Logo
image

সবৰমতীত জাহ গ’ল ভাৰতৰ স্বপ্ন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ নৱেম্বৰঃ শ্বেইক্সপিয়েৰ জীয়াই থকা হ’লেও আজি দুখ কৰিলেহেঁতেন তেওঁৰ অসমৰ্থতাৰ বাবে৷ তেওঁ যি সমস্ত সাহিত্যকৰ্ম সৃষ্টি কৰিছিল, তাৰ সকলো ট্ৰেজেডিৰ সমাহাৰ ঘটায়ো বিশ্বৰ অগনিত পাঠকৰ মনত যিমান শোকগাঁথাৰ সৃষ্টি কৰিছিল, আজি সবৰমতীৰ তীৰত মাথোঁ এখন ক্ৰিকেট মেচৰ পৰাজয়ত তাতকৈ শতগুণে অধিক অধিক শোকৰ লহৰ বৈ গ’ল ১৪০ কোটি ভাৰতবাসীৰ মনত৷ মহামতি নেপোলিয়নে তেওঁৰ কেইহাজাৰমান কংকালসাৰ সেনাক যি যাদুৰ বলেৰে বৰফেৰে পোত গৈ থকা আল্পছ পৰ্বতৰ নামনিয়েদি আগবঢ়াই নি ইতালিৰ সমভূমিত ইখনৰ পাছত সিখন যুদ্ধত বিজয়ী হৈ অপৰাজেয় সেনাপতিৰ কীৰ্তি আৰ্জিছিল, ঠিক একেদৰে ভাৰতীয় ক্ৰিকেট দলৰ সেনাপতি ৰোহিত শৰ্মায়ো তেওঁৰ যাদুকৰী বেটৰ মহিমাৰে একেৰাহে ১০ খনকৈ মেচত শত্ৰুক পৰাজিত কৰি অপৰাজেয়ৰ খিতাপ শিৰোধান কৰিছিল৷ কিন্তু ‘ইনভিনচিবল’ হিচাপে গৌৰৱগাঁথা অৰ্জন কৰিও ৰোহিত শৰ্মা পৰাভূত হ’ল অন্তিম যুদ্ধত, যিদৰে অপৰাজেয় নেপোলিয়ন বোনাপাৰ্ট শেষবাৰৰ বাবে পৰাজিত হৈছিল ব্ৰুছেলছৰ সমীপৰ এখন সৰু গাঁও ৱাৰ্টাৰলুৰ যুদ্ধত৷ ৰোহিত শৰ্মাৰ অপৰাজেয় বাহিনীৰ বাবে ৱাৰ্টাৰলু হৈ পৰিল গুজৰাটৰ আহমেদাবাদ, যিদৰে নেপোলিয়নৰ অপৰাজেয় গাৰ্ড পল্টনে এবাৰেই, কিন্তু শেষবাৰৰ বাবে হাৰ মানি খ্যাতিমন্ত কৰি থৈ গৈছিল স্বল্পখ্যাত ৱাৰ্টাৰলুক৷

আহমেদাবাদৰ সবৰমতীৰ নীলা পানীত আজি জাহ গ’ল ১৪০ কোটি ভাৰতীয়ৰ কষ্টাৰ্জিত স্বপ্ন৷ সবৰমতীৰ তীৰত আহি ডুবিল ৰোহিতবাহিনীৰ অপৰাজেয় তৰী৷ অজিবাহিনীৰ বিৰুদ্ধে ল’বলগীয়া প্ৰতিশোধৰ সপোনো উটুৱাই নিলে খৰস্ৰোতা সবৰবমতী নদীৰ সোঁতে৷ তেনে এক স্বপ্ন পুনৰ কেতিয়াকৈ ১৪০ কোটি ভাৰতীয়ৰ মনত তিল তিলকৈ জীপ লয়, তাৰ কোনো নিশ্চয়তা নাই৷ কিয়নো এনে এক অপৰাজেয় বাহিনী বাৰম্বাৰ একগোট কৰা অসম্ভব নহ’লেও কঠিনতম কাম৷ ১৪০ কোটি ভাৰতীয়ই সপোন দেখিছিল ৰোহিতবাহিনীৰ বিক্ৰমৰ ওপৰতে নিৰ্ভৰ কৰি৷ ২০০৩ চনত ৰিকি পণ্টিংবাহিনীৰ হাতত শোচনীয় পৰাজয়ৰ প্ৰতিশোধ লোৱাও আছিল প্ৰতিজন ভাৰতীয়ৰ কামনা৷ কিন্তু আহমেদাবাদৰ ফাইনেলত ৰোহিত শৰ্মাৰ অশ্বমেধৰ ঘোঁৰা বন্দী হ’ল পেট কামিন্সৰ বিশ্বজয়ী বাহিনীৰ হাতত৷ থমকি ৰ’ল ৰোহিতবাহিনীৰ বিজয়ৰথ, যি নিমিষতে থান-বান কৰি নিলে ভাৰতবাসীৰ ১২ বছৰে পুহি ৰখা বিশ্বজয়ৰ স্বপ্ন আৰু ২০ বছৰে জীয়াই ৰখা প্ৰতিশোধ পূৰণৰ দুৰ্বাৰ আকাংক্ষা৷

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতৰ মৃত্যুৰ এপিটাফ আজি কি নিজেই লিখিলে ৰোহিত শৰ্মাই? নে ভাৰতৰ কবৰত এপিটাফ লিখাৰ আৰম্ভণি কৰিছিল অষ্ট্ৰেলিয়াৰ অপেনাৰ ট্ৰেভিছ হেডে? সেই তৰ্ক দীৰ্ঘদিন চলিব, তাত সন্দেহ নাই; কিন্তু ট্ৰেভিছ হেডে যেতিয়া উভতি কেইমিটাৰমান দৌৰি ৰোহিত শৰ্মাই দিয়া কঠিন কেচটো হাতৰ মুঠিত বন্দী কৰিছিল, তেতিয়াই যেন সূচনা হৈছিল টীম ইণ্ডিয়াৰ কবৰত লিখা এপিটাফৰ প্ৰথমটো বাক্য৷ স্বীকাৰ কৰাত দ্বিধবা নাই, সেই ট্ৰেভিছ হেডেই একক দক্ষতাৰে কাঢ়ি লৈ গ’ল ভাৰতৰ স্বপ্নৰ বিশ্বকাপ৷ বেটিঙৰ বাবে কঠিন হৈ পৰা পিট্‌চত যেতিয়া ট্ৰেভিছ হেডে ১৩৭ ৰান কৰি বিদায় লৈছিল, তেতিয়া ৫ বাৰৰ বিশ্ব চেম্পিয়ন অজিবাহিনী ষষ্ঠটো বিশ্বকাপৰ পৰা মাথোঁ ২ ৰান দুৰত আছিল৷ অবলীলাক্ৰমে সেয়া নিশ্চিত কৰিছিল গ্লেন মেক্সৱেলে৷ সন্দেহাতীতভাৱে আজি অষ্ট্ৰেলিয়া ক্ৰিকেটৰ ব্ৰাজিল, যাৰ শিৰত জলমল কৰিছে ৬ টাকৈ বিশ্বকাপে৷

পৰাজয়ৰ পাছত খলনায়ক বাছনি কৰা সহজ কাম৷ কিন্তু ভাৰতবাসীৰ স্বপ্ন সবৰমতী নদীত বিসৰ্জন দিয়াৰ আজি সূচনা কৰিছিল অধিনায়ক ৰোহিত শৰ্মাই নিজেই৷ দলৰ স্ক’ৰবৰ্ডত ৭৬ ৰান জিলিকি আছিল, নিজৰ অভাৰৰ দুটা বলত ক্ৰমে ছিক্সাৰ আৰু বাউণ্ডেৰী উপৰ্যুপৰি দুটা বলত কোবাইছিল৷ তথাপি তৃতীয়টো বলত ফাইনেলৰ দৰে এখন অশেষ গুৰুত্বপূৰ্ণ মেচত ৰোহিত শৰ্মাই ‘বিগ শ্বট’ ল’বলৈ গৈ কিয় নিজৰ মূল্যৱান উইকেট বিসৰ্জন দিলে, সেয়া সকলোৰে বাবে পৰম বিস্ময়৷ কিয়নো দলৰ ৩০ ৰানত