Logo
image

জনপ্ৰিয় গায়ক, সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ নাম পদ্মশ্ৰীৰ বাবে প্ৰেৰণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ নৱেম্বৰঃ প্ৰতি বছৰে দেশৰ গণৰাজ্য দিৱসৰ দিনটোত ঘোষণা কৰা হয় পদ্ম বঁটাসমূহ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰি দিয়া কমিটীয়ে জনোৱা অনুমোদানৰ ভিত্তিত ঘোষণা কৰা হয় উক্ত বঁটা৷ কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাকে ধৰি নটা বিশেষ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয় পদ্ম বঁটাসমূহ৷ ‘আমাৰ অসম’ৰ হাতত পৰা তথ্যমতেঅসম চৰকাৰে দুজন লোকৰ নাম পদ্মশ্ৰী সন্মানৰ বাবে তালিকাভূক্ত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ অসম চৰকাৰে প্ৰেৰণ কৰা তালিকাত আছে এজন জনপ্ৰিয় গায়ক আৰু অসমৰ সংবাদ প্ৰতিষ্ঠানৰ এজন স্বত্ত্বাধিকাৰীৰ নাম৷ উল্লেখ্য, ভাৰতৰত্ন, পদ্মবিভূষণ, পদ্মভূষণৰ পাছতে পদ্মশ্ৰী সন্মানৰ স্থান৷ পদ্মশ্ৰী ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান৷ পদ্ম এৱাৰ্ড কমিটীয়ে জনোৱা অনুমোদনৰ ভিত্তিত গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰা হয় উক্ত বঁটা৷ পহিলা মে’ত মুকলি কৰা হৈছিল পদ্ম সন্মানৰ বাবে মনোনয়ন প্ৰদান প্ৰক্ৰিয়া৷ মনোনয়ন প্ৰদানৰ অন্তিম দিন ঘোষণা কৰা হৈছিল ১৫ ছেপ্টেম্বৰ৷ মনোনয়ন প্ৰক্ৰিয়া সকলোৰে বাবে মুকলি আছিল৷ কোনো ব্যক্তি বিশেষৰ নাম পদ্মশ্ৰী সন্মানৰ বাবে ৰাইজে প্ৰেৰণ কৰিব পাৰে বা কোনো ব্যক্তিবিশেষে নিজাববীয়াকৈ পদ্মশ্ৰী সন্মানৰ বাবে মনোনয়ন দাখিল কৰিব পাৰে৷ অনলাইনৰ জৰিয়তে দাখিল কৰিব লাগে পদ্ম সন্মানৰ মনোনয়ন৷ ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পদ্মশ্ৰী সন্মানৰ বাবে যি দুজন লোকৰ নাম প্ৰেৰণ কৰিছে, তেওঁলোকৰ বিষয়ে সবিশেষ তথ্যও ইয়াৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে৷ ৰাইজ বা ব্যক্তিবিশেষে পদ্ম সন্মানৰ বাবে কোনো লোকৰ নাম নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে প্ৰেৰণ কৰিব পাৰে যদিও সাধাৰণতে ৰাজ্য চৰকাৰে যদি কোনো লোকৰ নাম এই সন্মানৰ বাবে প্ৰেৰণ কৰে, তেন্তে কেন্দ্ৰীয় চৰকাৰে এই নামৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাটো প্ৰচলিত নিয়ম৷