Logo
image

তুলিৰামৰ একনায়কত্ববাদ! কাৰ্বি পাহাৰত ভেটি কঁপিছে বিজেপিৰ

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ নৱেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙৰ একনায়কত্ববাদত অতিষ্ঠ হৈছে কাৰ্বিআংলঙৰ সৰ্বসাধাৰণ৷ কাৰ্বিপাহাৰ বিজেপিৰ ভেটি কঁপাই দেওবাৰে বিজেপিৰ ৬৮০জন বিভিন্ন পৰ্যায়ৰ নেতাই কংগ্ৰেছত যোগদান কৰে৷  ডিফুত আজি কংগ্ৰেছৰ এক বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে– আজি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেল আৰু আমি ২০২৬ৰ অসম কাপলৈ সাজু হৈ পৰিছোঁ৷ উল্লেখ্য, ডিফুত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচীত অংশ ল’বলৈ কালিৰ পৰা ডিফুত বাহৰ পাতিছিল কংগ্ৰেছ সভাপতিজনে৷ আজি পুৱা ১১ বজাত ডিফু ক্লাবত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বোকাজানৰ তিনিবাৰৰ বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১২তম্‌ বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পদত থকা জগতছিং ইংতি, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা, বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ জীয়ৰী ছেৰিশ্মা ৰংপিপীয়েও আজি কংগ্ৰেছ দলত যোগদান কৰে৷ মুঠ ৬৮০গৰাকী ব্যক্তিয়ে আজি কংগ্ৰেছ দলত যোগদান কৰে৷ ডিফু ক্লাবত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচীত সহস্ৰাধিক লোক উপস্থিত থাকে৷ আজিৰ এই যোগদান কাৰ্যসূচীত ভূপেন বৰাৰ উপৰি দলৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থ, সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ বীৰেণছিং ইংতি, কাৰ্বি আংলং জিলা কংগ্ৰেছ সভাপতি চুম ৰংহাং, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সভাপতি ছিং টেৰণ, প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেং আদি শীৰ্ষ নেতা উপস্থিত থাকে৷ কংগ্ৰেছত যোগদান কৰি দিয়া ভাষণত জগতছিং ইংতিয়ে বিজেপি দলে তেওঁলোকৰ লগতে অসমবাসী আৰু পাহাৰৰ ৰাইজক চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে৷ বৰ্তমান বিজেপি নেতৃত্বাধীন পৰিষদখন চৰম দুৰ্নীতিত নিমজ্জিত হৈ বুলি দাবী কৰি তুলিৰাম ৰংহাঙৰ একনায়কতাবাদৰ শাসন চলা বুলি কয়৷ তেওঁ লগতে কয় যে কোটি কোটি টকাৰ বিল্ডিং হৈছে যদিও ঠিকাদাৰ কিন্তু এটা পৰিয়ালৰ৷ চিবিআই নিৰপেক্ষ তদন্ত হ’লেই সকলো ওলাই পৰিব৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ দান কংগ্ৰেছ দলেই সংবিধানত ২৪৪ (ক) দফা সন্নিৱিষ্ট কৰি তিনিখন পাহাৰীয়া জিলাক স্বায়ত্ত শাসনৰ সুবিধা প্ৰদান কৰি থৈ গৈছে৷ এতিয়া আমাৰ এটাই লক্ষ্য সেইটো হ’ল বিজেপি হাটাও, দেশ বাচাও আৰু তুলিৰাম হাটাও, কাৰ্বি আংলং বাচাও৷ আনজন বিজেপি ত্যাগী নেতা প্ৰদীপ ডিফুছাই কয় ২০১৪ চনত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰৰোচনাত পৰি আমি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিলো৷ সেইটো আমাৰ ভুল আছিল