Logo
image

আজমল এটা প্ৰতীক, 'আজমলহঁত' মাজত আছে লাভ জেহাদী, ভূমি জেহাদী, চোৰ-ডকাইতঃ মন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল ডেস্কঃ আজমলৰ প্ৰতীকেৰে অসমত বহুত মানুহ আছে। তাৰ মাজত লাভ জেহাদী আছে, ডকাইত আছে, চোৰো আছে।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। সম্প্ৰতি চৰ্চা লাভ কৰা এটা বিষয় হৈছে 'আজমলহঁত’। এই আজমলহঁত কোন বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ মন্ত্ৰী হাজৰিকাই কয় যে আজমল এটা প্ৰতীক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজমল এটা প্ৰতীক। এই 'আজমলহঁত’ মাটি দখল কৰা মানুহ। আমাৰ যিটো লেণ্ড জেহাদ বুলি কয়, লাভ জেহাদ বুলি কয়, সেইবোৰ 'আজমলহঁত'ত আছে।

মন্ত্ৰী হাজৰিকাই লগতে কয় যে আজমল বিষয়টোত খিলঞ্জীয়া মুছলমানসকলৰ কথা অহা নাই। কিন্তু আমি আকৌ কৈছোঁ যে এই 'আজমলহঁত', অৰ্থাৎ যিখিনি মানুহ লাভ জেহাদী, ভূমি জেহাদী, চোৰ-ডকাইত তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিছোঁ। এই আজমলৰ প্ৰতীকত আব্দুল খালেকো আছে, বাংলাংদেশীয় মূলৰ মানুহখিনিৰ মাজতেই লাভ জেহাদী আছে, ভূমি জেহাদী আছে, চোৰ-ডকাইতৰ সংখ্যা বেছি আছে।

আজমলে অসমীয়াৰ স্বাভিমান চেলেং চাদৰ দলিয়াই দিয়াক লৈ মন্ত্ৰীজনে আৰু কয় যে আপোনালোকে প্ৰতিক্ৰিয়া বিচাৰে কিয়? আপোনালেকে বদৰুদ্দিন আজমলক ডাঙৰ মানুহ সজাই দিয়ে, কেতিয়াবা তেওঁ ক’ৰবাত ১ লাখ টকা এটা দি আহিলে আমিয়ে তেওঁক ভগৱান সজাই দিওঁ। সেইটো কৰিয়ে আমি জাতিটো নষ্ট কৰি আছোঁ। আজমলৰ লগত আমাৰ কোনো মতলব নাই। আজমল যদি সুমেৰুত, আমি কুমেৰুত। এটা কথা ঠিক যে 'আজমলহঁত’ৰ পৰা আমি অসমীয়া জাতিটো বাচিব লাগিব। তাৰ কাৰণে আমি সকলোৱে একলগ হ’ব লাগিব। মন্ত্ৰী হাজৰিকাই পুনৰ কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিছে যে 'আজমলহঁত’ৰ মাজত কোন কোন আছে। আজমলহঁতৰ মাজত বাংলাংদেশীয় মূলৰ মুছলমান আছে।