Logo
image

বিৰোধী ঐক্যৰ নিৰ্বাচনী ইছ্যু ‘মুখ্যমন্ত্ৰী’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ নৱেম্বৰঃ পোন্ধৰ দলীয় বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী ইছ্যু হ’ব ‘মুখ্যমন্ত্ৰী’৷ অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল কেন্দ্ৰিক দুৰ্নীতিক মূল বিষয়ৰূপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ১৫ দলীয় বিৰোধী ঐক্যমঞ্চ৷ তদুপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ ওপৰত আক্ৰমণ, ভাৰতৰ সাংবিধানিক ব্যৱস্থা ন্যায়পালিকাৰ প্ৰতি অহা প্ৰচণ্ড ভাবুকি আদি বিষয় অন্যতম নিৰ্বাচনী ইছ্যু হ’ব বিৰোধী ঐক্য মঞ্চৰ৷ শুকুৰবাৰে ১৫ দলীয় বিৰোধী ঐক্যমঞ্চৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ বৈঠকৰ সামৰণিৰ পাছত সংবাদমেল পাতি এই কথা ৰাজহুৱা কৰে বিৰোধী ঐক্যমঞ্চৰ  সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ সংবাদমেলত তেওঁ আৰু কয়–বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কাৰ্য চলি আছে৷ বৃহৎ নদীবান্ধ, অসম চুক্তি ৰূপায়ন কৰা, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সন্দৰ্ভত উচ্ছ ক্ষমতা সম্পন্ন কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, আলফাৰ সমস্যা সমাধান কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, বিভিন্ন আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰা, কা জাপি দিয়াৰ ফলত সৃষ্টি হোৱা পৰিৱেশ আদি বিষয়বোৰত বিজেপি নেতৃত্বাধীন চৰকাৰে কিদৰে বিশ্বাসঘাটকতা কৰিলে, প্ৰতাৰণা কৰিলে সেই সন্দৰ্ভত জনগনৰ আগত তুলি ধৰা হ’ব৷ ’২৪ৰ লোকসভা নিৰ্বাচন উপলক্ষে কৰিব লগা কৰ্মৰাজি সন্দৰ্ভত আলোচনা কৰা হয়৷ ’২৪ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দুৰ্নীতিয়ে হ’ব মূল ইছ্যু৷ ইতিমধ্যে ১৫ টা ৰাজনৈতিক দলৰ নূ্যনতম উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুতৰ কামো চলি আছে৷ উল্লেখ্য, শুকুৰবাৰে গুৱাহাটীৰ এখন হোটেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত ১৫টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত আঢ়ৈ ঘণ্টা জুৰি চলে উক্ত বৈঠক৷ ইফালে ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী অশোক সিংঘালে কয়–বিৰোধীয়ে যদি চৰকাৰক সফল বুলি কয় বিৰোধীৰ অস্তীত্ব ক’ত থাকিব? বিৰোধীৰ কামেই হ’ল চৰকাৰৰ প্ৰতিটো কামৰ বিৰোধিতা কৰা৷ বিৰোধিতা কৰিব লাগে কিন্তু ভাল কামক স্বীকাৰো কৰিব লাগে৷ কংগ্ৰেছৰ দিনত পইচা লৈ চাকৰি দিয়া হৈছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত টকা নিদিয়াকৈ চাকৰি পায়৷ ইয়াৰ পাছতো বিৰোধীয়ে কৈ থাকে চৰকাৰ ফেইল হৈছে৷ এদিন ৰাইজে কৈ দিব– আমাক ফেইল হোৱা চৰকাৰখনকে লাগে৷

গোৰেশ্বৰত লোকসভা নিৰ্বাচনত ৰণশিঙা বজালে মন্ত্ৰী অশোক সিংঘালে 

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ আৰম্ভ হ’ল বিজেপিৰ ‘অপাৰেশ্বন বিটিআৰ’৷ মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈয়ে  বিজেপিয়ে বিটিআৰত ৰণশিঙা বজালে৷ বৃহস্পতিবাৰে গোৰেশ্বৰত শ শ লোকৰ উপস্থিতিত অনুষ্ঠিত দলীয় সভাত মন্ত্ৰী অশোক সিংঘালে একপ্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰেই চলালে৷ ভাষণ প্ৰসংগত সিংঘালে বিৰোধী ঐক্য মঞ্চ,  বিৰোধী দল আৰু বিশেষকৈ কংগ্ৰেছ দলক সমালোচনাৰে থকা-সৰকা কৰে৷ ভাষণ প্ৰসংগত মন্ত্ৰী সিংঘালে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২ খন আসন লাভ কৰিব বুলি দাবী কৰে৷ তেওঁ কয়– ‘কংগ্ৰেছ চৰকাৰৰ দিনত পইছা লৈ চাকৰি দিয়া হৈছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত টকা নিদিয়াকৈয়ে একাংশই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷’ মঞ্চৰ পৰাই কংগ্ৰেছ দলক সমালোচনা কৰি সিংঘালে আকৌ কয়– ‘বিৰোধীয়ে যদি চৰকাৰক সফল বুলি কয়, তেন্তে বিৰোধীৰ অস্থিত্ব ক’ত থাকিব? বিৰোধীৰ কাম হ’ল চৰকাৰৰ প্ৰতিটো কামৰ বিৰোধীতা কৰা৷ বিৰোধ কৰিব লাগে, কিন্তু ভাল কামক স্বীকাৰো কৰিব লাগে৷ কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কামসমূহ  বিজেপিয়ে কৰি দেখুৱাইছে৷’ সভাৰ শেষত সাংবাদিকৰ সতে হোৱা মত বিনিময়ত মন্ত্ৰী সিংঘালে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত পইছা লৈ চাকৰি দিয়া হৈছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত টকা নিদিয়াকৈ চাকৰি পাইছে৷ ইয়াৰ পিছতো বিৰোধীয়ে কৈ থাকে চৰকাৰ ফেইল হৈছে৷ এদিন ৰাইজে ক’ব যে আমাক ফেইল হোৱা চৰকাৰখনহে লাগে৷ দেশৰ আসন্ন সাধাৰণ নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল-সংগঠন, তাৰমাজতেই গোৰেশ্বৰত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল সভাই বিটিআৰত বিজেপিৰ গণভিত্তি কিমান সবল, কিমান শক্তিশালী পুনৰ প্ৰমাণ কৰিছে বুলিও মন্ত্ৰীজনে মন্তব্য কৰে৷