Logo
image

আলফা বুলি মাছমৰীয়াক গুলী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰঃ  আলফা বুলি মাছমৰীয়াক গুলীওৱাক কেন্দ্ৰ কৰি চৰম উত্তেজনাৰ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত৷ মাছ মাৰিবলৈ যোৱা দুজন নিৰীহ লোকক আলফা বুলি সন্দেহ কৰি গুলীয়ায় আছাম ৰাইফল্‌ছৰ জোৱানে৷ গুলীত গুৰুতৰভাৱে আহত হয় লিমং লংগ্ৰী আৰু বিকাশ কুমাৰ নামৰ লোক দুজন৷ আছাম ৰাইফল্‌ছৰ জোৱানৰ গুলীত দুজনকৈ লোক আহত হোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজপথলৈ ওলাই আহে চাংলাঙৰ অগণিত লোক৷ স্থানীয় লোকসকলে ঘেৰাও কৰে আছাম ৰাইফল্‌ছৰ শিবিৰ৷ ইয়াকে লৈ শনিবাৰে সমগ্ৰ দিনটো উত্ত স্থানত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয়লোকসকলে দোষী জোৱানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত খাৰছং আৰক্ষী থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি অৰুণাচল প্ৰশাসনে অধিক আৰক্ষী আৰু অধবৰ্সামৰিক বাহিনীৰ জোৱানক মোতায়েন কৰে৷ আৰক্ষীয়ে সদৰী কৰা মতে সম্প্ৰতি পৰিস্থিতি শান্ত হৈ পৰিছে৷