Logo
image

লখিমপুৰত বিজেপি এৰি কংগ্ৰেছলৈ শতাধিক

‘আমাৰ অসম’ৰ লখিমপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ নৱেম্বৰঃ অসমৰ ৰাইজৰ মনত সুপ্ত হৈ থকা জ্বালামুখীয়ে এতিয়া মুখ লৈ আছে৷ দেশত প্ৰচণ্ড বা-মাৰলি আহিব ইয়াৰ বাবে ৰাইজে ৩ ডিচেম্বৰলৈ অপেক্ষা কৰিব লাগিব৷ বিজেপিয়ে যি প্ৰতাৰণা কৰিছে তাৰ ফল মধ্যপ্ৰদেশ, ছত্তিশগড় আদিৰ নিৰ্বাচনে দেখুৱাব৷ এই আটাইবোৰতে আমাৰ কংগ্ৰেছৰ চৰকাৰ আহি আছে৷ ২০২৬ত আমাৰ চৰকাৰ আহিলে বোৱাৰীসকলক ন লখিমী আঁচনি নামেৰে মাহে ২,৫০০ টকাকৈ দিয়া হ’ব, গেছৰ চিলিণ্ডাৰ গ্ৰাহকে ৫০০টকাত লাভ কৰিব আৰু বিদ্যুৎ মাচুল ২০০ইউনিটলৈ ৰেহাই দিয়া হ’ব, ২০হাজাৰ ৩১৯খন শিক্ষানুষ্ঠান পুনৰুজ্জীৱিত কৰা হ’ব৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ৷ লখিমপুৰ জিলাৰ নৱ-গঠিত ৰঙানদী সমষ্টিৰ শান্তি সংঘত আজি অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন যোগদান সভাত অংশগ্ৰহণ কৰি ভূপেন কুমাৰ বৰাই এনেদৰে মন্তব্য কৰে৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ বিজেপি, অগপ আদিৰ পৰা অহা ডেৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি এনেদৰে যোগদান কৰাৰ সময়ত ভূপেন কুমাৰ বৰাই আৰু কয়– অহা ১৭তাৰিখেও কাৰ্বি আংলঙত আমাৰ যোগাদন কাৰ্যসূচী আছে৷ তাতো বহু বিজেপিয়ে কংগ্ৰেছত যোগদান কৰিব৷ দেশ আৰু ৰাজ্যত এতিয়া শাসকৰ নামত শোষক গাদীত বহি থকা বুলি উল্লেখ কৰি বিজেপিৰ দিনত বনজ সম্পদ, শিল-বালি, গছ-গছনিকে ধৰি চুপাৰি আদিৰ ক্ষেত্ৰত চিণ্ডিকেট চলিছে বুলি উল্লেখ কৰে৷ হিমন্ত বিশ্বই সৰ্বানন্দ সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰী হোৱা বুলি উদাহৰণসহ কয় যে মহাভাৰতত ধৃতৰাষ্ট্ৰই সঞ্জয়ক ডিঙি চেপি মৰাৰ চেষ্টা কৰিছিল৷ আমাৰ এজন মানুহ বিজেপিবিৰোধী এটা অনুষ্ঠান বুলি ব্যক্ত কৰি কংগ্ৰেছে বিজেপিৰ লগত ব্যক্তিগত যুদ্ধত নমা নাই৷ কংগ্ৰেছে অসমৰ ছয় জনগোষ্ঠী, বানমুক্ত, দুৰ্নীতিমুক্ত কৰাৰ বাবেহে যুঁজত নামিছে৷ কংগ্ৰেছত ধৰ্ম, ভাষা, জাত-পাতৰ বিভেদ নাই বুলি উল্লেখ কৰে৷ ২০২৬ৰ নিৰ্বাচনত লখিমপুৰ জিলাৰ পাঁচোটা সমষ্টিৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থী বিজয় কৰাই দিছপুৰত চৰকাৰ গঠনত সহায় কৰিব বুলি কয়৷ কংগ্ৰেছ ক্ষমতালৈ আহিলে এছ আই টি গঠন কৰি সকলো দুৰ্নীতি, অনিয়মৰ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে৷ উল্লেখ্য, লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই কংগ্ৰেছত যোগদান সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে ভূপেন বৰাৰ উপস্থিতিত বিজেপিৰ লখিমপুৰ জিলাৰ কাৰ্যনিৰ্বাহক সদস্য তথা আইন কোষৰ উপদেষ্টা তথা অধিবক্তা হৰেণ শৰ্মাৰ নেতৃত্বত প্ৰায় ডেৰশ বিজেপি-অগপ দলৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে৷ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক [প্ৰশাসনিক] গংগাজ্যোতি টায়েগামে আঁতধৰা আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় নেতা জিণ্টু হাজৰিকা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, শিক্ষা কোষৰ অধ্যক্ষ ড॰ পদ্মেশ্বৰ দলে, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচুম লাহন আদি বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

