Logo
image

পুনৰ মোদী প্ৰধানমন্ত্ৰী হ’লেই ভাৰত হ’ব বিশ্বগুৰু

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ নৱেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি থকা দেশ আৰু বিদেশৰ আস্থাৰ গেৰাণ্টী দিয়ে আৰু পুনৰ মোদী প্ৰধানমন্ত্ৰী হ’লে ভাৰত বিশ্বগুৰু হ’ব বুলি দাবী কৰে৷ ছত্তীশগড়ৰ ৰাজিমত এখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ মানুহে, উত্তৰ প্ৰদেশৰ মানুহে মোদীৰ গেৰাণ্টী কি বুজি পায়৷ মোদীৰ গেৰাণ্টী ছত্তীশগড়ৰ জনতায়ো বুজি পাব৷ মোদীৰ গেৰাণ্টীৰ অৰ্থ হ’ল– কাম হৈ যোৱা৷ হিমন্ত বিশ্ব শৰ্মাই কয় যে দেশৰ কথা বাদেই মোদীয়ে ক’লে বিশ্বত চলি থকা যুদ্ধও ৰৈ যায়৷ তেওঁ কয়– ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হওঁতে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰি অনাৰ বাবে তেওঁ ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক যুদ্ধ বন্ধ কৰিবলৈ কৈছিল৷ হিমন্ত বিশ্বৰ দাবী, তেতিয়া দুয়োজন নেতাই যুদ্ধ বন্ধ কৰি দিয়ে আৰু ভাৰতে সকলোকে উদ্ধাৰ কৰি আনে৷ এনে এজন ব্যক্তি পুনৰ প্ৰধানমন্ত্ৰী হ’লে ভাৰত বিশ্বগুৰু হ’বই বুলি তেওঁ মন্তব্য কৰে৷