Logo
image

বিপক্ষৰ বেট্‌ছমেনৰ আতংক ছামিক জ্বলাকলা খুৱাইছে হাছিনে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ নৱেম্বৰঃ ৫ ফুট ৭ ইন্সিৰ উচ্ছতা৷ এপিলিং বিউটি৷ মুখত খিলখিল হাঁহি৷ মডেলৰ দৰে লিচপিচিয়া দেহবল্লৰী৷ মডেলৰ দৰে বুলি ক’লে ভুল হ’ব– প্ৰকৃততে মডেলেই৷ সেই আবেদনময়ী শৰীৰৰ অধিকাৰী হাছিন জাহানে যোৱা পাঁচ বছৰ ধৰি যিজন তৰুণক জ্বলাকলা খুৱাইছে, সেই সুদৰ্শন তৰুণৰ হাতত বল দেখিলে এতিয়া বিশ্বৰ প্ৰতাপী বেটছমেনৰো বুকুত কঁপনি উঠে৷ পিছে সেই হাছিন জাহানৰ ৰূপৰ জুইত এদিন ছগাৰ দৰে জপিয়াই পৰা অযুত ভাৰতীয়ৰ আজিৰ নয়নৰ মণি মহম্মদ ছামিয়ে এতিয়া পলায়ো      ৰক্ষা পোৱা নাই৷ তাৰকা বেটছমেনৰ বুকুত আতংকৰ সৃষ্টি কৰাৰ ক্ষমতা ধৰি ৰখা মহম্মদ ছামি হাছিন জাহানৰ শৰীৰি সুষমা দেখি এতিয়া মুঠেই প্ৰলোভিত নহয়, বৰং হয় আতংকিত৷ কিন্তু আজিৰ পৰা ন বছৰ পূৰ্বে সেই লাস্যময়ীক আই পি এলৰ নাইট ৰাইডাৰ্ছৰ চিয়েৰ লীডাৰ্ছৰ মোহময়ী ৰূপত দেখি উন্মাদ হৈছিল মহম্মদ ছামি৷ অথচ সুন্দৰী হাছিন জাহান আছিল ছামিতকৈ বয়সে দহ বছৰে ডাঙৰ আৰু এজন গেলামালৰ দোকানীৰ বিবাহ বিচ্ছিন্ন স্ত্ৰী, যিদুগৰাকী কন্যাৰ মাতৃও৷

সুন্দৰী, লাস্যময়ী আৰু নৃত্যত পাৰ্গত হৈয়ো হাছিন জাহানৰ দুখনকৈ বিয়া নিটিকিল৷ আজি, মহম্মদ ছামিৰ চৰম সাফল্যৰ দিনত হয়তো ক্ৰিকেট ৰসিকে পোনচাটেই ইয়াৰ বাবে হাছিন জাহানকে দোষাৰোপ কৰিব৷ কিন্তু আৰক্ষীৰ জেৰা, দীৰ্ঘ তদন্ত আৰু আদালতৰ নিৰ্দেশে কয় অন্য কথা৷ সকলো প্ৰমাণ মহম্মদ ছামিৰ বিপক্ষে যোৱাৰ বাবেই এতিয়া টীম ইণ্ডিয়াৰ ষ্ট্ৰাইক বলাৰজনে মাহে মাহে হাছিনক দি থাকিবলগীয়া হৈছে ১.৫ লাখকৈ টকাৰ ভৰণ-পোষণৰ খৰছ৷ বিবাহ বিচ্ছেদ সম্পূৰ্ণ হ’লে টকাৰ সেই পৰিমাণ মাহিলী দহ লাখলৈ বৃদ্ধি পাবও পাৰে বুলি আইনজীৱিৰ মত৷ ছামিৰ পৰা পোৱা সেই ধনেৰে এতিয়া হাছিন জাহান মুক্ত বিহংগৰ দৰে উৰি আছে আৰু মহম্মদ ছামিয়ে ক্ৰিকেটৰ পথাৰত দীঘলীয়া ৰান-আপ লৈ ইটোৰ পাছত সিটো বিপক্ষৰ উইকেটেৰে দেশবাসীৰ হৃদয়ৰ কাষ চাপি আছে৷ কি আছিল স্বামী মহম্মদ ছামিৰ বিৰুদ্ধে এতিয়া বিবাহ বিচ্ছিন্ন নোহোৱা হাছিন জাহানৰ অভিযোগ, যি অভিযোগৰ বাবে তেওঁ এতিয়া আদালতৰ জামিনত থাকি বিশ্বকাপত ভাৰতৰ হৈ মুৰৰ ঘাম মাটিত পেলাই আছে?