কাৰ্বি আংলং জিলাত তুংগত দলবাগৰা ৰাজনীতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পাহাৰত উত্তাল হৈ পৰিছে ৰাজনীতি৷ ৰাজ্যত শাসক-বিৰোধীৰ তৎপৰতা তুংগত উঠাৰ দৰে পাহাৰতো বিৰোধী দলত যোগদান কৰা-নকৰাক লৈ এতিয়া ৰাজনীতি তুংগত উঠিছে৷ কালি কংগ্ৰেছ দলে প্ৰাক্তন বিধায়ক তথা কাৰ্যবাহী সদস্য জগতছিং ইংতিসহ আন দুজন প্ৰাক্তন কাৰ্যবাহী সদস্যই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব বুলি সংবাদ মেলযোগে ঘোষণা কৰাৰ লগে লগে এই তিনিজন নেতাক বিজেপি ত্যাগ নকৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা চলিছে৷ জিলা কংগ্ৰেছ সভাপতি চুম ৰংহাঙে সংবাদ মেলযোগে ১৯ নৱেম্বৰত ভূপেন বৰাৰ উপস্থিতিত বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক আৰু পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদৰ প্ৰাক্তন অধ্যক্ষ আৰু কাৰ্যবাহী সদস্য লংকি তিমুং আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছাই কংগ্ৰেছত যোগদান কৰিব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ বিপৰীতে আজি লংকি তিমুঙে তেনে কোনো সিদ্ধান্ত তেওঁ এতিয়াও গ্ৰহণ কৰা নাই বুলি একাংশ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ উল্লেখ্য, এই তিনি নেতাৰ সৈতে বিজেপিৰ বহু শীৰ্ষ নেতাই যোগাযোগ কৰি দলত্যাগ নকৰিবলৈ হেঁচা দিয়া বুলি এক নিশ্চিত সূত্ৰই প্ৰকাশ কৰিছে৷ লক্ষ্যণীয় কথাটো হ’ল হাওৰাঘাটৰ প্ৰাক্তন বিজেপি বিধায়ক জয়ৰাম ইংলেঙে দলত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পাছত আৰু ইণ্ডিয়া জোঁটবন্ধনত বিৰোধী ৰাজনৈতিক দল এপিএইচএলচি দলৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনাই পাহাৰত বিজেপিৰ বৰঘৰত কঁপনি তুলিছে তাত কোনো সন্দেহ নাই৷

