Logo
image

"ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতকৈ অসমৰ সংবাদ মাধ্যম যথেষ্ট নিৰপেক্ষ":নলবাৰীত অন্তৰংগ আলাপ অনুষ্ঠানত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী

ডিজিটেল সংবাদ, নলবাৰীঃ "আজিৰ দিনত সংবাদ মাধ্যমৰ স্বাধীনতা বুলি কোনো বস্তু নাই৷ সংবাদপত্ৰৰ স্বাধীনতা এতিয়া অপ্ৰাসংগিক হৈ পৰিছে৷ সংবাদ মাধ্যমৰ মালিকগৰাকী কিমান স্বাধীন, তাৰ ওপৰতহে নিৰ্ভৰ কৰে সেই সংবাদ মাধ্যমটো কিমান স্বাধীন হ’ব৷ শুনাত শ্ৰুতিকটু হ’লেও এয়াই বাস্তৱ৷ সংবাদ মাধ্যম এতিয়া এনেকুৱা এটা ব্যৱসায় যাৰ উৎপাদনৰ খৰচ পোন্ধৰ টকা৷ কিন্তু বিক্ৰী কৰা হয় দহ টকাত৷ সেয়ে সংবাদ মাধ্যমে বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছে৷ বিশেষকৈ চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হৈছে৷ এই অসহায় অৱস্থাৰ মাজত অসমৰ সংবাদ মাধ্যম আগবাঢ়িব লগা হৈছে৷"-শনিবাৰে নলবাৰী কলেজত অনুষ্ঠিত এক ‘অন্তৰংগ আলাপ’ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ তথা ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ 

নলবাৰী কলেজৰ প্ৰভাত গোস্বামী প্ৰেক্ষাগৃহত ‘আমাৰ অসম’ কাকত গোষ্ঠীৰ উদ্যোগত আৰু কলেজখনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত ‘সাহিত্য, সাংবাদিকতা, সমাজ আৰু সংস্কৃতি’ শীৰ্ষক অন্তৰংগ আলাপত গোস্বামীয়ে ক’ভিডকালীন পৰিৱেশত বাতৰি কাকত উদ্যোগে তীব্ৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে বিভিন্ন অজুহাত দেখুৱাই মানুহে বাতৰি কাকত নপঢ়া বিষয়টোৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব৷ 

বাতৰি কাকতৰ বিপদজনক পৰিস্থিতিৰ মাজতো বৰ্তমানৰ পাঠক সমাজ, নৱ প্ৰজন্মই আশাৰ ৰেঙণি কঢ়িয়াই অনা বুলি দোহাৰি মনোজ কুমাৰ গোস্বামীয়ে কয়, ‘ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতকৈ অসমৰ সংবাদ মাধ্যম যথেষ্ট নিৰপেক্ষ৷ ৰাজনীতি-সমাজনীতিৰ আচল তথ্য বাতৰি কাকততহে লুকাই থাকে, ছ’চিয়েল মিডিয়াৰ বুকুত কেতিয়াও লুকাই নাথাকে৷ বাতৰি কাকতে জাতিৰ সংকটকালত বিভিন্ন সময়ত অগ্ৰণী ভূমিকা লৈ আহিছে৷ সেয়ে জাতিটোৰ উত্তৰণৰ স্বাৰ্থত পাঠক সমাজে বাতৰি কাকতক আকোঁৱালি লোৱা উচিত৷"


‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি তথা অসম প্ৰদেশ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক চম্পক বৈশ্যই আঁত ধৰা অনুষ্ঠানটোত জনপ্ৰিয় সাংবাদিক মনোজ কুমাৰ গোস্বামীক নলবাৰী কলেজ, অসম ভেলী একাডেমী, নলবাৰী, চম্পক বৈশ্য, অৰবিন্দ চক্ৰবৰ্তী, এন কে টি ভিৰ নলবাৰীৰ সাংবাদিক ত্ৰিদীপ কলিতাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ‘আমাৰ অসম’ কাকতৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে আদৰণি ভাষণ দিয়া আৰু সহ-সম্পাদক মণ্টু শইকীয়াইয়ো অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এন কে টিভিৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীয়ে নৱ প্ৰজন্মৰ কেইবাগৰাকীও তৰুণ-তৰুণীৰ সৈতে হোৱা বাৰ্তালাপত কয়- ‘এটা কথা সঁচা যে অসমৰ সংবাদ মাধ্যমসমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰখাত যেনেদৰে সহায় কৰিছে, তেনেদৰে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তইও গীতৰ মাজেৰে অসমীয়া ভাষা চৰ্চাৰ বোঁৱতী সুঁতিটো বৈ থকাত সহায় কৰিছে৷ বিশ্বৰ অধিক প্ৰচলিত ৫০টা ভাষাৰ ভিতৰত স্থান থকা অসমীয়া ভাষাটো ইমান পৰিমৰা বিধৰ ভাষা নহয়৷ পৃথিৱীত কোনো জাতি নাই যিয়ে নিজৰ ভাষা বাদ দি জাতিৰ উন্নতি কৰিছে৷ অসমীয়া ভাষাৰ গুণগত মানদণ্ড বহু ওপৰত৷ সেয়ে অসমীয়া ভাষাক লৈ হীনমন্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই৷ বিলুপ্ত হ’ব ধৰা হিব্ৰু ভাষাও ইজৰাইলী লোকৰ জাতীয়তাবোধৰ বাবে ঠন ধৰি উঠিব পাৰিছে৷ আমি ভাষাৰ ক্ষেত্ৰত উদাৰ হ’ব লাগে৷ আনৰটোও গ্ৰহণ কৰিব লাগে৷ 


নলবাৰী কলেজৰ অধ্যক্ষ কমল নয়ন পাটোৱাৰীয়ে ভাষণ দিয়া আৰু নলবাৰী কলেজ, অসম ভেলী একাডেমী, নলবাৰী, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উৎসুক শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত গোস্বামীয়ে সংবাদিক জীৱনত পোৱা বিভিন্ন ঘাত-প্ৰতিঘাত, ভিন্নৰঙী অভিজ্ঞতা সাৱলীলভাৱে বৰ্ণনা কৰে৷ নলবাৰী কলেজ পৰিচালনা সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ ভট্টাচাৰ্য, এম এন চি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ গাৰ্গী চক্ৰৱৰ্তী, অসম ভেলী একাডেমী, নলবাৰীৰ অধ্যক্ষ অনুপম বৰ্মা মজুমদাৰ, বিশিষ্ট পুথি প্ৰকাশক সুৰেন্দ্ৰ নাথ বৈশ্য, অৱসৰী অধ্যাপক দীনমণি ভাগৱতী, প্ৰাণ কৃষ্ণ দাস, যুৱ লেখক অঞ্জন ভট্টাচাৰ্য, কৰেন্দ্ৰ চক্ৰৱৰ্তী, কবি কমল কুমাৰ জৈন, যুৱ নেতা পংকজ বৰ্মন, দিলজিৎ বৰ্মন, শিক্ষক গংগাধৰ বৰ্মন নলবাৰী কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী, ‘আমাৰ অসম’ৰ নলবাৰীৰ সাংবাদিক ক্ৰমে– কমল কুমাৰ ডেকা, সুভাষ ডেকা আৰু অনিমেশ বৰ্মনে অংশ লোৱা এই অন্তৰংগ আলোচনাত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদকজনে অসম সাহিত্য সভা, অসমৰ বাতৰি কাকত-আলোচনীৰ অতীত-বৰ্তমানৰ পৰ্যালোচনা, মাধ্যম বিতৰ্ক, সমসাময়িক অসমৰ সমাজনীতি-অৰ্থনীতি, ডিজিটেল মাধ্যমৰ ভূমিকা আদি কেইবাটাও বিষয়ত নিৰ্মোহ বিশ্লেষণ আগবঢ়ায়৷