ভয়ংকৰ, অতি ভয়ংকৰ অভিযোগ আছে মহম্মদ ছামিৰ বিৰুদ্ধে৷  সেই সকলো অভিযোগ উত্থাপিত হৈছে এসময়ত সৌন্দৰ্যত মোহিত হৈ ঘৰৰ অমতত নিজতকৈ দহ বছৰে ডাঙৰ হোৱা স্বত্বেও পত্নী হিচাপে কাষ চপাই অনা হাছিন জাহানৰ পৰা৷ হাছিন জাহানৰ দাবী– মহম্মদ ছামি এক ‘ওমেনাইজাৰ’– নাৰীলোভী৷ বহু চিনাকী-অচিনাকি সুন্দৰীৰ সৈতে ঘনিষ্ঠ আৰু শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আছিল ছামিয়ে পত্নী হাছিনৰ বৰ্তমানত৷ সেই অভিযোগৰ সমৰ্থনত হাছিনে আদালতত মহম্মদ ছামিৰ গোপন মবাইলৰ সুন্দৰীৰ সৈতে হোৱা চাটিঙৰ স্ক্ৰীন শ্বট জমা দিছে আৰক্ষী আৰু আদালতত৷ সেই অভিযোগ একপ্ৰকাৰ প্ৰমাণিত, কেৱল ৰায়দানহে বাকী৷ হাছিন জাহানৰ অভিযোগ, মহম্মদ ছামিয়ে কেতিয়াও তেওঁক দলৰ সৈতে হোৱা ভ্ৰমণত লগত নিনিয়ে৷ অথচ ব’ৰ্ডৰ অনুমতি থকা ভ্ৰমণত দলৰ সকলো ক্ৰিকেটাৰে পত্নীক লগত নিয়ে৷ ছামিয়ে হাছিনক লগত নিনিয়াৰ কাৰণো হাছিনৰ মতে ছামিৰ যৌনলিপ্সা৷ হাছিনৰ অভিযোগ, সকলো বিদেশ ভ্ৰমণত ছামিৰ হোটেলৰ কোঠাত ভৰি থাকে বিদেশীনি কলগাৰ্ল৷ সেই কলগাৰ্লৰ সৈতে ছামি যৌনতাত মত্ত হৈ থাকে৷ ছামিৰ এই ‘ওমেনাইজাৰ’ চৰিত্ৰক লৈ দুয়োৰে বিবাদ আৰম্ভ হয় আৰু এসময়ত ছামিয়ে হাছিনক শাৰীৰিক নিগ্ৰহ কৰিবলৈ আৰম্ভ কৰে৷ হাছিন জাহানৰ দাবী, বিদেশত ছামিৰ এই যৌনকৰ্মৰ সমস্ত তথ্য তেওঁ লাভ কৰিছে ছামিৰেই সতীৰ্থ ক্ৰিকেটাৰৰ পত্নীৰ পৰা, যি তেনে কাৰ্যৰ চাক্ষুস সাক্ষী৷ পাৰিবাৰিক বিবাদে যেতিয়া চৰম পৰ্যায়ত প্ৰৱেশ কৰিছিল, তেতিয়া মহম্মদ ছামিয়ে পত্নী হাছিনক তুলি দিছিল তেওঁৰ জ্যেষ্ঠ ভাতৃ মহম্মদ কাঈফৰ বেডৰূমত আৰু জোৰ কৰিছিল শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে৷ হাছিন জাহানৰ সেই ভয়ংকৰ অভিযোগে পাৰিবাৰিক আদালতক স্তম্ভিত কৰিছিল ঠিকেই, কিন্তু কলকাতাৰ আৰক্ষীয়ে লালবাজাৰত কৰা জেৰাত হেনো ছামিয়ে সেই অভিযোগ অকপটে স্বীকাৰ কৰি লৈছিল৷ ছামিয়ে লালবাজাৰত নতমস্তকে স্বীকাৰ কৰিছিল কলগাৰ্লৰ প্ৰলোভনৰ বাবেই তেওঁ বাৰম্বাৰ ডুবাই ভ্ৰমণ কৰিছিল, কলকাতাৰ ঘৰত সুন্দৰী পত্নী আৰু নিষ্পাপ কন্যাক অকলশৰে এৰি৷ ডুবাইতে তেওঁ এজন মেচ ফিক্সিঙৰ কুখ্যাত নায়কৰ সৈতে চিনাকি হোৱাৰ কথাও স্বীকাৰ কৰিছিল৷ ছামিৰ সেই স্বীকৰোক্তি শুনাৰ পাছত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁৰ ‘কেন্দ্ৰীয় চুক্তি’ কেইবামাহৰ বাবে বন্ধ কৰি সেই