Logo
image

এসময়ৰ ‘দেশদ্ৰোহী’ ছামি আজি দেশৰেই নয়নৰ মণি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ নৱেম্বৰঃ জীৱনৰ খেলপথাৰত প্ৰতিটো খোজতে হামখুৰি খাই পৰা, কেৰিয়াৰৰ চূড়ান্ত অনিশ্চয়তা আৰু মুছলিম হৈ ভাৰতত জন্মগ্ৰহণ কৰাৰ অভিশাপ শিৰত লৈ মহম্মদ ছামিয়ে যিদৰে ক্ৰিকেটৰ পথাৰলৈ অভূতপূৰ্ব সাফল্যৰ প্ৰত্যাৱৰ্তন ঘটাইছে, সেয়া একমাত্ৰ তুলনা হয় ফিনিক্স পখীৰ চিৰন্তন মিথটোৰ সৈতে৷ অগ্নিত ভস্মীভূত হোৱাৰ পাছত যিদৰে সেই ভস্মৰ পৰা ফিনিক্স চৰাই জী উঠে, ঠিক সেইদৰে প্ৰতিবাৰেই ক্ৰিকেটৰ পথাৰত পুনৰ জনম লাভ কৰিছে ভাৰতীয় পেচাৰ মহম্মদ ছামিয়ে৷ বিশ্বকাপৰ ৫ খন মেচ খেলি ২৩টা উইকেটেৰে এতিয়া জাতীয় ক্ৰিকেট দলটোৰ মধ্যমণি হৈ উঠা মহম্মদ ছামিক মাথোঁ দুবছৰৰ পূৰ্বে দেশৰ সংখ্যাগুৰু জনতাই পাকিস্তানলৈ পঠিয়াইছিল৷ দেশৰ ৰাজনৈতিক ক্ষেত্ৰত এতিয়া বাবৰ, ঔংৰগজেৱক বিদায় দি ৰাম, কৌটিল্যক আদৰি লোৱাৰ পৰিৱেশত ইছলাম ধৰ্মাৱলম্বী মহম্মদ ছামি টীম ইণ্ডিয়াৰ মূল সেনাপতি হৈ উঠাৰ সময়ত সম্প্ৰতি দেশত তেওঁৰ ‘মৰ্যাদা’ক লৈ বিস্তৰ আলোচনা, বিতৰ্ক আৰম্ভ হৈছে৷ যি সময়ত দেশৰ চৰকাৰে মোগলৰ কীৰ্তি-কলাপ অদৃশ্য কৰাৰ প্ৰৱণতা প্ৰকট কৰি দেশত সংখ্যালঘূ মুছলিমক বিভিন্ন উপায়েৰে ত্ৰাসিত কৰি ৰখা বুলি বিতৰ্কৰ সৃষ্টি হৈছে, সেই সময়ত মহম্মদ ছামি ‘দেশপ্ৰেমিক’ নে ‘দেশদ্ৰোহী’ সেই প্ৰশ্ন পুনৰ প্ৰাসংগিক হৈ পৰিছে৷ কিয়নো, ২০২১ চনৰ ২৪ অক্টোবৰত টি-২০ বিশ্বকাপত যেতিয়া পাকিস্তানে ভাৰতক ১০ উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পৰা বিদায় দিছিল, তেতিয়া দেশৰ সংখ্যাগুৰু নাগৰিকে মহম্মদ ছামিক দেশদ্ৰোহী বুলি অভিহিত কৰি পাকিস্তানলৈ যাবলৈ আহ্বান জনাইছিল৷ বাবৰ আজম আৰু মহম্মদ ৰিজৱানে বিৰাট কোহলিৰ যিটো দলক ১০ উইকেটত পৰাভূত কৰিছিল, সেই ১১জন খেলুৱৈৰ বাকী ১০জনক ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে আক্ৰমণ কৰা নাছিল৷ সকলোৱে লক্ষ্য কৰি লৈছিল একমাত্ৰ মুছলিম সদস্য মহম্মদ ছামিক৷ বৈৰী দেশ পাকিস্তানৰ হাতত পৰাজিত হোৱাৰ কাৰণ দেশদ্ৰোহী মহম্মদ ছামি বুলি দেশৰ সংখ্যাগুৰু জনতাই অভিযোগ কৰিছিল৷ ছামিৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ভয়-ভাবুকিৰে