Logo
image

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভেটি কঁপাই পাঁচ সহস্ৰাধিকৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, লখিমপুৰঃ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰত বৃহস্পতিবাৰে বিজেপিত বিশাল যোগদানেৰে কংগ্ৰেছক গেৰুৱা দলটোৱে বৃহৎ প্ৰত্যুত্তৰ দিয়ে। বিভিন্ন ক্ষেত্ৰৰ পাঁচ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰি এক প্ৰকাৰে কংগ্ৰেছক প্ৰত্যাহ্বান জনায়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুবাৰকৈ প্ৰতিনিধিত্ব কৰা বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ কৰ্মীৰ উপৰিও অসম আন্দোলনৰ নেতা , প্ৰাক্তন অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাক্তন ছাত্ৰ নেতা, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ 

এই যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ভূপেন কুমাৰ বৰাক ক্ষুৰধাৰ সমালোচনা কৰে। 'মিচন টুৱেলভ প্লাছ' লক্ষ্যত বিজেপি উপনীত হ’ব বুলি কলিতাই মন্তব্য কৰাৰ লগতে সম্প্ৰতি কংগ্ৰেছ নিঃশেষ হোৱা বুলি কলিতাই দাবী কৰে ৷ আজমল অসমৰ বাবে ফেক্টৰ নহয় আৰু কংগ্ৰেছৰ বাবেহে আজমলেই মূল ইন্ধন বুলিও কয়৷ কলিতাই আৰু কয় - আজমল আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ কংগ্ৰেছৰ লগত এইবাৰ আমাৰ কনটেষ্ট নহয়, এ আই ইউ ডি এফৰ লগতহে আমাৰ কনটেষ্ট হ’ব ৷ কংগ্ৰেছ দলটো ভূপেন বৰাই শেষ কৰি পেলালে বুলিও কয় ভৱেশ কলিতাই ৷ 

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই বিশাল যোগদান কাৰ্যসূচীত মাজুলীৰ বিধায়ক ভুবন গাম, লখিমপুৰ জিলা বিজেপিৰ প্ৰভাৰী ৰিতুবৰণ শৰ্মা প্ৰমুখ্যে গেৰুৱা দলটোৰ বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে বুধবাৰে লখিমপুৰৰ ৰঙানদী সমষ্টিত ভূপেন বৰাৰ উপস্থিতিত ডেৰ শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছিল।