Logo
image

৪.৫ লাখ মুক্তিপণ! দেশলৈ উভতিল বৰ্ণালী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ নৱেম্বৰঃ ভ্ৰমণৰ বাবে গৈ সুদূৰ নাইজেৰিয়াত আবদ্ধ হৈ পৰা অসমৰ বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াই অৱশেষত সুকলমে মুম্বাইত আহি উপস্থিত হ’বলৈ সক্ষম হয়৷ ফুৰিবলৈ যোৱা বৰ্ণালী বৰুৱা শইকীয়াক পৰিচিত এজন নাইজেৰিয়ান যুৱকে বিগত ২১ দিন ধৰি বন্দী কৰি ৰাখি বৰ্ণালীৰ পৰিয়ালৰ পৰা মুক্তিপণ দাবী কৰিছিল৷ বৰ্ণালীৰ স্বামী নয়ন শইকীয়াৰ পৰা ব্লেকমেইলিঙেৰে ৪.৫০ লাখ টকা আদায় কৰা কিং আৰু ডেনিয়েল নামৰ নাইজেৰিয়ান দুবৃৰ্ত্তই সংবাদ মাধ্যমৰ বাতৰি আৰু নাইজেৰিয়াত ব্যৱসায় কৰা মুম্বাইৰ ৩ ব্যৱসায়ীৰ হেঁচাত বৰ্ণালী বৰুৱা শইকীয়াক মুক্তিপণ লৈ মুকলি কৰি দিয়ে৷ ইয়াৰ পাছতে লাগোছৰ পৰা শনিবাৰে পুৱতি নিশা ৩ বজাত মুম্বাই বিমানবন্দৰত আহি উপস্থিত হয় বৰ্ণালী৷ উল্লেখ্য, গুৱাহাটীৰ কাহিলীপাৰাৰ ওদালবাক্ৰাৰ বিকাশ নগৰৰ নিৱাসী ছাইৰ স্বীকৃতিপ্ৰাপ্ত বক্সাৰ বৰ্ণালী বৰুৱা শইকীয়াই বিগত ২৮ অক্টোবৰত বেংগালুৰুৰ পৰা নাইজেৰিয়ালৈ ফুৰিবলৈ গৈছিল৷ বৰ্ণালীৰ স্বামী নয়ন শইকীয়াৰ পৰিচিত কিং নামৰ এজন যুৱকৰ আমন্ত্ৰণ ক্ৰমেই নাইজেৰিয়াত ফুৰিবলৈ গৈছিল দুই সন্তানৰ মাতৃ বৰ্ণালী বৰুৱা শইকীয়াই৷ প্ৰথমাৱস্থাত লাগোছৰ বিমান বন্দৰৰ পৰা কিঙে নিজেই আগবঢ়াই নি হোটেলত আতিথ্য প্ৰদান কৰিছিল বৰ্ণালীক৷ কিন্তু ইয়াৰ পাছতেই নাইজেৰিয়ানৰ প্ৰকৃত চৰিত্ৰ উন্মোচন কৰে কিঙে৷ কিঙে ডেনিয়েল নামৰ আন এজন যুৱকৰে মিলি বৰ্ণালীক এটা ঘৰৰ ভিতৰত বন্দী কৰি গুৱাহাটীত থকা স্বামী নয়ন শইকীয়াক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে৷ প্ৰথম তিনিদিন বৰ্ণালীৰ সৈতে পৰিয়ালৰ লোকে কোনো যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল পৰৱৰ্তী সময়ত বৰ্ণালীয়ে হোৱাটছএপ যোগে পৰিয়ালৰ লোকক কিঙে পণবন্দী কৰি ৰখাৰ বিষয়ে সদৰী কৰি যিকোনো প্ৰকাৰে উদ্ধাৰ কৰি নিয়াৰ আহ্বান জনায়৷ ২৮ অক্টোবৰত নাইজেৰিয়ালৈ যোৱা বৰ্ণালীৰ ১৪ দিনৰ ভিছা আছিল যদিও ভিছাৰ ম্যাদ ওকলাৰ পূৰ্বেই স্বামী নয়ন শইকীয়াই ভাৰতলৈ ঘূৰি অহাৰ বাবে দুবাৰকৈ বিমানৰ টিকট ক্ৰয় কৰি পঠোৱাৰ পাছতো কিঙে বিমানবন্দৰলৈকে আহিবলৈ দিয়া নাছিল বৰ্ণালীক৷ আনকি বৰ্ণালীৰ ভিছা-পাছপোৰ্ট পৰ্যন্ত কাঢ়ি ৰাখিছিল কিং আৰু ডেনিয়েলে৷ পত্নীৰ সৈতে হোৱা এই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত অৱশেষত স্বামী নয়ন শইকীয়াই দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সত লিখিত অভিযোগ দাখিল কৰাৰ লগতে দিছপুৰ থানাতো পুত্ৰ-কন্যাই পৃথকে এজাহাৰ দাখিল কৰে৷ ইয়াৰ সমান্তৰালভাৱে নয়ন শইকীয়াই নাইজেৰিয়াত ঔষধৰ ব্যৱসায় কৰা মুম্বাইৰ তিনি ব্যৱসায়ী বন্ধুৰ পৰাও পত্নী বৰ্ণালীক উদ্ধাৰৰ বাবে সহায় বিচাৰে৷ মুম্বাইৰ সিদ্ধাৰ্থ সিং আৰু আন দুই ব্যৱসায়ীৰ হেঁচাত স্থানীয় আৰক্ষীৰ সহযোগত অৱশেষত কিং আৰু ডেনিয়েলে নয়ন শইকীয়াৰ পৰা ৪.৫০ লাখ টকা মুক্তিপণ লৈ বৰ্ণালী বৰুৱা শইকীয়াক মুকলি কৰি দিয়ে৷ ২১ দিন বন্দী কৰি ৰখা বৰ্ণালীক ৭ দিনে কিঙে একো খাবলৈ দিয়া নাছিল বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ শনিবাৰে পুৱতি নিশা ৩ বজাত বিমানেৰে মুম্বাইত আহি উপস্থিত হোৱাৰ পাছতেই এটা ভিডিঅ’ বাৰ্তা যোগে বৰ্ণালী বৰুৱা শইকীয়াই তেওঁক উদ্ধাৰৰ বাবে অসমৰ সংবাদ মাধ্যম, আৰক্ষী আৰু মুম্বাইৰ ব্যৱসায়ী বন্ধুকেইজনে কৰা সহায়ৰ বাবে ধন্যবাদ জনায়৷ ভিডিঅ’টোত বৰ্ণালীয়ে লগতে শাৰিৰীকভাৱে অসুস্থ হৈ পৰাত বৰ্তমান মুম্বাইতে চিকিৎসা গ্ৰহণ কৰা বুলিও জানিবলৈ দিছে৷