Logo
image

দৰংগিৰিৰ কলৰ বজাৰত দেশ-বিদেশৰ ক্ৰেতা

‘আমাৰ অসম’ৰ কৃষ্ণাইৰ প্ৰতিবেদক, ২০ নৱেম্বৰঃ এছিয়াৰ বিখ্যাত দৰংগিৰিৰ কলৰ বজাৰখন সাধাৰণতে শাৰদীয় দুৰ্গা পূজাৰ পৰা দেৱালীৰ পিছলৈ তথাৎ ষট্‌ পূজালৈকে উখলমাখল পৰিৱেশ হৈ থাকে৷ ষট্‌ পূজাৰ ধামখুমিয়াতে বাৰুকৈয়ে প্ৰাণ পাই উঠিছে দৰংগিৰিৰ বিখ্যাত কলৰ বজাৰখন৷ ক্ৰেতা-বিক্ৰেতাৰ ভিৰত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে দৰংগিৰিৰ চৌপাশ৷ গোৱালপাৰা জিলাৰ ৰংজুলি, ধনুভাঙা, ধূপধৰা, দৰংগিৰি, দুধনৈ, দামৰা আৰু দক্ষিণ কামৰূপৰ বকো, শিংৰা, বন্দাপাৰাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা অহা চেনিচম্পা, মালভোগ, জাহাজী, মনোহৰ আদি বিভিন্ন প্ৰজাতিৰ কলেৰে ভৰি পৰিছে এছিয়াৰ ভিতৰত বৃহত্তৰ কলৰ বজাৰখন৷ কল ক্ৰয়ৰ বাবে সমাগম ঘটা পৰিলক্ষিত হৈছে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ডৰ আদি ৰাজ্যৰ লগতে নেপালৰ বেপাৰীৰ৷ দৰংগিৰিৰ পৰা ৰপ্তানি হৈছে ট্ৰাকে ট্ৰাকে কল৷ সাধাৰণতে দৰংগিৰিৰ কলৰ বজাৰ বাৰমাহে দিনে-নিশাই বহে, অৰ্থাৎ সপ্তাহটোৰ প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে নিয়মিতভাৱে চলে যদিও দীপাৱলীৰ প্ৰাকমুহূৰ্তৰ পৰা ষট্‌ পূজালৈ বজাৰ বিভিন্ন প্ৰজাতিৰ কলেৰে উভৈনদী হৈ পৰে দৰংগিৰি৷  অৱশ্যে এইবেলি বিগত বছৰবোৰতকৈ বজাৰলৈ কলৰ আমদানি হ্ৰাস পোৱা বুলি দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ পৰা জানিব পৰা গৈছে৷ কাৰণ দুমাহ পূৰ্বে হঠাতে অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বহু কৃষকৰ কলৰ বাগান ধুমুহাত বিধবস্ত হয়৷ ফলত বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হয় কলৰ খেতিয়কসকল৷ ইপিনে বজাৰলৈ কলৰ আমদানি কিছু হ্ৰাস পোৱাত প্ৰতি থোক চেনিচম্পা কলৰ দাম চাৰিশ, পাঁচশ টকালৈ বৃদ্ধি পায়৷ এইবেলি হঠাৎ কলৰ দাম বৃদ্ধি পোৱাত বহিঃৰাজ্যৰ বেপাৰীসকল সমস্যাত পৰা বুলি জানিবলৈ দিয়ে৷ দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ তত্ত্বাৱধানত পৰিচালিত বজাৰখনত বহিঃৰাজ্যৰ বেপাৰীসকল থকাৰ বাবে বিনামূলীয়াকৈ সকলো সু-ব্যৱস্থা কৰি দিয়ে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে৷ তথাপিতো দৰংগিৰিত থকা-খোৱাৰ বাবে ভাল হোটেল বা অতিথিশালা নথকাত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় বহিঃৰাজ্যৰ বেপাৰীসকলৰ৷ অৱশ্যে কম দিনৰ ভিতৰত এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰৰূপে খ্যাত দৰংগিৰিৰ কলৰ বজাৰখন ক্ৰেতা-বিক্ৰেতা সকলোৰে বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা উপলব্ধ এখন অত্যাধুনিক কলৰ বজাৰৰূপে গঢ়ি তোলা হ’ব৷ অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদে বজাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় পোন্ধৰ কোটি টকাৰ এটি প্ৰকল্প হাতত লৈছে আৰু ইয়াৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলি দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ৰাভাই জানিবলৈ দিয়ে৷ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাক অনুৰোধ জনাইছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে৷ প্ৰণিধানযোগ্য যে দৰংগিৰিৰ কলৰ বজাৰখনক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ দৰংগিৰিৰ লগতে ধূপধৰা, ধনুভাঙা, ৰংজুলি, দুধনৈ, দামৰাৰ বহু শিক্ষিত নিবনুৱা যুৱকে বৃহৎ বৃহৎ কলৰ বাগান গঢ়ি স্বাৱলম্বী হোৱাৰ লগতে বহু লোকক কৰ্ম সংস্থান দিবলৈ সক্ষম হৈছে৷ তদুপৰি দক্ষিণ কামৰূপ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোপাহাৰৰ বহু লোক কল খেতিৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ উল্লেখ্য, দৰংগিৰিৰ কলৰ বজাৰখনে গোৱালপাৰা জিলাৰ অৰ্থনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