Logo
image

উচ্চতম ন্যায়ালয়লৈ যাব ‘ব্যৰ্থ’ আৰক্ষী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ নৱেম্বৰঃ স্বামী আৰু শাহুৰ পৰিকল্পিত নৃশংস হত্যাত অভিযুক্ত কুখ্যাত বন্দনা কলিতাই তদন্তকাৰী আৰক্ষীৰ দায়িত্বহীনতাৰ বাবে আদালতৰ পৰা জামিন লাভ কৰাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ স্মাৰ্ট গুৱাহাটী আৰক্ষীয়ে ফৰেনছিক প্ৰতিবেদন আৰু পূৰ্ণাংগ অভিযোগনামা সময়মতে দাখিল কৰিব নোৱৰাৰ বাবেই শাহু-স্বামীক টুকুৰা-টুকুৰকৈ কটা বন্দনাই জামিন লাভ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত পলমকৈ হ’লেও নিজৰ অকৰ্মণ্যতা মানি লৈছে আৰক্ষীয়ে৷ একমাত্ৰ আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হোৱা স্বামী-শাহুহন্তা বন্দনাই এতিয়া অসম আৰক্ষীক অট্টহাস্য কৰি ছানগ্লাছ পিন্ধি অনুতপ্তহীনভাৱে আদালতত হাজিৰ হোৱাও দেখা গৈছে৷ অৱশ্যে সময়ত পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিবলৈ সক্ষম নোহোৱা মহানগৰ আৰক্ষীয়ে সৰ্বত্ৰ গ্লানিৰ পাছত বন্দনা কলিতাৰ জামিনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে৷ শীঘ্ৰেই বন্দনা কলিতাক নিম্ন আদালতে জামিন প্ৰদান কৰা ৰায়ৰ বিৰোধিতাৰে আৰক্ষীয়ে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব৷ বন্দনাৰ জামিনৰ বিৰোধিতাৰে মহানগৰ আৰক্ষীয়ে সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই মৃত শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ আত্মীয় নিৰ্মাল্য দে’ক জামিবলৈ দিছে৷ বন্দনাক জামিনৰ ৰায়ৰ বিৰোধিতাৰে এই আইনী পদক্ষেপ গ্ৰহণৰ পৰিকল্পনাৰ কথা আৰক্ষী আয়ুক্তই দুদিন পূৰ্বে অৱগত কৰা বুলিও শংকৰী দে’ৰ ভতিজা নিৰ্মাল্য দে’য়ে জানিবলৈ দিছে৷ ঘাটক বন্দনা আৰু সহযোগী আন দুই অভিযুক্তই জামিন লাভ কৰা বিষয়টো অলপো সন্তুষ্ট নহয় বুলি মন্তব্য কৰিছে নিৰ্মাল্য দে’য়ে৷ কি পৰিস্থিতিত বন্দনাই জামিনত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল, সেই বিষয়টো জনাৰ বাবে দুদিন পূৰ্বে নিৰ্মাল্য দে’য়ে সাক্ষাৎ কৰিছিল আৰক্ষী আয়ুক্ত দিগন্ত বৰাক৷ এই সাক্ষাততে আৰক্ষী আয়ুক্তজনে নিম্ন আদালতৰ জামিনৰ ৰায়ৰ বিৰোধিতাৰে অচিৰেই পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহণৰ পৰিকল্পনাৰ কথা জানিবলৈ দিয়া বুলি নিৰ্মাল্যই সংবাদ মাধ্যমক জানিবলৈ দিছে৷ অভিযোগ অনুসৰি তদন্তকাৰী আৰক্ষীয়ে বন্দনা কলিতাৰ গ্ৰেপ্তাৰৰ পাছত নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত পূৰ্ণাংগ অভিযোগনামা দাখিল কৰাত ব্যৰ্থ হৈছিল৷ তদন্তকাৰী আৰক্ষীয়ে আংশিক অভিযোগনামা দাখিল কৰিছিল যদিও ফৰেনছিকৰ প্ৰতিবেদন লাভ নকৰাৰ দোহাই দি পূৰ্ণাংগ অভিযোগনামা দাখিলৰ পৰা বিৰত আছিল৷ তদন্তকাৰী আৰক্ষীৰ এই ইচ্ছাকৃত দুৰ্বল স্থিতিৰ বাবেই আইনী সুৰুঙাৰে প্ৰথমে ১১ অক্টোবৰত ধৃত অভিযুক্ত অৰূপ ডেকাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল৷ ইয়াৰ পাছতেই একেটা যুক্তিৰ আধাৰতে আন এটা অভিযুক্ত ধনটি ডেকাৰ পাছতেই মূল অভিযুক্ত বন্দনা কলিতাই কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ পৰা জামিন লাভ কৰে৷ ঘাটক বন্দনাই আইনী সুৰুঙাৰে জামিনত মুকলি আকাশৰ তললৈ অহাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত এইবাৰ ব্যৰ্থ মহানগৰ আৰক্ষীয়ে নিম্ন আদালতৰ ৰায়ৰ অৰ্থাৎ বন্দনা কলিতাৰ জামিনৰ বিৰোধিতাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰিকল্পনা কৰিছে৷