৰ অসম’ৰ গুৱাহাটী, ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ১৫ নৱেম্বৰঃ পদুলিমুখত ২০২৪ ৰ লোকসভাৰ নিৰ্বাচন৷ মাজত মাত্ৰ তিনিটা মাহহে বাকী৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই তুংগত হৈছে আয়াৰাম-গয়াৰাম ৰাজনীতি৷ যেন আয়াৰাম-গয়াৰামকলৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিযোগিতাহে আৰম্ভ হৈছে৷ উত্তাল হৈছে বিজেপি কংগ্ৰেছৰ ৰাজনীতি৷ দীপাৱলীৰ পূৰ্বে হঠাৎ ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ লগতে অভূতপূৰ্ব কৰ্মদক্ষতাৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি সুৰেশ বৰা, যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি প্ৰত্যুষ ৰয়, তৃণমূল কংগ্ৰেছৰ সংবাদ বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মা, গুৱাহাটী জিলাৰ সভাপতি মনোজ শৰ্মা, তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকা, গোৱালপাৰা পৌৰসভাৰ পাৰিষদ ধনজীৱ ৰাভাৰ লগতে বিৰোধী ঐক্যমঞ্চৰ ডেৰ শতাধিক কৰ্মীয়ে আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ এই যোগদানকলৈ বিজেপিৰ শিবিৰ উৎফুল্ল হোৱাৰ সময়তে বিজেপিতো আৰম্ভ হৈছে ব্যাপক খহনীয়া৷ যেন তৃণমূলত তাছপাতৰ দৰে খহিছে বিজেপি৷ বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ দুৰ্গ সদৃশ লখিমপুৰত ব্যাপক বিপৰ্যয়ৰ সন্মুখীন হৈছে শাসকীয় দল৷ ‘বিজেপিৰ জিলা পৰ্যায়ৰ নেতা আৰু তৃণমূল পৰ্যায়ৰ ৫০০ কৰ্মীয়ে কাইলৈ বুধবাৰে কংগ্ৰেছত যোগদান কৰিব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত বিজেপিৰ এই নেতা-কৰ্মীসকলে শাসকীয় দলটোত চলি থকা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিশেষকৈ সাধাৰণ ৰাইজক দ্ৰব্যমূল্য বৃদ্ধিৰে মাধমাৰ শোধোৱা আৰু প্ৰতিটো কথাতে মিথ্যাচাৰৰ আশ্ৰয় লোৱা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কংগ্ৰেছ দলত যোগদান কৰিব৷ কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিজেপিৰ এই নেতা-কৰ্মীসকলে আগন্তুক দিনত কংগ্ৰেছৰ গণতন্ত্ৰ সুৰক্ষাৰ ৰাজনীতি অধিক দৃঢ় কৰি তুলিব৷’ লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ শান্তি সংঘত এই বৃহৎ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই এনেদৰে প্ৰকাশ কৰিছে৷ আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলাত ৰাজনৈতিক দল সমূহৰ মাজত দলবাগৰা ৰাজনীতি আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ বিজেপি দলে পৰিষদৰ ২৬টা সমষ্টিত চৰকাৰী আঁচনীৰ জৰিয়তে সভা পাতি ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ বিপৰীতে কংগ্ৰেছ দলেও ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে৷ অহা ১৯ নৱেম্বৰত ডিফুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি আজি ঘোষণা কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙে৷ সংবাদমেলত চুম ৰংহাঙে কয় যে, কাৰ্বি আংলং জিলাৰ তিনিবাৰৰ বিধায়ক তথা প্ৰাক্তন কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন কাৰ্যবাহী সদস্য লংকি তিমুং, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব৷ ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ লগতে আন নেতাও উপস্থিত থাকিব৷ পৰিষদৰ তিনিটা সমষ্টিৰ পৰা যোগদান কৰিবলগীয়া এই বৃহৎ যোগদান সভাত আন বহু ৰাজনৈতিক দলৰ নেতাইয়ো যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ কৰে জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে৷ ইপিনে জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি দলে আগন্তুক লোকসভা নিৰ্বাচনত ৩নং ডিফু লোকসভা সমষ্টিৰ পৰা তেওঁলোকৰ দলে বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি কৰা দাবী সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে৷ ৰংহাঙে কয় যে, এপিএইচএলচি দল এতিয়াও ইণ্ডিয়া ঐক্যজোঁটত অন্তৰ্ভূক্ত হোৱাই নাই৷ সেয়ে তেওঁলোকৰ এই দাবী সম্পূৰ্ণ অৱাস্তব৷ এনে অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈও দলটোক সকীয়াই দিয়ে ৰংহাঙে৷ আনহাতে, বিজেপিৰ কোকৰাঝাৰ জিলাৰ অপসাৰিত সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজকুমাৰ ব্ৰহ্মৰ লগতে বিজেপিৰ আন চাৰি গৰাকী আৰু কংগ্ৰেছৰ দুজনেও আজি আনুষ্ঠানিকভাৱে বিপিএফত দলত যোগদান কৰে৷ আজি বিপিএফ দলত যোগদান কৰা বিজেপি আৰু কংগ্ৰেছৰ নেতা কৰ্মী সকল হল ক্ৰমে বিজেপিৰ কোকৰাঝাৰ জিলা প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজকুমাৰ ব্ৰহ্ম, চিৰাং জিলা বিজেপিৰ সম্পাদক স্বপন মাৰাণ্ডী, জিলা যুৱ মৰ্চা কাৰ্যালয় সম্পাদক নৱৰঞ্জন বৰ্মন, বিজেপিৰ মানস চেৰফাংৰ প্ৰাক্তন মণ্ডল সভাপতি দেৱজ্যোতি নমোদাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিপ্লৱ দেৱ নাথ, কংগ্ৰেছৰ বিজয় কৃষ্ণ সাহা আৰু চন্দন তৰফদাৰ৷ উল্লেখযোগ্য কোকৰাঝাৰ চহৰ স্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এক যোগদান সভা জৰিয়তে ৰাজকুমাৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে৷ ৰাজকুমাৰ ব্ৰহ্ম সহ আন বাকী পাঁচ গৰাকীক দলীয় প্ৰতীক আৰু আৰ’নাইৰে আদৰণি জনায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷ উল্লেখ্য যে, ৰাজকুমাৰ ব্ৰহ্মক কিছুদিন পূৰ্বে বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছিল আৰু তেওঁ আজি বিপিএফ দলত যোগদান কৰাত দলৰ হাইকামাণ্ড হাগ্ৰামা মহিলাৰীয়ে কিবা এক ভুল বুজাবুজিৰ বাবেই ৰাজকুমাৰ দল এৰি গৈছিল আৰু এতিয়া ভুল বুজাবুজি বোৰ আঁতৰি যোৱাত ঘৰৰ লৰা ঘৰলৈ উভতি আহিল বুলি মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ আগত বিপিএফ দলৰ সভাপতি মহিলাৰীয়ে ৰাজকুমাৰ সহিতে বাকী পাচঁজনকে দলত আকোৱালি লোৱা হৈছে বুলি সদৰি কৰি তেওঁলোকক কি কি দায়িত্ব অৰ্পণ কৰা হব সেয়া ৩০ নৱেম্বৰৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ ক সভাত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি জানিব দিয়ে৷ মুঠতে বিজেপি আৰু ইউপিপিএল দলৰ বহু কৰ্মী সদস্যই বিপিএফ ত যোগদান কৰাৰ বাবে দৈনিক যোগাযোগ কৰি আছে বুলি জানিব