অপেনাৰ শুভমন গিলে বিদায় লৈছিল আৰু তেতিয়া দায়িত্বশীল অধিনায়কৰ দৰে বিৰাট কোহলিৰ সৈতে তেওঁ দলৰ ইনিংছ আগবঢ়াই নিয়াৰ সলনি ট্ৰেভিছ হেডৰ হাতত তুলি দিলে চৰম অনাকাংক্ষিত কেচ৷ ট্ৰেভিছ হেডৰ হাতত যেন ৰোহিত শৰ্মাই কেচ তুলি দিয়া নাছিল, তুলি দিছিল বিশ্বকাপটোহে৷ কিয়নো ইয়াৰ পাছত কোনো এজন ভাৰতীয় বেটাৰে অষ্ট্ৰেলিয়াৰ বলাৰক শাসন কৰিব নোৱাৰিলে, যিদৰে এই বিশ্বকাপত শালন কৰিছিল প্ৰতিটো দলক৷ এই বিশ্বকাপৰে লীগৰ মেচতে ভাৰতে প্ৰথমটো বেট কৰা ৫ খন মেচত তিনিবাৰ ৩৫০ অতিক্ৰম কৰিছিল আৰু এবাৰ কৰিছিল ৫ উইকেটত ৩২৬ ৰান৷ দলটোৰ টপ অৰ্ডাৰ আৰু মিডল অৰ্ডাৰৰ ৫ জন বেটছমেনৰ ৪ জনে উপৰ্যুপৰি শতৰান কৰিছিল৷ প্ৰথমে বেট কৰা সকলো মেচতে গড়ে ১৭৫ ৰানৰ ব্যৱধানত জয়লাভ কৰিছিল৷ পাছত বেটিং কৰোতে গড়ে হাতত ৬৪.৪টা বল ৰাখি বিজয়ী হৈছিল৷ অপ্ৰতিৰোধ্যৰ উদাহৰণ ইয়াতকৈ আৰু কি লাগে? কিন্তু ৰোহিতবাহিনীত এজনো যুৱৰাজ সিং নাছিল, এজনো এমএছ ধোনি নাছিল, যি লৱাৰ মিডল অৰ্ডাৰত দলক পৰ্যাপ্ত ৰান দিব পাৰে বা পাছত বেটিং কৰিলে ‘ফিনিশ্বাৰ’ৰ ভূমিকা ল’ব পাৰে৷ সকলো মেচত টপ আৰু আপাৰ মিডল অৰ্ডাৰৰ সাফল্যত ৰোহিত বাহিনীৰ সেই দুৰ্বলতা লুকাই আছিল৷ আজি অজিবাহিনীয়ে অপৰাজেয় টীম ইণ্ডিয়াৰ কংকাল সকলোৰে সন্মুখত উন্মোচন কৰি দিলে৷ যিখন পিট্‌চত বিশ্বৰ সৰ্বাধিক এদিনীয়া চেঞ্চুৰীৰ অধিকাৰী বিৰাট কোহলিৰ বেটিঙত কষ্ট হৈছিল সেই পিটচত অনায়াস বেটিং কৰিছিল অষ্ট্ৰেলিয়াৰ বেটাৰে৷ ইমানদিনে ত্ৰাসৰ সঞ্চাৰ কৰা ভাৰতীয় ভয়ংকৰ ‘পেচ এটেক’ ক্লাব পৰ্যায়লৈ অৱনমিত কৰি অজিবাহিনীয়ে যি বেটিং বিক্ৰম প্ৰকাশ কৰিলে, তালৈ চাই মতেৰাৰ পিট্‌চ মুঠেই বেটিঙৰ বাবে কঠিন যেন নালাগিল৷ লীগৰ পৰা ছেমি ফাইনেললৈ প্ৰতিপক্ষক ৭ বাৰ অল আউত কৰা ভাৰতৰ ত্ৰিমুখী পেচ আক্ৰমণৰ আজি যি নাজল নাথল অৱস্থা হ’ল–কোনে জানে অচিৰেই অতি হিন্দু ভাৰতীয় ক্ৰিকেট উন্মাদে পুনৰ মহম্মদ ছামি, মহম্মদ ছিৰাজক পাকিস্তানলৈ পঠিয়াবই পাৰে৷