Logo
image

এইবাৰ বয়সৰ ঊধবৰ্সীমা বান্ধি দিব আছুৱে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ নৱেম্বৰঃ আছু নেতাৰ বয়সক লৈ প্ৰায়ে বিভিন্ন বিতৰ্কৰ সূচনা হয়৷ আছুৰ বাহিৰে-ভিতৰে এই প্ৰসংগক লৈ সমালোচনা হোৱাটো সকলোৰে দৃষ্টিগোচৰ হৈ আহিছে৷ শেহতীয়াভাৱে বয়সৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ দিশে অগ্ৰসৰ হৈছে আছু৷ আগন্তুক মৰিগাঁও অধিৱেশনত এনে সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বয়সকে ধৰি আছুৰ বিভিন্ন দিশৰ সংস্কাৰ সাধন কৰাৰ বাবে সংবিধান সংশোধন কৰাৰ প্ৰক্ৰিয়া চলি আছে আছুৰ মজিয়াত৷ আছুৰ এটা শীৰ্ষ সূত্ৰ মতে নতুন সংবিধান অনুসৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত নাথাকিব ৪২ূবছৰৰ উধবৰ্ৰ নেতা৷ অৰ্থাৎ আছুৰ বয়সৰ উধবৰ্সীমা বান্ধি দিয়া হ’ব৷ আছুৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিশেষ তৎপৰতাত আছুৰ সংবিধান সংশোধনী প্ৰক্ৰিয়া চলি আছে৷ বয়স বিতৰ্কক লৈ দুলীয়াজান অধিৱেশনত লোৱা হৈছিল কেতবোৰ সিদ্ধান্ত৷ এই সিদ্ধান্তসমূহ মৰিগাঁও অধিৱেশনত কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে অসমৰ অন্যতম জাতীয় সংগঠনটো৷ বয়স বিতৰ্কৰ পৰা মুক্ত হ’বলৈ শেহতীয়াভাৱে বিশেষ উদ্যোগ লৈছে ছাত্ৰ সংগঠনটোৱে৷ উল্লেখ্য, ২১ নৱেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’ব আছুৰ অধিৱেশন৷ আছুৰ পৰৱৰ্তী  নেতা কোন হ’ব তাক লৈয়ো ব্যাপক চৰ্চা হৈছে৷ কোৱা বাহুল্য যে অসমৰ জাতীয় জীৱনৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে আছুৱে৷ ইফালে, আছুৰ মৰিগাঁও অধিৱেশনৰ বাবে ধন বিচৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ মতে আছুৰ মৰিগাঁও অধিৱেশনৰ বাবে একাংশ ব্যৱসায়ীৰ পৰা ২-৫ লাখ টকাকৈ বিচাৰিছে আছুৰ কৰ্মকৰ্তাই৷ একেদৰে শিক্ষকসকলক অধিৱেশনৰ বাবে এহাজাৰ টকাৰ বৰঙণি দিবলৈ কোৱা হৈছে৷ হয়তো আন চৰকাৰী কৰ্মচাৰীকো এনেদৰে বৰঙণি দিবলৈ কোৱা হৈছে৷