Logo
image

২০ ৰ পৰা ২২ নৱেম্বৰলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব 'স্বাস্থ্য সেৱা উৎসৱ-২'

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰা তথা সবল নেতৃত্বত আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনাত ৰাজ্যত বিগত এপ্ৰিল মাহত 'স্বাস্থ্য সেৱা উৎসৱ-১' সফলতাৰে সম্পন্ন কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ২০ ৰ পৰা ২২ নৱেম্বৰলৈ ‘স্বাস্থ্য সেৱা উৎসৱ-২' অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুণোৎসৱৰ আৰ্হিত চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহত গুণগত মানসম্পন্ন আৰু উৎকৃষ্টমানৰ স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰাৰ উদ্দেশ্যে ‘স্বাস্থ্য সেৱা উৎসৱ' অনুষ্ঠিত কৰা হৈছে। এই ‘স্বাস্থ্য সেৱা উৎসৱ ২' সূচাৰুৰূপে আৰু ফলপ্ৰসূ কৰি তুলিবলৈ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পূর্ণ প্রস্তুতি অব্যাহত ৰাখিছে। 

ৰাজ্যৰ জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে প্ৰায় ১,২৬১ খন চৰকাৰী চিকিৎসালয় (২২ খন জিলা চিকিৎসালয়, ১৫ খন মহকুমা অসামৰিক চিকিৎসালয়, ২১৩ খন সামূহিক স্বাস্থ্য কেন্দ্র, ১,০১১ খন প্রাথমিক স্বাস্থ্য কেন্দ্র)ক সামৰি এই 'স্বাস্থ্য সেৱা উৎসৱ-২' অনুষ্ঠিত কৰা হ'ব। এই ‘স্বাস্থ্য সেৱা উৎসৱ'ত সামৰি লোৱা স্বাস্থ্য প্রতিষ্ঠানসমূহক স্ব-মূল্যায়ন আৰু বহিঃ মূল্যায়ন এই দুটা পৰ্যায়ত কৰা হ'ব। স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিক উন্নীত কৰাৰ বাবে স্ব-মূল্যায়নকাৰীৰ দ্বাৰা ইতিমধ্যে 'স্বাস্থ্য সেৱা উৎসৱ-১'ত মূল্যায়ন সম্পন্ন কৰা হৈছে। বহিঃ মূল্যায়ন পৰ্যায়ত দুগৰাকী মূল্যায়নকাৰী থাকিব য'ত এজন সাংসদ/ বিধায়ক/আই.এ.এছ বিষয়া/আই.পি.এছ. বিষয়া / এ.চি.এছ বিষয়া আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক/চিকিৎসকসকল/ চিকিৎসা মহাবিদ্যালয়ৰ আৰু স্নাতকোত্তৰৰ শিক্ষার্থী থাকিব। তিনিদিনীয়াকৈ অনুষ্ঠিত 'স্বাস্থ্য সেৱা উৎসৱ-২'ৰ মূল্যায়নকাৰীসকলে পূৰ্ব নিৰ্ধাৰিত তালিকা অনুসৰি স্বাস্থ্য কেন্দ্ৰসমূহৰ মূল্যায়ন সম্পন্ন কৰিব। 

এই তিনিদিনীয়া উৎসৱৰ বাবে মুঠ ৪৩০ টা দলক নিয়োগ কৰা হ'ব। ‘স্বাস্থ্য সেৱা উৎসৱ'ৰ মূল উদ্দেশ্য হৈছে- বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি, মানৱ সম্পদ আৰু স্বাস্থ্য সেৱাৰ গুণগত মানৰ মূল্যায়ন কৰি চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানসমূহত থাকি যোৱা আসোঁৱাহ ত্রুটিসমূহ দূৰীকৰণৰ ব্যৱস্থা কৰি স্বাস্থ্য প্রতিষ্ঠানসমূহক ভাৰতীয় জনস্বাস্থ্য মানদণ্ড (আই পি এইছ এছ ২০২২ ) লৈ উন্নীত কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰা আৰু চিকিৎসা ব্যয় হ্ৰাস কৰা। এইবেলি ২০ নৱেম্বৰত ৰাজ্যিক আৰু জিলা পৰ্যায়ত 'স্বাস্থ্য সেৱা উৎসৱ-২'ৰ শুভাৰম্ভ হ'ব। এই কার্যক্রমণিকা সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ কর্মকর্তা, বিষয়ামণ্ডলীক বিনম্ৰতাৰে অনুৰোধ জনোৱা হৈছে।

ইফালে সমগ্ৰ অসমৰ লগতে কামৰূপ মহানগৰ জিলাৰ ৫২ টা স্বাস্থ্যকেন্দ্ৰতো দ্বিতীয়বাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে ‘অনুষ্ঠিত হ’ব স্বাস্থ্য সেৱা উৎসৱ’। এই উৎসৱত স্বাস্থ্যকেন্দ্ৰসমূহক আন্তঃগাঁথনি, মানৱ সম্পদ আৰু সেৱা প্ৰদানৰ ভিত্তিত মূল্যায়ন কৰা হ’ব। উল্লেখ‍্য, এপ্ৰিল মাহত প্ৰথম বাৰৰ বাবে আৰম্ভ হৈছিল ‘স্বাস্থ্য সেৱা উৎসৱ’। প্ৰথমবাৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱা প্ৰদানৰ গুণগত মানৰ মূল্যায়ন কৰাৰ পাছত সেই স্বাস্থ্য কেন্দ্ৰ সমূহৰ পুণৰ মূল্যায়ণৰ উদ্দেশ্যে আয়োজন কৰা হৈছে দ্বিতীয়বাৰৰ বাবে এই স্বাস্থ্য সেৱা উৎসৱ। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যাংকন ব্যৱস্থা যাতে সুকলমে সম্পন্ন হয় আৰু ইয়াৰ দ্বাৰা জনসাধাৰণ উপকৃত হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। 

মহানগৰৰ এখন জিলা চিকিৎসালয়,  এখন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, দুখন এফ আৰ ইউ আৰু ৪৮ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই মূল্যায়ন কৰা হ’ব। এজন প্ৰশাসনিক বিষয়া আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকে বাহ্যিক মান নিৰ্ধাৰণকাৰী হিচাপে স্বাস্থ্যকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মূল্যায়ন কৰিব। আনহাতে এজন শীৰ্ষ প্ৰশাসনিক বিষয়াই বাহ্যিক মূল্যায়ক  হিচাপে উক্ত ৫২ খন স্বাস্থ্য কেন্দ্ৰৰ মূল্যায়ন কৰিব। এই স্বাস্থ্য সেৱা উৎসৱ অহা ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ চলিব বুলি শনিবাৰে কামৰূপ মহানগৰৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ(পৰিয়াল কল্যাণ) কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত সদৰি কৰে জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(পৰিয়াল কল্যাণ) ডাঃ কমলদেৱ গোস্বামীয়ে। সংবাদমেলত  জিলা প্ৰতিষেধক বিষয়া ডাঃ বি.কে দাস, জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মুকুতা মেধি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ জিলা আঁচনি প্ৰবন্ধক স্মিতা ৰয় উপস্থিত থাকে।