Logo
image

আপৰ সভাপতিৰ হাস্পতালৰ পৰা ৬ লাখ টকা জব্দ আয়কৰৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মহানগৰীৰ প্ৰতিবেদক, ১৮ নৱেম্বৰঃ ৰাজনৈতিক প্ৰতিহিংসা! দ্বিতীয়বাৰলৈ কেন্দ্ৰীয় আবকাৰী বিভাগে পুৱতি নিশালৈ আপ অসমৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী হাস্পতালত অভিযান চলালে৷ বৃহস্পতিবাৰে পুৱা ৬ বজাত আয়কৰ বিভাগৰ এটা বৃহৎ দল ভবেন চৌধুৰী মালিকাধীন হাস্পতালখনত উপস্থিত হৈ লেবৰেটৰী, ফাৰ্মাচী, কেছ কাউণ্টাৰ আদি তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে নথি-পত্ৰ আদি সংগ্ৰহ কৰে৷ হাস্পতালখনৰ কেছ কাউণ্টাৰৰ পৰা আয়কৰ বিভাগে নগদ ৬ লাখ ২০০ টকা জব্দ কৰে যদিও  পিছত টকাখিনি হাস্পতাল কতৃৰ্পক্ষক ঘূৰাই দিয়ে৷ উল্লেখ্য যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ ‘আপ’ চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে এটাৰ পাছত আনটো অভিযান চলাই থকাৰ সময়তে বৃহস্পতিবাৰে এনেদৰে আপ অসমৰ শীৰ্ষ নেতাজনৰ হাস্পতালতো অভিযান চলোৱাত ৰাজনীতিৰ গোন্ধ পাইছে বিৰোধী শিবিৰে৷ খোদ আপ অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘এই তালাচীৰ অন্তৰালত কিবা ৰাজনৈতিক উদ্দেশ্য আছে নেকি, দুই এদিন পিছতহে গম পোৱা যাব৷’ তালাচী চলাবলৈ অহা আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াইয়ো ওপৰৰ প্ৰেছাৰতহে অহা বুলি  চৌধুৰীয়ে দাবী কৰে৷ অভিযান চলোৱাৰ বাবে বেয়া নাপাবলৈও বিষয়াৰ দলটোৱে কোৱা বুলি ভৱেন চৌধুৰীয়ে কয়৷ ভৱেন চৌধুৰীৰ দাবী–‘আয়কৰৰ অভিযানত কোনো আপত্তিজনক সামগ্ৰী নাপালে তদন্তকাৰী বিষয়াই৷’ উল্লেখ্য যে সঞ্জীৱনী হাস্পতালত দুবছৰ পূৰ্বেও আয়কৰ বিভাগে অভিযান চলাইছিল৷ বৃহস্পতিবাৰে সঞ্জীৱনী হাস্পতালৰ উপৰিও আয়কৰ বিভাগে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছিল৷ কৰ ফাঁকি দিয়াৰ অভিযোগত গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতাল তথা হাস্পতালখনৰ স্বত্বাধিকাৰীৰ বাসগৃহতো আয়কৰ বিভাগে অভিযান চলাইছিল৷ লক্ষণীয় যে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপ অসমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে৷ তেজপুৰকে ধৰি বিভিন্ন প্ৰান্তত ব্যাপক সাংগঠনিক সভা অনুষ্ঠিত কৰিছে আপ অসমে৷ অৰবিন্দ কেজৰিৱালৰ প্ৰতি মোহিত হৈ দলে দলে আন দলৰ নেতা-কৰ্মীয়ে যোগ দিছে আপত৷ আনকি বিজেপিৰ এজন জ্যেষ্ঠ কেবিনেটে মন্ত্ৰীৰ ভাতৃয়েও শেহতীয়াকৈ আপ অসমত যোগ দিবলৈ ওলোৱা বুলি চৰ্চা হৈছে৷ ৰাজ্যৰ মুঠ পাঁচটা লোকসভা সমষ্টিত আপ অসমে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে৷ এনে প্ৰেক্ষাপটতত ৰাজনৈতিক প্ৰতিহিংসাৰ বাবেই আপ অসমৰ সভাপতিৰ হাস্পতালত আয়কৰ বিভাগে তালাচী চলোৱা বুলি অভিযোগ উঠিছে৷