আৰু টেঙা আম দুবাৰ বেছিব নোৱাৰে৷ লক্ষ্যণীয়ভাৱে ডিফুছাই অসম-নগালেণ্ড সীমান্তৰ ২৫ কিলোমিটাৰ সীমান্ত এতিয়াও উন্মুক্ত হৈ থকাৰ কথা উল্লেখ কৰি বিজেপিৰ দিনত আমাৰ ভেটি-মাটি কিদৰে সুৰক্ষিত হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে৷ আনহাতে, কমলাক্ষ দেব পুৰুকায়স্থই ভাষণ প্ৰদান কৰি কয় যে– মানুহৰ দিন বেয়া হ’লে কংগ্ৰেছ দিন বেয়া হয় আৰু মানুহৰ দিন ভাল হ’লে কংগ্ৰেছৰ দিন পুনৰ ভাললৈ আহে৷ তুলিৰাম ৰংহাং আৰু দেবলাল গাৰ্লোছাই দুই পৰিষদত লুট-পাত চলাইছে৷ মুখ্যমন্ত্ৰীৰ এই দুই ভায়ে পাহাৰৰ সম্পত্তি লুটি-পুতি খাইছে৷ পাহাৰত এতিয়া অসম চৰকাৰে ঋণ লৈ এক কিলোমিটাৰ পথ ৰ কোটি টকাত নিৰ্মাণ কৰা বুলিও দেবে মুখ্যমন্ত্ৰীক কটাক্ষ কৰে৷ ভূপেন বৰাই ভাষণ প্ৰদান কৰি কয় যে– অসমৰ ভিতৰত কাৰ্বি আংলঙেই এখন জিলা য’ৰ পৰা কোনো কংগ্ৰেছী  নেতা বিজেপিলৈ নোযোৱাৰ বিপৰীতে বিজেপি দলৰ পৰা নেতা কংগ্ৰেছত যোগদান কৰিছে৷ বিজেপিয়ে শ্লৌগান দিছিল কংগ্ৰেছ মুক্ত ভাৰতৰ কথা৷ জগতছিং ইংতিৰ যোগদানে প্ৰতিপন্ন কৰিলে কংগ্ৰেছ আজিও শক্তিশালী৷ বিজেপিৰ ৰাজনীতি এতিয়া সাধাৰণ মানুহে লাহে লাহে বুজি উঠিছে৷ বিজেপিয়ে কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ দিনত কৰিম বুলি বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি এতিয়া অসাৰ হ’ল৷ বিজেপিৰ কাৰ্বি আংলঙত ভেটি বনোৱা জগতছিং ইংতি, চুম ৰংহাং, জয়ৰাম ইংলেং এতিয়া পুনৰ কংগ্ৰেছ দলত৷ ইপিনে, কালি নিশা এজন বিজেপি কৰ্মীয়ে তেওঁক ফোন কৰি তুলিৰাম ৰংহাঙৰ ঘৰত বহু কেইটা গডৰেজত ১০০ কোটিতকৈ অধিক ধন মজুত আছে৷ বহু ধন থাকিলেও এতিয়া জনতাক কিনিব নোৱাৰে৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডু ৰাপ্পাৰ দুৰ্নীতিয়ে গোটোৱা শ শ কোটি টকা আছিল যদিও কংগ্ৰেছ দলে তাত জয় লাভ কৰিবলৈ সক্ষম হয়৷ কেৱল হিন্দু-মুছলমানৰ কথা কোৱা বিজেপি দল হিন্দু অধ্যুষিত ৰাজ্যত কংগ্ৰেছৰ হাতত পৰাভূত হৈছে৷ দেশৰ জনতাই এতিয়া বুজি পাইছে হিন্দু-মুছলমান কৰিলে আমাৰ মৌলিক সমস্যা সমাধান নহয়৷ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাৰ্বি আংলঙৰ ভূমি মেঘালয়ক গতাই দিবলৈ ওলাইছে৷ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা মেঘালয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত তলত বহি থাকিব লগীয়া হ’ল৷ মেঘালয়ক এক ইঞ্চি ভূমিও কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আহিলে প্ৰদান নকৰে বুলি দাবী কৰি আমাকো মেঘালয়ৰ এক ইঞ্চি ভূমিও নাালাগে বুলি হুংকাৰ দিয়ে বৰাই৷ আজি দেশ, ৰাজ্য, জিলা আৰু যুৱ প্ৰজন্মৰ স্বাৰ্থত, দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত ভাৰতৰ দ্বিতীয়খন স্বাধীনতা সংগ্ৰামত আমি অৱতীৰ্ণ হৈছো বুলি তেওঁ দাবী কৰে৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বৰাই কয় যে– কাৰ্বি আংলঙলৈ ভ্ৰমণলৈ আহি মুখ্যমন্ত্ৰী শৰ্মাই ঘূৰি যাওতে এহেজাৰ বিঘা ভূমি চাই যায়, এখন বাগান