দি তেওঁ একপ্ৰকাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে বুলি অভিহিত কৰে৷ তেওঁ কয় যে বৰ্তমান বিপিএফ দলৰ স্থিতি আৰু ৰাজনৈতিক বতাহৰ গতিয়ে স্পষ্ট কৰি দিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আমি বিপিএফ দল জয়ী হোৱাটো খাটাং৷ আনহাতে, আজি ধুবুৰীত অনুষ্ঠিত বিজেপিৰ এক সাংগঠনিক সভাত ধুুবুৰী আৰু গৌৰীপুৰৰ তিনি শতাধিক লোকে বিজেপিত যোগদান কৰা বুলি ধুবুৰী বিজেপিয়ে সদৰী কৰিছে৷ ধুবুৰী বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত গৌৰীপুৰৰ বৰ্তমানৱ ৱাৰ্ড কমিচনাৰ প্ৰকাশ পাল, অজিত সৰকাৰ, দিবাকৰ বৰ্মনৰ লগতে পূৰ্বৰ ৱাৰ্ড কমিচনাৰৰ উপৰিও বিজেপিত যোগ দিয়ে৷ এই যোগদান কাৰ্যসূচীত অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰৰ লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

১৬ নৱেম্বৰত ভূপেন বৰাৰ বিহপুৰীয়া সমষ্টিৰ বৃহৎ সংখ্যক কংগ্ৰেছীয়ে যোগ দিব বিজেপিতঃ মনোজ বৰুৱা 

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ ‘শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ বিভিন্ন স্তৰৰ নেতৃত্বই ভাৰতীয় জনতা পাৰ্টীক সমালোচনাৰ নামত ভিত্তিহীন আৰু তথ্যহীন বক্তব্যৰে জনসাধাৰণৰ মাজত ভুল বাৰ্তা বিয়পাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ প্ৰকৃতাৰ্থত কংগ্ৰেছ দলে ৰাজ্যৰ জনসাধাৰণৰ মাজত নিজৰ ৰাজনৈতিক কৰ্মসূচী প্ৰত্যয়জনকভাৱে লৈ যাব নোৱাৰৰ বাবেই দলটোৰ নেতৃবৰ্গই চূড়ান্ত হতাশগ্ৰস্ত হৈছে৷ কংগ্ৰেছৰ এই হতাশগ্ৰস্ততাৰ প্ৰতিফলন তেওঁলোকৰ যোৱা কেইদিনৰ বক্তব্যত স্পষ্টৰূপত প্ৰকাশ হৈছে৷’– এই বক্তব্য ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ৷ দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি বৰুৱাই লগতে কয়– বৰ্তমান কংগ্ৰেছ দলেই হওক বা কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সে সমকালীন ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ জনতাৰ মুঠেও সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ তেওঁলোকে বিক্ষিপ্ত বা বিচ্ছিন্নভাৱে গ্ৰহণ কৰা ৰাজনৈতিক কাৰ্যাৱলীসমূহতো জনতাৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ অভাৱ পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়পাই তোলাকে বিকল্প হিচাপে গ্ৰহণ কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পূৰ্বতেও বিভিন্ন সময়ত বিভিন্ন তাৰিখ ঘোষণাৰে অসমত ৰাজনৈতিক ভূমিকম্প, চুনামী অহাৰ কথা ঘোষণা কৰিছিল৷ বৰ্তমানেও জ্যোতিষীৰ ৰূপত আত্মপ্ৰকাশ কৰি ভূপেন বৰাই ৩ ডিচেম্বৰত পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপি শূন্য পৰিৱেশ সৃষ্টি হ’ব বুলি ঘোষণা কৰিছে৷ বৰঞ্চ আজিকোপতি তেওঁৰ এনে ঘোষণাৰ জৰিয়তে নিজকে হাঁহিয়াতৰ পাত্ৰ হিচাপে প্ৰতিপন্ন কৰাৰ দৰে ৩ ডিচেম্বৰতো তেওঁ পুনৰবাৰ মিচা প্ৰতিপন্ন হ’ব৷ ইয়াৰ পৰিৱৰ্তে ১৬ নৱেম্বৰত ভূপেন বৰাৰ স্থিতি কঁপাই তেওঁৰ গৃহ সমষ্টি বিহপুৰীয়াত এক বৃহৎ সংখ্যক কংগ্ৰেছী লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি মুখ্য মুখপাত্ৰজনে সদৰী কৰে৷ কংগ্ৰেছৰ অপপ্ৰচাৰৰ বিষয়ত দলৰ স্থিতি স্পষ্ট কৰি মুখ্য মুখপাত্ৰজনে কয়– নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাই ভাৰতীয় জনতা পাটীৰ্ত যোগদান কৰাৰ পিছত ভূপেন বৰাই তেওঁক সমালোচনা কৰি কৈছিল যে ১২ কোটি টকা ঠিকাৰ লোভতহে বিজেপিত যোগদান কৰিছিল৷ ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিয়া বক্তব্যক ভুলধৰণে উপস্থাপিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মনোজ বৰুৱাই অভিযোগ কৰে৷ কংগ্ৰেছৰ এনে ষড়যন্ত্ৰকাৰী ভূমিকাক পৰিত্যাগ কৰিবলৈ সতৰ্ক কৰি দি মুখ্য মুখপাত্ৰজনে বিজেপি নেতৃত্বাধীন চৰকাৰ বা দলৰ সন্দৰ্ভত তথ্যভিত্তিক বক্তব্য ৰাখিবলৈ প্ৰত্যাহ্বান জনায়৷ আনহাতে, কংগ্ৰেছ দলৰ নেতা ৰকিবুল হুছেইনৰ দৰে অজস্ৰ ৰাজহুৱা অভিযোগত অভিযুক্ত নেতায়ো শেহতীয়াকৈ বিজেপি দলক ৰাজনৈতিক সংস্কাৰৰ পাঠ পঢ়ুৱাবলৈ যোৱাটো হাস্যকৰ বুলি ৰাজ্যিক বিজেপিয়ে মত পোষণ কৰে৷ দুৰ্নীতি, ভ্ৰষ্টাচাৰ অনিয়মৰে অসমত নজিৰ সৃষ্টি কৰি থৈ যোৱা কংগ্ৰেছ দলৰ ভূপেন বৰা, ৰকিবুল হুছেইনৰ দৰে নেতাৰ পৰা সাধু-সন্তৰ দৰে প্ৰবচন অসমৰ জনসাধাৰণে গ্ৰহণ নকৰে বুলি বিজেপিয়ে স্পষ্ট কৰি দিয়ে৷

তেজপুৰ চাহমজদুৰ সংঘৰ ১৪জন বিষয়ববীয়া বিজেপিলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ  শোণিতপুৰত কংগ্ৰেছ দলৰ একাধিক আদিবাসী নেতাই বিজেপিত যোগদান কৰিছে৷ উল্লেখযোগ্য যে, ভাৰতীয় চাহ মজদুৰ সংঘৰ শাখা অসম চাহমজদুৰ সংঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰে মুখ্য ভূমিকা আছিল আৰু সংঘৰ বিভিন্ন পদত কংগ্ৰেছ নেতাসকল অধিষ্ঠিত হোৱাৰ সূত্ৰে এই চাহমজদুৰ সংঘ কংগ্ৰেছ দলৰে প্ৰভাৱাধীন সংগঠন হিচাপে পৰিচিত হৈছিল৷ কিন্তু সম্প্ৰতি অসম চাহ মজদুৰ সংঘৰ ভালেসংখ্যক নেতাৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছে৷ বিশেষকৈ শোণিতপুৰত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে৷ শোণিতপুৰ বিজেপিত বহুকেজন আদিবাসী নেতা-নেত্ৰী থকাৰ লগতে জিলা সভাপতিৰ দায়িত্বও দিয়া হৈছিল৷ তদুপৰি তেজপুৰ লোকসভা সমষ্টিত সাংসদ তথা ৰঙাপৰাৰ বিধায়কো আদিবাসী জনগোষ্ঠীৰ হোৱাত বিজেপিৰ প্ৰভাৱ বৰ্তমানেও জিলাখনৰ চাহবাগিচা অঞ্চলত যথেষ্ট শক্তিশালী৷ ইয়াৰ বিপৰীতে জিলা কংগ্ৰেছৰ নিজস্ব কাৰ্যসূচী জিলাখনৰ চাহবাগিচাত শূন্য৷ প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰা সাময়িক কাৰ্যসূচীৰ বাহিৰে আন কোনো তৎপৰতা নথকা চাহবাগিচা অধ্যুষিত জিলাখনৰ ১৪জনকৈ চাহ মজদুৰ সংঘৰ নেতাই শেহতীয়াকৈ বিজেপিত যোগদান কৰে৷ এইসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাজ্যিক চাহ কোষৰ সম্পাদক তথা জিলা কংগ্ৰেছৰ সম্পাদক সুনীল টুটি, ৰঙাপৰা ব্লক কংগ্ৰেছৰ সম্পাদক গজেন শইকীয়াকে ধৰি কংগ্ৰেছ দলৰ কেইবাজনো সক্ৰিয় কৰ্মী আছে৷ কংগ্ৰেছ দলৰ লগতে চাহমজদুৰ সংঘৰ বিষয়ববীয়াসকলৰ এই বিজেপি গমনৰ ঘটনা শোণিতপুৰ কংগ্ৰেছৰ সাংগঠনিক দিশত এক মোক্ষম আঘাত হিচাপে চৰ্চিত হৈছে জিলা কংগ্ৰেছৰ ভিতৰ চ’ৰাত৷