Logo
image

সৰ্বানন্দৰ পছন্দ লখিমপুৰ ভূপেনৰ আগ্ৰহ কাজিৰঙাৰ প্ৰতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ পুনৰবাৰ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বন্দৰ, জাহাজ, জলমাৰ্গ তথা আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উল্লেখ্য, ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰত অবিশ্বাস্য মেজিকেল উত্থান হৈছিল৷ প্ৰথমে মোদী মন্ত্ৰীসভাত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ  মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ লগতে দেশৰ প্ৰথমগৰাকী দক্ষতা বিকাশৰ মন্ত্ৰী হিচাপেও স্থান লাভ কৰি অভিলেখ গঢ়িছিল সোণোৱালে৷ কেৱল সেয়েহে নহয় লখিমপুৰ লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণোৱালক ‘হীৰা’ বুলি অভিহিত কৰি অসমৰ ৰাইজৰ স্বাৰ্থত মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে অসমৰ ৰাইজৰ সেৱাৰ বাবে ওভোটাই পঠোৱাৰ কথা ঘোষণা কৰিছিল৷ সেইমৰ্মে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰথমজন বিজেপিৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়৷ এক কথাত ক’বলৈ গ’লে ভাগ্যই দিয়া সেই ‘লাকী লাইন’ পুনৰ ঘূৰাই অনাৰ বাবেই লখিমপুৰৰ পৰা আকৌ এবাৰ সাংসদ হোৱাৰ হেপাঁহ কৰিছে সোণোৱালে৷ অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও এই কথা সদৰী কৰা হোৱা নাই যদিও সোণোৱালে তেওঁৰ ঘনিষ্ঠ মহলৰ মাজত লখিমপুৰৰ পৰা নিৰ্বাচন খেলাৰ কথা ব্যক্ত কৰা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি ৰাজ্যসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ আছে সৰ্বানন্দ সোণোৱাল৷ লখিমপুৰ লোকসভা সমষ্টিৰ সোণোৱালৰ উত্তৰসূৰী প্ৰদান বৰুৱাই তীব্ৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ লগতে গ্ৰহণযোগ্যতা হ্ৰাস আদি বিভিন্ন কাৰণত ২০২৪ত টিকট লাভ নকৰাটো এক প্ৰকাৰে নিশ্চিত হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০০৪-২০০৯ চনলৈ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হৈছিল যদিও সোণোৱালে তেওঁৰ প্ৰথম পচন্দ হিচাপে ডিব্ৰুগড় নহয় লখিমপুৰহে বাচনি কৰিছে৷ বৰ্তমানৰ বিজেপিৰ কেইবাগৰাকী সাংসদে এইবাৰ লোকসভাৰ নিৰ্বাচনত টিকট নোপোৱাটো একপ্ৰকাৰে নিশ্চিত হৈছে৷ সোণোৱালৰ অত্যন্ত ঘনিষ্ঠ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই আজি সৰ্বানন্দ সোণোৱালে লখিমপুৰৰ পৰা নিৰ্বাচন খেলাৰ ইংগিত দি কয়– প্ৰয়োজনত সলনি হ’ব লখিমপুৰ, ডিব্ৰুগড়ৰ প্ৰাৰ্থী৷ বৰুৱাৰ মতে  উজনিৰ যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড়ত বিজেপিৰ জয় নিশ্চিত৷ ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰ কাজিৰঙাৰ পৰা নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে৷ কিয়নো এইবাৰ গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা নিৰ্বাচন খেলাতো প্ৰায় নিশ্চিত হৈছে৷ কাজিৰঙাত এইবাৰ বিজেপিয়ে যুৱনেতা তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে৷

কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদকঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আগন্তক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হব৷ এই কথা বৰাই নিজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ কোন লোকসভা সমষ্টিত তেওঁ টিকট বিচাৰিব সেয়াও জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ ডবকাত বৰাৰ মন্তব্য– মই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ লোভ আছে৷ জিকাৰ অংকও হিচাপ নিকাচ কৰি বুজাই দিলে ভূপেন বৰাই৷ হোজাই জিলাৰ পৰা টকা পইছা খৰচ নকৰাকৈ এক লাখ ভোটত লিড পাব ভূপেন বৰাই৷ স্থানীয় কংগ্ৰেছ নেতৃত্বৰ লগত ডবকাৰ এখন হোটেলত গোপন বৈঠকত মিলিত হৈ সকলো অংক মিলাই ভূপেন বৰা নিজে আস্বস্থ হৈছে বিজয়ী হব বুলি৷ এই অংকতেই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ৷ দীৰ্ঘ সময় চলা এই আলোচনাৰ অন্তত সাংবাদিকৰ আগত নিজৰ প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ সাংবাদিকৰ অন্য এক প্ৰশ্নৰ উত্তৰত সভাপতি বৰাই কয়- গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ সকলোৱেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হব৷ অৱশ্যে কংগ্ৰেছ দলে ৯ ডিচেম্বৰৰ পৰা প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিব৷ তেতিয়াহে গম পোৱা যাব কোন প্ৰাৰ্থীয়ে কোন সমষ্টিৰ পৰা টিকট বিচাৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মীয় ভাৰতীয় লোকসকলক যিধৰণে অপমান কৰি আহিছে বা ইছলাম ধৰ্মী ভাৰতীয় লোকসকলৰ প্ৰতি তেখেতৰ অন্তৰত যি বিদ্বষ আছে সেয়া সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰী এগৰাকীৰ বাবে অত্যন্ত অশুভনীয়৷ কোনোবা আৰ এছ এছৰ মানুহৰ সেয়া স্বভাৱসিদ্ধ আচৰণ হব পাৰে কিন্তু সংবিধানৰ নামত শপত লোৱা সংবিধান প্ৰদত্ত্ব দায়িত্বত থাকি মুখ্যমন্ত্ৰী এগৰাকীয়ে মুছলমানক যি তুচ্ছ তাচ্ছিল্য কৰি আছে সেয়া সমগ্ৰ দেশৰ কাৰণে ভাল লক্ষণ নহয় বুলি মন্তব্য কৰে ভূপেন বৰাই৷

ভূপেন বৰাই চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰি ৰেকৰ্ড গঢ়িবঃ মন্ত্ৰী পীয়ূষ হাজৰিকা 

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ শেহতীয়াকৈ কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ মন মেলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এটি মন্তব্যৰ প্ৰত্যুত্তৰত আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– ‘ভূপেন বৰা এজন লুভীয়া মানুহ৷ লোভেই পাপ, পাপেই মৃত্যু৷ কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে, ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয়বৰণ কৰিব৷ একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হৰাৰ ৰেকৰ্ড গঢ়িব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷’ মন্ত্ৰীজনে লগতে কয়– প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ এই পদক্ষেপত তেওঁ অত্যন্ত সুখী৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচন খেলি হৰাৰ ৰেকৰ্ড গঢ়াম৷ এজন দায়িত্বশীল ৰাজনৈতিক নেতাই লোভ লাগিছে বুলি ক’ব নাপায়৷ ভূপেন বৰা যে এজন লুভীয়া মানুহ, তেওঁৰ কথাতেই প্ৰমাণ হৈছে৷ আগন্তুক নিৰ্বাচনত ভূপেন বৰা ৰাজনৈতিকভাৱে মৃত্যু হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই৷ মন্ত্ৰীজনে লগতে কয় যে, আজমল নামৰ এই মানুহবিলাকক অসমৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগে৷ মুখ্যমন্ত্ৰী শৰ্মাই অবাস্তৱ কথা নকয়৷ তেওঁ যি অনুৰোধ কৰে অসমৰ ৰাইজে শুনে৷ আজমল কোনো ব্যক্তি বিশেষ নহয়৷ আজমল লাভ জেহাদৰ প্ৰতীক, আজমল ভূমি জেহাদৰ প্ৰতীক, চুৰি-ডকাইটি কৰি সমাজক সন্ত্ৰাসিত কৰা কিছুলোকৰ প্ৰতীক হ’ল আজমল৷ এনেদেৰই কিছুদিন পূৰ্বে আজমলৰ ব্যাখ্যা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ঘটনা সন্দৰ্ভত এআইইউডিএফে আইনী ব্যৱস্থা লোৱাৰ প্ৰসংগত মন্ত্ৰীজনে কয় যে, আইইউডিএফ নিজেই বেআইনী৷ তেওঁলোকে বেলেগৰ ওপৰত কি আইনীভাৱে ব্যৱস্থা ল’ব৷ বিৰোধীৰ যিসকলে চৰকাৰ তথা মুখ্যমন্ত্ৰীক সমালোচনা কৰি আছে তেওঁলোক ফলাফলৰ পিছত একবছৰলৈকে মাৰ্কেটত নাইকিয়া হৈ যাব৷ বিৰোধীয়ে উত্থাপন কৰি থকা এটা প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয়– কোনোপধ্যে মুখ্যমন্ত্ৰী  শৰ্মা আজমলৰ লগত লগ লাগিব নোৱাৰে৷ আজমল যদি সুমেৰুত আমি কুমেৰুত আছোঁ বুলি মন্তব্য কৰে মন্ত্ৰীজনে৷