ভৰি পৰিছিল৷ কৰা হৈছিল অশ্ৰাব্য গালি-গালাজ আৰু অপমানজনক দেশদ্ৰোহীৰ অভিযোগ৷ দেশৰ বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰ ছামিৰ কাষত থিয় দিছিল৷ আনকি অধিনায়ক বিৰাট কোহলিয়ে টীম ইণ্ডিয়া পাক দলটোৰ হাতত সৰ্বদিশতে পৰাজিত হোৱা বুলি কৈ ছামিক দেশবাসীৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিও সফল হোৱা নাছিল৷ মহম্মদ ছামিৰ একমাত্ৰ এপৰাধ আছিল তেওঁ মুছলিম৷

কিন্তু সেই দুবছৰৰ পূৰ্বৰ দেশদ্ৰোহী মহম্মদ ছামিৰ এতিয়া প্ৰতিটো উইকেটে দেশৰ বিশ্বকাপ বিজয়ৰ স্বপ্নক এখোজ এখোজ কৰি বাস্তৱৰ দিশে আগবঢ়াই নিছে৷ ৫ খন বিশ্বকাপৰ মেচত ২৩টা উইকেট আৰু প্ৰতিটো বলত অগ্নিস্ফূলিংগৰ সৃষ্টি কৰি বিধবংসী ৰূপ লোৱা মহম্মদ ছামি এতিয়া হঠাতে দেশৰ জনতাৰ বাবে ‘ব্লু আইড বয়’ত পৰিণত হৈছে৷ ছেমি ফাইনেলত সাতটা উইকেটৰ মাৰাত্মক স্পেলৰ পূৰ্বেই দেশবাসীক সেই সপোন ৰচনা কৰিবলৈ সুযোগ কৰি দিছে ছুইঙৰ নতুন চুলতান ছামিয়ে৷ ৰাউণ্ড ৰবিন লীগৰ খেলিবলৈ সুযোগ পোৱা মেচকেইখন হিচাপৰ বাহিৰত ৰাখিব নোৱাৰি৷ কিন্তু বুধবাৰে ছেমি ফাইনেলৰ নক আউট মেচত ভাৰতে প্ৰথমে বেটিং কৰি যিমানেই ৩৯৭ ৰান নকৰক, মহম্মদ ছামি নাথাকিলে মেচৰ শেষত ৰোহিত শৰ্মাই হাঁহি হাঁহি ৱাংখেড়ে ষ্টেডিয়াম এৰিব পাৰিলেহেঁতেন নে নাই সন্দেহ আছিল৷ সেই মহম্মদ ছামিক লৈ এতিয়া পুনৰ ছ’চিয়েল মিডিয়া উত্তাল৷ ছামিক প্ৰশংসা কৰাসকলক অনেকেই মনত পেলাই দিছে ২০২১ চনৰ ২৪-২৫ অক্তোবৰ আৰু তাৰ পৰৱৰ্তী কিছুদিনৰ কথা, যেতিয়া মহম্মদ ছামি আছিল দেশদ্ৰোহী৷ প্ৰশ্ন কৰিছে, এতিয়া ছামিৰ সাফল্যত অভিনন্দন জনোৱা ৰাষ্ট˜নেতা তেতিয়া কিয় ছামিৰ সমৰ্থনত আগবাঢ়ি অহা নাছিল৷ আক্ষৰিক অৰ্থতে ছামি এতিয়াও পুনৰ বিতৰ্কত, ছ’চিয়েল মিডিয়াৰ নেটিজেন পুনৰ দ্বিধাবিভক্ত৷ এইবাৰ মহম্মদ ছামিৰ সমৰ্থনক লৈ৷

হাৰ্ডিক পাণ্ডিয়াৰ আঘাত যেন এই বিশ্বকাপত মহম্মদ ছামি আৰু টীম ইণ্ডিয়াৰ বাবে শাপেই বৰ হ’ল৷ প্ৰথম চাৰিখন মেচত বেঞ্চত বহি থকা ছামিয়ে খেলাৰ সুযোগেই নাপালেহেঁতেন, যদিহে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া আগাতপ্ৰাপ্ত নহ’লহেঁতেন৷ এতিয়া অধিনায়কৰ ব্ৰহ্মাস্ত্ৰত পৰিণত হোৱা ছামিৰ পৰিৱৰ্তে ৰোহিত শৰ্মাই প্ৰথম চাৰি মেচত নিৰ্ভৰ কৰিছিল হাৰ্ডিক পাণ্ডিয়া, শাৰ্দুল ঠাকুৰৰ ওপৰত৷ কিন্তু দলৰ পঞ্চম মেচত খেলাৰ সুযোগ পায়েই যেতিয়া ৫ উইকেটেৰে মহম্মদ ছামিয়ে প্ৰতিপক্ষ নিউজীলেণ্ডক বিদীৰ্ণ কৰিলে, সেইদিনাৰ পৰা তেওঁ থমকি ৰ’বলগীয়া হোৱা নাই৷ এই মুহূৰ্তত যদি পূৰ্বতকৈয়ো সক্ষম হৈ হাৰ্ডিক পাণ্ডিয়া উভতি আহে (যিটোৰ কোনো সম্ভাৱনা নাই) আৰু ৰোহিত শৰ্মাই ছামিক মূল একাদশৰ পৰা ‘ড্ৰপ’ কৰে, তেন্তে নিৰ্ঘাত দেশদ্ৰোহী হৈ পৰিব অধিনায়ক ৰোহিতহে৷ বিগত এবছৰ ধৰি বগা বলৰ পৰা আঁতৰাই ৰাখি দেশৰ নিৰ্বাচকে মহম্মদ ছামিক কেৱল টেষ্ট ক্ৰিকেটাৰ কৰি তুলিছিল৷ আনকি তেওঁক বিশ্বকাপৰ দলত স্থান দিওতে সমালোচনাৰ জোৱাৰ উঠিছিল– এদিনীয়া মেচত কি কৰিব ছামিয়ে৷ কিন্তু সদায় বীৰ বিক্ৰমেৰে প্ৰত্যাৱৰ্তন ঘটোৱা ছামিয়ে মুখেৰে একো মাত মতা নাছিল৷ ৪ খন মেচত বেঞ্চত বহি অপেক্ষা কৰি আছিল সুযোগলৈ৷ সকলো অবজ্ঞাৰ উত্তৰ মুখেৰে নহয়, বাৰে বাৰে বলেৰে দিয়াৰ দৰে এইবাৰো বলেৰেই জবাব দিলে ছামিয়ে৷ সুযোগ পায়েই বল হাতত লৈ বগা বলৰ ‘ছিম’ সঠিক স্থানত ৰাখিছে ছামিয়ে আৰু এই বিশ্বকাপত হৈ উঠিছে ‘চুলতান অব ছুইং’৷

পাৰিবাৰিক জীৱনো তেনেই বিপৰ্যস্ত ছামিৰ৷ সুন্দৰী পত্নীয়ে ইতিমধ্য এৰি গৈছে মহম্মদ ছামিক আৰু বিবাহ বিচ্ছিন্না পত্নী হাছিন জাহানে দিয়া গোচৰত আদালতৰ জামিন লৈ বিশ্বকাপ খেলি ত্ৰাসৰ সঞ্চাৰ কৰিছে তেওঁ৷ পত্নী হাছিন জাহানে ছামিৰ বিৰুদ্ধে মাৰধৰ, অত্যাচাৰৰ অভিযোগ উত্থাপন কৰাৰ ঘটনাই কেইবাবছৰ অতিক্ৰম কৰিলে৷ সেই গোচৰত ছামি গ্ৰেপ্তাৰ হ’লহেঁতেন, যদিহে তেওঁ বিশ্বকাপৰ পূৰ্বে জামিন নল’লেহেঁতেন৷ এতিয়া ছামিয়ে জামিনত থাকি বিশ্বকাপ খেলিছে আৰু নিজৰ মেচত পাৰিবাৰিক সমস্যাৰ প্ৰভাৱ পৰিবলৈ নিদিয়াকৈ দেশবাসীক বিশ্বকাপ চেম্পিয়নৰ কাষ চপাই নিছে৷ জীৱনৰ খেলপথাৰত প্ৰতিটো খোজত উজুটি খালেও ক্ৰিকেটৰ ফিল্ডত তাৰ প্ৰভাৱ পৰিবলৈ নিদিয়া মহম্মদ ছামি ভাৰত বিশ্বকাপৰ চেম্পিয়ন হ’লে তেতিয়ালৈকে বীৰ হৈ থাকিব, যেতিয়ালৈকে দেশৰ ক্ৰিকেট অনুৰাগীয়ে বিৰাট কোহলিক এই বিশ্বকাপৰ বীৰ হিচাপে পূজা কৰিব৷ কিয়নো ভাৰত সম্ভাব্য বিশ্ব চেম্পিয়ন হোৱাৰ পথত ছামিৰ অবদানো সিমানেই, যিমান বিৰাট কোহলিৰ৷ সম্ভৱতঃ ভাৰত বিশ্ব চেম্পিয়ন হ’লে ছামি আৰু দেশদ্ৰোহী হৈ নাথাকিব৷