চাই যায়৷ অৰুণোদয়ৰ বতাহত বিৰোধী উৰি যাব বুলি কোৱা কথাটো উল্লেখ কৰি অসমত অৰুণোদয় নোপোৱাৰ সংখ্যাই অধিক বুলি বৰাই দাবী কৰে৷ অসমত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ’লে ৫০০ টকাত ৰন্ধন গেছ আৰু বিজুলী বিনামূলীয়া হ’ব বুলি তেওঁ কয়৷ বিজেপিৰ নীতি নিজৰ পৰিয়ালক এহেজাৰ কোটি প্ৰদান কৰা আৰু সাধাৰণ জনতাক ১২৫০ টকা প্ৰদান কৰা৷ আমি চৰকাৰ গঠন কৰিলে প্ৰতিগৰাকী মহিলাক ২৫০০ টকাকৈ দিম বুলিও তেওঁ ঘোষণা কৰে৷ বিজেপি চৰকাৰে অসম চুক্তিৰ আত্মাক ধবংস কৰিলে বুলি উল্লেখ কৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পত্তিৰ তদন্ত হ’ব বুলিও বৰাই দাবী কৰে৷

মন্ত্ৰী পীয়ূষ হাজৰিকাক নাথুৰাম গড্‌ছেৰ পূজাৰী আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদকঃ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাজত বাকযুদ্ধ পুনৰ আৰম্ভ হৈছে৷ মন্ত্ৰী পীয়ূষৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক৷ ভূপেন বৰাই কয়– মহাত্মা গান্ধীৰ হত্যাকাৰীৰ মতে কংগ্ৰেছ দল পৰিচালিত নহয়৷ মন্ত্ৰী গৰাকীক উদ্দেশ্যি ভূপেন বৰাৰ মন্তব্য – যিসকলে নাথুৰাম গডছেক পূজা কৰে সেই সকলৰ কথাত গুৰুত্ব নিদিয়ে কংগ্ৰেছে৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বৰাই মন্ত্ৰীগৰাকীক মহামানৱ মহাত্মাগান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ পূজাৰী বুলি আখ্যা দিয়ে৷ উল্লেখ্য কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ লোভ আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি ডবকাত ঘোষণা কৰিছিল৷ ইয়াৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাক লোভীয়া নেতা বুলি আখ্যা দি ৰাজনীতিত সকলোতকৈ লোভীয়া মানুহ বুলি ভূপেন বৰাক কটাক্ষ কৰিছিল৷ ইফালে বৰাই মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়– ভাৰতীয় মুছলমানৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সংবিধানৰ নামত শপত লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্য সংবিধানৰ বাবে আৰু দেশৰ বাবে অতি দুৰ্ভাগ্যজনক৷ বৰাই লগতে অসম আৰক্ষীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই কয়– অসম আৰক্ষীৰ যদি সাহস আছে, যদি অকণো স্বতন্ত্ৰতা আছে তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ লৈ এবাৰ গ্ৰেপ্তাৰ কৰি দেখুৱাওক৷ উল্লেখ্য যে, কালি ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে কৈছিল– কংগ্ৰেছক ভোট দিয়া মানে, ঔৰংগজেৱ বাবৰক ভিটামিন দিয়া৷ তাৰ উত্তৰত আজি সন্ধিয়া হোজাইৰ নীলবাগানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই৷ যমুনামুখৰ সংখ্যালঘু কোষৰ নেতা চাহাব উদ্দিন মজুমদাৰৰ নেতৃত্বত নীলবাগানত সভাপতি গৰাকীক দলীয় কৰ্মী সমৰ্থকসকলে বিপুলভাবে সম্বৰ্ধনা জনায়৷ সভাপতি গৰাকীয়ে কংগ্ৰেছ কৰ্মী সমৰ্থক আৰু হোজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে মত-বিনিময়ো কৰে৷