ঘটনাৰ তদন্ত কৰিছিল৷ তদন্তত পিছে ছামি ধৰা নপৰিল৷ পিছে ছামিয়ে ডুবাইত একাধিকবাৰ পাকিস্তানী মডেল আলিছবাক সাক্ষাত কৰিবলৈ যোৱাৰ তথ্য লালবাজাৰৰ জেৰাত স্বীকাৰ কৰে৷ দুয়ো ২০১৮ চনৰ ১৭-১৮ ফেব্ৰৱাৰীত ডুবাইৰ হোটেলত নৈশ যাপনৰ প্ৰমাণ দাঙি ধৰিছিল হাছিন জাহানে৷ সেই তথ্য দেখুওৱাত কলকাতা আৰক্ষীৰ জেৰাত ভাগি পৰি পাক মডেল আলিছবাৰ সৈতে হোৱা ঘনিষ্ঠতাৰ কথা মানি লয় মহম্মদ ছামিয়ে৷ এনে অসংখ্য নাৰীজনিত ঘটনাৰ প্ৰমাণেৰে হাছিন জাহানে মহম্মদ ছামিক আৰক্ষী আৰু আদালতত ‘ওমেনাইজাৰ’ হিচাপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ফলত বিবাহ বিচ্ছেদৰ গোচৰত নিজৰ দাবীমতে সকলো আদায় কৰিবলৈ হাছিন সক্ষম হ’ব বুলি আইনজীৱিয়ে দাবী কৰিছে৷

দ্বিতীয় বিবাহ বিচ্ছেদৰ গোচৰ নিজৰ দিশে ঘূৰাবলৈ সক্ষম হোৱা হাছিন জাহানৰ ২০০২ চনত বিয়া হৈছিল পশ্চিমবংগৰ মেদিনীপুৰৰ শিউৰিৰ এজন গেলামালৰ দোকানীৰ সৈতে৷ তেতিয়া ২২ বছৰীয়া সুন্দৰী হাছিনক একপ্ৰকাৰ জোৰকৈয়ে বিয়া পাতিছিল শ্বেখ ছাইফউদ্দিন নামৰ দোকানীজনে৷ অঞ্চলটোত তেওঁৰ প্ৰভাৱ-প্ৰতিপত্তি আছিল৷ সেয়ে ২২ বছৰীয়া হাছিনৰ আপত্তি নৰজিল৷ কমদিনৰ ভিতৰতে দুটি কন্যা সন্তানৰ জন্ম দিয়াৰ পাছত হাছিনে তেওঁৰ শিক্ষা আগবঢ়াই নিবলৈ জেদ ধৰিলে আৰু দোকানী স্বামীৰ পৰিয়ালে হাছিনৰ জেদ নমনাত দুয়োৰে ২০১০ চনত বিচ্ছেদ ঘটে৷ ইয়াৰ পাছত কলকাতালৈ আহি হাছিন জাহানে একেলগে শিক্ষা আৰু মডেলিঙৰ এটা সফল কেৰিয়াৰ আগবঢ়াই নিয়ে৷ তেতিয়াই হাছিন জাহানে জীৱিকাৰ তাড়নাত কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়েৰ লীডাৰ্ছ হিচাপে যোগদান কৰে৷ খেলিবলৈ সুযোগ নাপালেও একেটা দলত আছিল মহম্মদ ছামি৷ ছামি লগে লগে স্বল্পবসনা সুন্দৰী হাছিন জাহানৰ প্ৰেমত পৰে৷ ৫ ফুট ৭ ইন্সি উচ্ছতাৰ হাছিন জাহানে তেতিয়া শ্বেতাংগিনী আৰু সোণালী চুলিৰ চিয়েৰ লীডাৰ্ছৰ মাজত লাস্যময়ী নৃত্যৰে বহুতৰে দৃষ্টি কাঢ়িছিল৷ মূল একাদশত স্থান নোপোৱা ছামিক প্ৰথমে হাছিনে প্ৰশ্ৰয় দিয়া নাছিল৷ কিন্তু অৱশেষত জুইৰ কাষত থকা মমৰ দৰে হাছিন জাহানৰ হূদয়ো তৰুণ সুদৰ্শন ক্ৰিকেটাৰ ছামিৰ ব্যাকুল প্ৰেমৰ আহ্বানত গলিবলৈ ধৰে আৰু ২০১৪ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়৷ তাৰ পাছত পৰৱৰ্তী জীৱন হাছিন জাহানৰ বাবে উত্তাল সাগৰৰ মাজত এখন সৰু জাহাজৰ দৰে, যি আজিও স্থিৰতা পোৱা নাই৷