Logo
image

হাতীগাঁৱৰ সিজুবাৰীৰ অপহৃত শিশুক উদ্ধাৰ

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ সিজুবাৰীৰ পৰা  উদ্ধাৰ কৰা হৈছে অপহৃত শিশুক । অসম আৰক্ষীৰ ক্রাইম ব্রান্সে অভিযান চলাই উদ্ধাৰ কৰে কৰিজুল হুছেইন নামৰ শিশুটিক। অপহৰণৰ কেইঘণ্টামানৰ পিছতে উদ্ধাৰ কৰা হয়  শিশুটিক। উল্লেখ্য যে  গুৱাহাটীৰ সিজুবাৰীৰ কনকলতা পথত সংঘটিত হৈছিল এই অপহৰণৰ ঘটনা। দেওবাৰে দিনত অপহৰণ কৰা হৈছিল ৬ বছৰীয়া শিশুটি।

অপহৃত শিশুটিৰ মাতৃৰ ভাষ্য অনুসৰি ঘৰৰ সমীপতে ককায়েকৰ লগত খেলি থকা অৱস্থাত দুজন অচিনাক্ত যুৱকে আহি খেলনা বস্তু দিয়াৰ চলেৰে অপহৰণ কৰি লৈ যায়  শিশুটিক।

এই অপহৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে নম্বৰবিহীন বাইক ব্যৱহাৰ কৰিছিল অপহৰণকাৰীয়ে। মুখত মাস্ক পৰিধান কৰি আহিছিল অপহৰণকাৰীজন। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।