Logo
image

ছেবা বিলুপ্ত, ৰাজ্যিক স্কুল শিক্ষা ব’ৰ্ডৰ মুৰব্বী জৈন?

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ নৱেম্বৰঃ ‘অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা আৰু নাথাকিব৷ বিলুপ্ত হ’ব ছেবা৷ ছেবা আৰু শিক্ষা সংসদক একত্ৰীকৰণ কৰি গঠন কৰা হ’ব অসম ৰাজ্যিক স্কুল শিক্ষা বৰ্ড বা আছাম ষ্টেট স্কুল এডুকেশ্বন বৰ্ড৷’ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠক এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেবিনেটৰ সিদ্ধান্ত সমূহ এক সংবাদমেলত সদৰি কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়–‘শীঘ্ৰে ছেবা আৰু সংসদক একত্ৰীকৰণ কৰি ৰাজ্যিক স্কুলীয়া বৰ্ড গঠনৰ বাবে বিধানসভাত বিধেয়ক অনা হ’ব৷ এই বিধেয়ক আহিলেহে নতুন বৰ্ডৰ সম্পূৰ্ণ গাঁথনি স্পষ্ট হ’ব৷ মূলতঃ নতুন বৰ্ডত এজন অধ্যক্ষ আৰু দুজন উপাধ্যক্ষ থাকিব৷ ষষ্ঠ শ্ৰেণীৰ পৰা   নৱম শ্ৰেণীলৈ এজন উপাধ্যক্ষৰ অধীনত থাকিব৷ একাদশ আৰু দ্বাদশ শ্ৰেণী আন এজন উপাধ্যক্ষৰ অধীনত থাকিব৷ নতুন শিক্ষানীতি অনুসৰি দশম শ্ৰেণী বা মেট্ৰিকৰ ব্যৱস্থা নাথাকিব৷ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাহে স্কুলীয়া শিক্ষাৰ মেইন হ’ব৷’ লক্ষণীয় ছেবা বিলুপ্ত হ’লেও ছেবাৰ বৰ্তমানৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ ওপৰতেই নতুন ৰাজ্যিক স্কুলীয়া বৰ্ডৰো দায়িত্ব ন্যস্ত হ’ব নেকি বুলি চৰ্চা হৈছে৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলকে ধৰি অলেখ বিতৰ্কৰ পাছতো অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া (মনোনীত) ৰমেশ চান্দ জৈনে  ২০১৬ চনৰ পৰাই ছেবাৰ অধ্যক্ষৰ দায়িত্বত ন্যস্ত হৈ আছে৷ চৰকাৰ সলনি হ’ল যদিও ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ চকী নৰলিল৷ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱা সুবাদতে জৈন প্ৰায় দশক ধৰি ছেবাৰ অধ্যক্ষ হিচাপে নিয়োজিত আছে৷ জৈনৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই ৰাজ্যিক স্কুল বৰ্ড গঠন কৰি পুনৰ তেওঁকেই চৰকাৰে এই বৰ্ডৰো অধ্যক্ষৰ দায়িত্ব দিব বুলি দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই সদৰি কৰিছে৷ শেহতীয়াকৈ ৰমেশ জৈনৰ নেতৃত্বতে ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তিৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাটাও বিতৰ্কিত নিযুক্তিৰ লিখিত পৰীক্ষা পৰিচালনা কৰিছিল ছেবাই৷ ২৬ হাজাৰ নিযুক্তিৰ বাচনি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰা বুলি ৰমেশ চান্দ জৈনে দাবী কৰি আহিছে যদিও আজিলৈকে ২৬ হাজাৰ নিযুক্তিৰ প্ৰাৰ্থীয়ে লাভ কৰা প্ৰাপ্ত নম্বৰ, কাট অব মাৰ্ক ইত্যাদি তথ্য ৰাজহুৱা কৰিবলৈ সক্ষম নহ’ল৷ আজিৰ সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত ঘোষণা কৰে যে ‘৫ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবেও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে৷’ কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে বিধানসভাৰ অধ্যক্ষক অৱগত কৰা হ’ব৷’