Logo
image

২৪ নৱেম্বৰৰ পৰা গোৱৰাদলত তিনিদিনীয়াকৈ 'কাজিৰঙা গ্ৰন্থমেলা'

ডিজিটেল সংবাদ, নলবাৰীঃ অমৃত উপবন মাল্টি পাৰপোজ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলি ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ আয়োজন কৰা হৈছে 'কাজিৰঙা গ্ৰন্থমেলা'। দ্বিতীয় কাজিৰঙা গ্ৰন্থমেলা উদ্বোধন কৰিব বিশিষ্ট শিক্ষাবিদ, দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকাই। গোৱৰাদলস্থিত পূব নাম্বৰভাগ জাতীয় বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ 'অমৃতবাৰ্তা' উন্মোচন কৰিব বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডঃ অৱনী কুমাৰ ভাগৱতীয়ে।

দেওবাৰে কৈঠালকুছিৰ মিলন সংঘত এখন সংবাদ মেল আয়োজন কৰি এই কথা সদৰি কৰে গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি হোমেশ্বৰ তালুকদাৰে। সংবাদ মেলত তেওঁ সদৰি কৰা মতে, গ্ৰন্থমেলাত ৰাজ্যৰ সম্ভাৱনাপূর্ণ কেইবাগৰাকী শিল্পীৰ চিত্র ভাস্কর্যৰ প্ৰদৰ্শনী এখনো মুকলি কৰা হ'ব। গ্ৰন্থমেলাত কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰাৰ দিহা কৰা হৈছে। তদুপৰি গ্ৰন্থমেলাৰ অন্তিম দিন ২৬ নবেম্বৰৰ বিয়লি অনুষ্ঠিত কৰা হ'ব কবিতাৰ অনুষ্ঠান। কবিতাৰ অনুষ্ঠানত অসমৰ কেইবাগৰাকী প্ৰতিষ্ঠিত কবিয়ে অংশ ল'ব। গ্ৰন্থমেলাৰ আটাইবোৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। সংবাদ মেলত গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সম্পাদক সঞ্জীব জ্যোতি হালৈ,'অমৃত উপবন'ৰ সভাপতি বিমল শৰ্মা আৰু উপ-সভাপতি অতুল কুমাৰ বৰ্মনো উপস্থিত থাকে। 

উল্লেখ্য, বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ অৰ্থনৈতিক, সামাজিক ,সাংস্কৃতিক, শিক্ষা আদি ক্ষেত্রৰ বিকাশৰ উদ্দেশ্য আগত লৈ জন্ম লাভ কৰিছে 'অমৃত উপবন বহুমুখী সমবায় সমিতি'। স্বনির্ভৰ অসম গঢ়াৰ সংকল্প লৈ এদল উদ্যোগী যুৱকে গঠন কৰিছে অমৃত উপবন নামৰ বহুমুখী সমবায় সমিতিখন। বিগত বছৰত অনুষ্ঠিত কৰা কাজিৰঙা গ্ৰন্থমেলাত অতি আশাব্যঞ্জক সঁহাৰি পোৱা গৈছিল।