পশ্চিম কাৰ্বি আংলং জিলাত বিজেপিৰ ১০৪জন কংগ্ৰেছলৈ

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদকঃ কাৰ্বি আংলঙত বিজেপিয়ে আমুৱাইছে বিজেপি সদস্যক৷ বিজেপিৰ কথা এটা, কাম অন্য এটা৷ বিজেপিয়ে ‘সব কা চাথ, সবকা বিকাশৰ’ কথা কয় যদিও দুখীয়া জনগনৰ উন্নয়নৰ স্বাৰ্থত কাম নকৰে৷ এনে বহু অভিযোগ তুলি মঙলবাৰে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে পশ্চিম কাৰ্বি আংলঙৰ শতাধিক বিজেপি আৰু অন্য দলৰ নেতা-কৰ্মীয়ে৷ হেৰুওৱা গাদী পুনৰউদ্ধাৰৰ লক্ষ্যৰে কাৰ্বি পাহাৰত কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ আগন্তুক লোকসভা নিৰ্বাচনত ডিফু লোকসভা সমষ্টি পুনৰউদ্ধাৰৰ লক্ষ্যৰে কাৰ্বি আংলঙত চলিছে কংগ্ৰেছৰ জিন্দাবাদ ধবনি৷ একগোট হৈছে সকলো পুৰণি কংগ্ৰেছৰ নেতা-কৰ্মী৷ শেহতীয়াকৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন হাওৰাঘাট সমষ্টিৰ বিজেপি বিধায়ক জয়ৰাম ইংলেং পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাত কাৰ্বি পাহাৰৰ কংগ্ৰেছ দললৈও ঘূৰি আহিছে সজীৱতা৷ লগে লগে কাৰ্বি আংলঙত ভাঙনমুখী হোৱা কংগ্ৰেছে আৰম্ভ কৰিছে ব্যাপক সাংগঠনিক তৎপৰতা৷ এই উপলক্ষে কালি পশ্চিম কাৰ্বি আংলঙৰ দোৱাৰ আমলাৰ ‘বৰকক’ত কংগ্ৰেছে অনুষ্ঠিত কৰে এক নিৰ্বাচনমুখী সভা৷ ‘মণ্ডলে মণ্ডলে কংগ্ৰেছ জোড়’ কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত এই সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি বিজেপি আৰু অন্যান্য দলৰ ১০৪জন নেতা-সদস্যই কংগ্ৰেছত যোগদান কৰে৷ সভাত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটীৰ সভাপতি সিং টেৰণ, প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙকে ধৰি, জিলাখনৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আদিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে৷ ‘আমাৰ দৰে মানুহে বিজেপিত যোগদান কৰাই ভুল আছিল৷’ সভাত ভাষণ দি এই মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান কংগ্ৰেছৰ নেতা জয়ৰাম ইংলেঙৰ৷ বিজেপি ত্যাগ কৰি পুনৰ কংগ্ৰেছলৈ ঘূৰি অহা জয়ৰাম ইংলেঙে বিজেপিক মিছলীয়া আখ্যা দি আগন্তুক লোকসভা নিৰ্বাচনত ডিফু সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিব বুলি মন্তব্য কৰে৷  মুজং ফাংচৱে আঁতধৰা সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপিৰ উপ-সভাপতিসকল ক্ৰমে লৰমেন ফাংচ’, বিজয় টেৰণ, ৰূপচি্‌ং বংৰুম, জয়চিং টিমুং, জাতিৰাম পাটৰ, জিলা সম্পাদক হেমাৰী ক্ৰ’, যুৱ কংগ্ৰেছৰ সম্পাদক ৰাজীৱ মিলিক, ৰবিন ৰংহাং, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী কাৰেং ফাংচপী, যুৱ কংগ্ৰেছৰ মংগলচিং টেৰণ, বংচিং ৰংপী, ডংকা টাউন সমিতিৰ ৱাৰ্ড কমিচনাৰ ললিত টকবী, ৰিতা টেৰণপী আদি কংগ্ৰেছৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে৷ সভাত যোৱা পৰিষদৰ নিৰ্বাচনত এ এছ ডি চি দলৰ পৰা দোৱাৰ আমলাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চৰকাৰ ফাংচুকে ধৰি ১০৪জন বিজেপি দলৰ লগতে অন্য দলৰ পৰা আহি কংগ্ৰেছত যোগদান কৰে৷  বিজেপিৰ পৰিষদৰ ই এম প্ৰভাত টাৰো,  চি ইএম তুলিৰামৰ গৃহত কংগ্ৰেছৰ এনে সভাই তাৎপৰ্য প্ৰদান কৰিছে৷