Logo
image

শৰাইঘাটৰ স্মৃতিত দীপৰ বিলত জলক্ৰীড়া

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বুৰঞ্জীত অন্যতম ঘটনা হিচাপে পৰিগণিত হোৱা ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত মোগলক মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই ব্ৰহ্মপুত্ৰত কিদৰে নাৱেৰে খেদি খেদি গৈ পৰাস্ত কৰি হাদিৰা চকী পাৰ কৰি থৈ আহিছিল তাক দীপৰ বিলত জলক্ৰীড়া অনুষ্ঠিত কৰি প্ৰতীকি ৰূপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ মোগলৰ আধিপত্যৰ পৰা অসমক ৰক্ষা কৰা যুদ্ধখনৰ নায়ক মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাজিত কৰাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় সেনাৰ যৌথ উদ্যোগত শুকুৰবাৰেৰ পৰা গুৱাহাটীৰ কাষৰীয়া ধাৰাপুৰ চাৰিআলিৰ সমীপৰ দীপৰ বিলত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে 'ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল' শীৰ্ষক জলক্ৰীড়া। 

ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ অধীনৰ ৰেড হৰ্ণচ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত 'ৰাইজিং ছান ৱাটাৰ ফেষ্ট-ৰিভিষ্টিং শৰাইঘাট ২০২৩' শীৰ্ষক এক বিশেষ জলক্ৰীড়া উদ্ধোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী বিমল বৰাই চমু ভাষণত জলক্ৰীড়া উদযাপনৰ তাৎপৰ্য দাঙি ধৰি কয় ইয়াত ক্ৰীড়া আৰু সংস্কৃতিৰ এক সুন্দৰ সমাহৰ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। উঠি অহা যুৱ প্ৰজন্মই মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব, দেশপ্ৰেম আদিৰ বিষয়ে যাতে ভালকৈ জানিব পাৰে তাৰ বাবেও জলক্ৰীড়াত বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাই সদৰি কৰে। 

অনুষ্ঠানত ভাগ লৈ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই চমু ভাষণত দীপৰ জীৱ, বন্যজন্তু, চৰাই - চিৰিকতি আদিৰ কোনো হানি-বিঘিনি নকৰাকৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰি বিলখনক কাশ্মীৰৰ ডাল লেক বা উৰিষ্যাৰ চিল্কা হ্ৰদৰ দৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীত কৰিব পাৰি তাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আঁচনি গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সেনাৰ চতুৰ্থ ক্ৰপছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেন্ট জেনেৰেল মনীষ এৰী, ৰেড হৰ্ণচ ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল বিশাল সিঙকে ধৰি সেনাৰ কেইবাজনো উচ্চপদস্থ বিষয়া অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ  কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। ইফালে জলক্ৰীড়াৰ লগত সংগতি ৰাখি দীপৰ বিলত পুৱাৰে পৰা সন্ধিয়ালৈ ৰাফটিং, কাইকিং, নৌকা চালনাকে ধৰি পানীত হোৱা বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়। 

সমান্তৰালভাৱে সেনাৰ তিনিখন হেলিকাপ্টাৰেও জাতীয় পতাকা উৰুৱাই বিলৰ চাৰিওফালে কেইবাবাৰো উৰি সকলোকে আপ্লুত কৰে৷ তেনেদৰে দীপৰ বিলৰ কাষৰীয়া ধাৰাপুৰ আৰু বৃহত্তৰ আজাৰা অঞ্চলৰ কেবাখনো শিক্ষানুষ্ঠানৰ ডেৰ হাজাৰৰো অধিক শিক্ষাৰ্থী, কাষৰীয়া অঞ্চলৰ কেইবাশ ৰাইজেও দীপৰ বিলৰ মহোৎসৱ উপভোগ কৰা পৰিলক্ষিত হয়। জলক্ৰীড়াৰ লগত সংগতি ৰাখি বিভিন্ন আত্মসহায়ক গোটৰ হস্ততাত আৰু বস্ত্ৰশিল্পৰ এখন বিশাল প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। সমান্তৰালভাৱে মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বহু শিল্পীয়ে নৃত্য-গীত  পৰিবেশন কৰে। উল্লেখ্য যে ২০ নৱেম্বৰৰ দিনা সন্ধিয়া মহোৎসৱৰ সামৰণি পৰিব। সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিষয়া, ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাকে ধৰি কেইবাজনো উচ্চপদস্থ সেনা বিষয়া উপস্থিত থাকিব। 

আনহাতে জলক্ৰীড়া অনুষ্ঠিত হোৱা স্থানৰ প্ৰতিটো চুকে-কোনে শৰাইঘাটৰ যুদ্ধৰ নায়ক মহাবীৰ লাচিত বৰফুকনকে ধৰি তেওঁৰ লগত থকা পালি সেনাপতিসকলৰ বিশাল মূৰ্তি সুন্দৰকৈ একেলগে উপস্থাপন কৰা হৈছে। তেনেদৰে শৰাইঘাটৰ যুদ্ধখন  ব্ৰহ্মপুত্ৰৰ পানীত হৈছিল আৰু নাৱেৰে মোগলক খেদি খেদি আহোম সেনাই হাদিৰা চকী পাৰ কৰি থৈ আহিছিল। উঠি অহা যুৱ প্ৰজন্মই অসম আৰু অসমীয়াৰ ভাগ্য নিয়ন্তা স্বৰূপ চাৰে তিনিশ বছৰ আগতে হোৱা শৰাইঘাটৰ যুদ্ধখনৰ বিষয়ে যাতে ভালকৈ জানিব পাৰে তাক জলক্ৰীড়াৰ ভিতৰে-বাহিৰে সুন্দৰকৈ উপস্থাপন  কৰা হৈছে। দীপৰ বিলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বৃহৎ জলক্ৰীড়াখন চাবলৈ নিশা পৰ্যন্ত পুৰুষ-মহিলা নিৰ্বিশেষে কাষৰীয়া অঞ্চলৰ ৰাইজৰ সোঁত বোৱা দেখা গৈছে ।