Logo
image

আকৌ বিতৰ্কত ছেবাঃ মেট্ৰিকৰ সময়সূচী সলনি, চৰকাৰী বন্ধত পৰীক্ষা

ডিজিটেল ডেস্কঃ আকৌ এইবাৰ বিসংগতি!  প্ৰশ্ন কাকত ফাদিল, পৰীক্ষাৰ উত্তৰ বহী গৰুৱে খোৱাকে ধৰি বহু ইতিহাসেৰে পৰিপূৰ্ণ ছেবাৰ ইতিহাস। শেহতীয়াকৈ ছেবাই প্ৰকাশ কৰা মেট্ৰিক পৰীক্ষাৰ সূচীক লৈ এইবাৰ সৃষ্টি হৈছে বিতৰ্ক। এইবাৰ ছেবাই বন্ধৰ দিনটো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সূচী। উল্লেখ্য যে, বিগত অক্টোবৰ মাহতে ছেবাই জাৰি কৰিছিল ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী। এই সময়সূচী তৈয়াৰ কৰাৰ ক্ষেত্ৰত চৰম দায়িত্বহীনতাৰ পৰিচয় দিলে ছেবাই।  কিয়নো পৰীক্ষাৰ বাবে নিৰ্ধাৰিত ২ টা দিনত আছে চৰকাৰী বন্ধ। 

নতুন সূচী অনুসৰি ২০ ফেব্ৰুৱাৰীৰ সমাজ বিজ্ঞান পৰীক্ষা ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। আনহাতে ২৬ ফেব্ৰুৱাৰীৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। ২৭ ফেব্ৰুৱাৰীৰ ৯ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ঐচ্ছিক বিষয়ৰ পৰীক্ষাসমূহ একেটা দিনতে ১-৩০ বজাৰ পৰা ৪-৩০ বজালৈ অনুষ্ঠিত হ'ব।