আজি ডিফুত প্ৰাক্তন বিধায়কসহ বহু বিজেপি নেতাই যোগদান কৰিব কংগ্ৰেছত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ গঠন হোৱাৰে পৰা অধিক সময় কংগ্ৰেছৰ দখলত থকা জনজাতীয় লোকসভা সমষ্টি ডিফু লোকসভা সমষ্টি পুনৰউদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল৷ ইতিমধ্যে বিগত কেইটামান মাহত দুবাৰ-তিনিবাৰকৈ ডিফুলৈ অহা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি ডিফুত উপস্থিত হৈ কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ নেতৃত্বৰ লগতে কাৰ্বি আংলং জিলাৰ ৯ টা সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক আৰু যুৱ সংগঠনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত বহে৷ এই বৈঠকতে সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বিষয়টোক লৈ সংগঠনকেইটাক ৰাহুল গান্ধীৰ লগত বৈঠকত মিলিত কৰা, কাৰ্বি আংলঙৰ মাটি চুবুৰীয়া ৰাজ্যক এৰি নিদিয়া, শৈক্ষিক আৰু সামাজিক-আৰ্থিক বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাত ঐক্যমতত উপনীত হয়৷ জাতীয় সংগঠনকেইটাৰ হৈ জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে তেওঁলোকৰ দাবীসমূহ পূৰণ হোৱাৰ আশা দিলে ভৱিষ্যতৰ দিনত তেওঁলোকে কংগ্ৰেছক সহায়ৰ হাত আগবঢ়াব বুলি প্ৰকাশ কৰে৷ আনহাতে, ভূপেন বৰাই কয় যে, চুবুৰীয়া ৰাজ্যৰ লগত মিলি থকা মানে এইটো নুবুজাই যে অসমৰ মুখ্যমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানলৈ গৈ তলত বহি থাকিব৷ নেডাৰ আহ্বায়ক হৈ মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ অনুমতি নাপাব৷ আমি চুবুৰীয়া ৰাজ্যৰ লগত মিলি থাকিম কিন্তু, এইদৰে নহয়৷ আনহাতে, কালি বোকাজানৰ তিনিবাৰৰ বিধায়ক আৰু পৰিষদৰ সৰুপথাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ কাৰ্যবাহী সদস্য হোৱা বিজেপি নেতা জগতছিং ইংতি, প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা, প্ৰাক্তন পৰিষদৰ অধ্যক্ষ লংকি তিমুং আৰু বিজেপি দলৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ কন্যা মেৰি ৰংপিপীসহ বহু বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰিব৷ ভূপেন বৰাৰ পাহাৰত এনে তৎপৰতাই বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰাৰ লগতে পাহাৰৰ ৰাজনীতিত যে জোকাৰণি তুলিব তাত সন্দেহ নাই৷