Logo
image

কাইলৈৰ পৰা আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনঃ মৰিগাঁৱত উখল-মাখল পৰিৱেশ

ডিজিটেল সংবাদ, মৰিগাঁওঃ মঙলবৰাৰ পৰা তিনিদিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও চহৰত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ অধিৱেশন। ইয়াকে লৈ উদুলি-মুদুলি হৈ পৰিছে মধ্য অসমৰ মৰিগাঁও চহৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহিবলগা হাজাৰ হাজাৰ প্ৰতিনিধি, অতিথিক আদৰিবলৈ সাজু হৈছে মৰিগাঁওবাসী। উল্লেখ্য যে ছাত্ৰ সংগঠনটোৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা, মৰিগাঁও সদৰ ছাত্ৰ সন্থা আৰু মৰিগাঁওবাসীৰ আতিথ্যত মৰিগাঁও চহৰত অনুষ্ঠিত হ'বলগীয়া আছুৰ অধিৱেশনক লৈ উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ গৃহ চহৰ মৰিগাঁৱত কাইলৈৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া অধিৱেশনক লৈ কেবল আছুৰ নেতা-কৰ্মীৰ মাজতেই নহয়, মৰিগাঁও জিলাবাসীৰ মাজত দেখা গৈছে সীমাহীন ব্যস্ততা। 

ইতিমধ্যে আদৰণী সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰ আৰু সাধাৰণ সম্পাদক উৎপল শৰ্মাৰ নেতৃত্ব অভ্যর্থনা সমিতি, ২৭ খনকৈ উপসমিতিয়ে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সাম্প্ৰতিক পৰিস্থিতিত অতি তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হোৱা আছুৰ অষ্টাদশ অধিবেশনখনলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত মৰিগাঁৱৰ ঐতিহাসিক স্কুল খেলপথাৰত বিৰাজ কৰিছে জাকজমকীয়া পৰিবেশৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক আপ্যায়নৰ বাবে মৰিগাঁও চহৰস্থিত হাউছফেডৰ চৌহদত ৰান্ধনী গৃহ, বৃহৎ আকাৰৰ ভোজনালয়  নিৰ্মাণ কৰিছে। ইয়াৰ সমান্তৰালকৈ মৰিগাঁও উচ্চতৰ মাধ্যমিকৰ বহুমুখী বিদ্যালয়ৰ  খেলপথাৰত বিশাল মূল মণ্ডপ নিৰ্মাণ কৰা হৈছে।

মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সুদৃশ্যমান  প্ৰতিনিধি সভাগৃহৰ নিৰ্মাণ সম্পূৰ্ণ  হৈছে। তদুপৰি গ্রন্থমেলা, থলুৱা খাদ্যমেলা আৰু প্রদর্শনীত বহুবিপণীয়ে অংশগ্রহণ কৰিব। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাত ২১ নৱেম্বৰত পুৱা ৯ বজাত অধিৱেশনৰ মূলস্থলী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্র উদ্বোধন আৰু মূল তোৰণ মুকলি কৰিব ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰচিং বৰদলৈয়ে৷ পুৱা ৯.৩০ বজাত শ্বহীদ গজেন ইংতি-পুতুল শইকীয়া সোঁৱৰণী মূল মঞ্চ আৰু মণ্ডপ মুকলি কৰিব মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰে। পুৱা ১০ বজাত পাটেকীবড়ি থানৰ চ'ৰাঘৰৰ আৰ্হিৰ অতিথিগৃহ মুকলি কৰিব বিশিষ্ট শিক্ষাবিদ পোনাৰাম নাথে। পুৱা ১০.৩০ বজাত : প্রয়াত প্রদীপ শইকীয়া সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ মুকলি চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্র নাথে, পুৱা ১১ বজাত প্রয়াত দেবেন্দ্র নাথ হাজৰিকা সোঁৱৰণী বাণিজ্যমেলাৰ দ্বাৰ মুকলি কৰিব মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে। পুৱা ১১.৩০ বজাত  খাদ্যমেলাৰ দ্বাৰ মুকলি কৰিব মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নবীন চন্দ্ৰ কোঁৱৰে৷ দুপৰীয়া ১২ বজাত কুইজ প্রতিযোগিতাৰ উদ্ধোধন কৰিব ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিষ্ণু প্রসাদ উপাধ্যায়ে আৰু  তর্ক প্রতিযোগিতাৰ উদ্ধোধন কৰিব জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্র নেওগে। দুপৰীয়া ১ বজাৰ পৰা প্ৰতিনিধিৰ নাম পঞ্জীয়ন, দুপৰীয়া ২ বজাত প্রতিনিধি শিবিৰ মুকলি কৰিব আদৰণী সমিতিৰ মুখ্য উপদেষ্টা হৰেন্দ্ৰ বৰা আৰু আবেলি ৪ বজাত ভোজনালয়ৰ দ্বাৰ মুকলি কৰিব বিৰিঞ্চি কুমাৰ শৰ্মা, মুখ্য উপদেষ্টা, আদৰণী সমিতিৰ অন্যতম মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাই। সন্ধিয়া ৫ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰবীন শিল্পী অশোক ডেকাই। নিশা ৯ বজাত  কেন্দ্রীয় কার্যনির্বাহক সভা। 

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনখনে আছু নেতা কৰ্মীৰ বয়সৰ প্ৰসংগই  গুৰুত্ব বৃদ্ধি কৰিছে।  বিশেষকৈ আছুৰ দুলীয়াজান অধিৱেশনৰ সংস্কাৰী সিদ্ধান্ত সমূহ কাৰ্যকৰীকৰণ, লক্ষীমপুৰ সাধাৰণ সভাই আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যক বয়সৰ আওতাৰ পৰা আঁতৰাই থৈ তেওঁৰ ইচ্ছানুসৰি সংগঠনটোলৈ সেৱা আৰু পৰামৰ্শ আগবঢ়াই যোৱাৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত,বিদ্ৰোহী ছাত্ৰনেতা দিব্যজ্যোতি মেধিয়ে ন্যায় বিচাৰি ন্যায়ালয়ৰ শৰনাপন্ন হোৱা লগতে মুকলিকৈ আছুৰ নীতি আৰু নেতাক সমালোচনা কৰি কৰা বিতৰ্কৰ আওতালৈ ঠেলি দিয়া উপৰি সাম্প্ৰতিক কালৰ ৰাজ্যখনৰ আৰ্থসামাজিক, ৰাজনৈতিক পৰিস্থিতি  শৈক্ষিক দিশসমূহে স্থান লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে অষ্টাদশ মৰিগাঁও অধিবেশনৰ অধিৱেশনৰ প্ৰাকক্ষণত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি তথা আদৰণি সমিতিৰ সাধাৰণ সম্পাদক উৎপল শৰ্মাই কয় যে সাম্প্ৰতিক সময়ত ছাত্ৰ সন্থাৰ গুৰুত্ব বহন কৰা অধিৱেশনে অসমীয়া জাতি তথা জাতীয় সংগঠনটোলৈ আশাৰ বতৰা, সাহস আৰু প্ৰেৰণা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। সামুহিক পৰিকল্পনাৰে জাতিটোক সংকটৰ মুখৰ পৰা ৰক্ষা কৰা উপৰিও শৈক্ষিক দিশত ছাত্ৰ সমাজক সঠিক দিশত আগুৱাই নিয়াৰ দিকনির্ণয়ৰে ছাত্ৰ সন্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা এই অধিবেশনখন আছুৰ ইতিহাসৰ উল্লেখনীয় অধিৱেশন হিচাপে পৰিচিত হ'ব বুলি প্ৰকাশ কৰে।