Logo
image

কাইলৈ মধ্যপ্ৰদেশ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ আৰু ছত্তীশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ডিজিটেল ডেস্কঃ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ আৰু ছত্তীশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। শুকুৰবাৰে মধ্যপ্ৰদেশ বিধানসভাৰ ২৩০খন আসনৰ বাবে আৰু ছত্তীশগড় বিধানসভাৰ ৭০খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব। ছত্তীশগড় বিধানসভাৰ ২০খন আসনৰ বাবে ভোটগ্ৰহণ যোৱা ৭ নৱেম্বৰতে অনুষ্ঠিত হৈছিল। কাইলৈ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব।  মধ্যপ্ৰদেশৰ ২৩০টা সমষ্টিত ৫.৬ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ২.৮৮ কোটি পুৰুষ ভোটাৰ আৰু ২.৭২ কোটি মহিলা ভোটাৰ।

ইফালে, ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ত, ৭০খন আসনৰ বাবে বিভিন্ন দলৰ মুঠ ৯৫৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ১৮ হাজাৰ ৮০০ তকৈও অধিক ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১.৬৩ কোটি ভোটাৰে অংশ ল’ব। ইয়াৰে ৮১.৪১ লাখ পুৰুষ ভোটাৰৰ বিপৰীতে ৮১.৭২ লাখ মহিলা ভোটাৰ।ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ৭০টা সমষ্টিৰ ভিতৰত ৬১টা সমষ্টিতে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, আনহাতে বিন্দ্ৰানাৱগড় বিধানসভা সমষ্টিৰ ৯টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।