Logo
image

চোকাৰ্ছ! বিশ্ব ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ স্থান ল’লে ভাৰতে

‘আমাৰ অসম’ৰ বিশেষ¸ প্ৰতিবেদন, ২১ নৱেম্বৰঃ ১৯৯২ চনত আন্তৰ্জাতিক ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ পাছত দুৰ্দান্ত প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটোৱে প্ৰায় অপৰাজেয়ৰ আখ্যা লাভ কৰিছিল৷ কিন্তু বৃহৎ প্ৰতিযোগিতাত সদায়েই গুৰুত্বপূৰ্ণ খেলত পৰাজিত হৈ দলটোৱে ‘চোকাৰ্ছ’ আখ্যা লাভ কৰে৷ ইংৰাজীত ‘চোকাৰ্ছ’ শব্দটো প্ৰকৃততে অশালীন শব্দৰ ভিতৰতে পৰে৷ হতাশাজনক বা মৰ্মাহত হ’ব পৰা পৰিস্থিতিক ‘চোকাৰ্ছ’ শব্দটো ব্যৱহাৰ কৰি বুজোৱা হয়৷ তাৰ পৰাই ক্ৰিকেটলৈ আগমন ঘটিল ‘চোকাৰ্ছ’ৰ৷ দক্ষিণ আফ্ৰিকাই এইদৰে অতি গুৰুত্বপূৰ্ণ খেলত পৰাজয় বৰণ কৰাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আগলৈকে ক্ৰিকেটত ‘চোকাৰ্ছ’ শব্দটো ব্যৱহাৰ হোৱা নাছিল৷ 

এতিয়া দেওবাৰে সমাপ্তি ঘটা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দলটো একেৰাহে দহখনকৈ মেচত জিকি ফাইনেলত পৰাজিত হোৱাৰ পাছত দক্ষিণ আফ্ৰিকাই ইমান দিনে অৰ্জন কৰা কুখ্যাতি ভাৰতে লাভ কৰিছে৷ কিয়নো অনুৰাগীক আহত কৰি ফাইনেলত পৰাজিত হোৱাৰ পাছত অনেকেই  টীম ইণ্ডিয়াক দক্ষিণ আফ্ৰিকাৰ দৰে ‘চোকাৰ্ছ’ আখ্যা দিছে৷ সাম্প্ৰতিক ভাৰতীয় ক্ৰিকেট দলটোক ‘চোকাৰ্ছ’ আখ্যা দিয়াৰ সবল যুক্তি আছে৷ কিয়নো যোৱা ১০ বছৰত ৯ বাৰ নকআউট মেচত ভাৰতীয় ক্ৰিকেট দলটো ৯ বাৰেই পৰাজিত হৈছে৷ সেই অতি গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে অৱশ্যে টীম ইণ্ডিয়াই লীগ বা আপেক্ষিকভাৱে কম গুৰুত্বপূৰ্ণ মেচত বিজয়ী হৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনত গভীৰ আশা জগাই তোলে৷ 

কেতিয়াৰ পৰা পৰাজিত হৈছে টীম ইণ্ডিয়া? ২০১৩ চনত শেষবাৰৰ বাবে কোনো আইচিচি ক্ৰিকেট প্ৰতিযোগিতাত বিজয়ী হৈছিল ভাৰত৷ সেইবাৰ মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফীত বিজয়ী হৈছিল ভাৰতীয় ক্ৰিকেট দলটো৷ তাৰ পাছত ১০ বছৰৰ শূন্যতা৷ এই সময়ৰ ভিতৰত টীম ইণ্ডিয়াই ৯ বাৰ যিকোনো আইচিচি প্ৰতিযোগিতাৰ নকআউট মেচ খেলিছে আৰু প্ৰত্যেকবাৰেই সেই নকআউট মেচত মুখথেকেচা খাই পৰিবলগীয়া হৈছে৷ বাৰে বাৰে চাপৰ মুখত ভাগি পৰিছে ভাৰতীয় দলটো৷ যিখন মেচত পৰাজিত হ’লে প্ৰতিযোগিতাৰ পৰাই বিদায় ল’বলগীয়া হয় বা হাতৰ পৰা ট্ৰফী আনে কাঢ়ি লয়, ঠিক তেনে নকআউট মেচত যোৱা ১০ বছৰত ৯ বাৰকৈ ভাৰত পৰাজিত হোৱাৰ বাবে এতিয়া ক্ৰিকেট সমালোচকে ভাৰতীয় ক্ৰিকেট দলটোক বিশ্ব ক্ৰিকেটৰ নতুন ‘চোকাৰ্ছ’ বুলি অভিহিত কৰিছে৷ অৱশ্যে ‘চোকাৰ্ছ’ আখ্যা দক্ষিণ আফ্ৰিকাৰ পৰা ক্ৰিকেট সমালোচকে আঁতৰাই আনিব বিচৰা নাই৷ দক্ষিণ আফ্ৰিকাৰ সৈতে আৰু এটা দল অৰ্থাৎ ভাৰতক বিশ্ব ক্ৰিকেটৰ দ্বিতীয়টো ‘চোকাৰ্ছ’ হিচাপে যোগ দিছে ক্ৰিকেট সমালোচকে৷ 

প্ৰকৃততে কিমান শক্তিশালী ভাৰতীয় ক্ৰিকেট দল, যাৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি দেশবাসীয়ে বিজয়ৰ আশা কৰে? টীম ইণ্ডিয়াৰ এনে পৰিস্থিতিৰ সূচনা হৈছিল ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলৰ পৰা৷ সেই ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজিত হৈছিল টীম ইণ্ডিয়া৷ ইয়াৰ পাছত আৰু দুবাৰ টীম ইণ্ডিয়াই টি-২০ বিশ্বকাপত নকআউট পৰ্যায়ত খেলি পৰাজয়বৰণ কৰিছে৷ ২০১৬ চনত দেশৰ মাটিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত আৰু ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছিল ভাৰতে৷ ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত পৰাজিত হৈছিল ভাৰত৷ একেদৰে তিনিখন এদিনীয়া বিশ্বকাপৰ ক্ষেত্ৰতো ভাৰতৰ প্ৰদৰ্শনলৈ চাই ‘চোকাৰ্ছ’ আখ্যা দিয়াটো যুক্তিযুক্ত৷ ২০১৫ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত অষ্টে˜লিয়াৰ বিৰুদ্ধে আৰু ২০১৯ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল টীম ইণ্ডিয়া৷ এই শৃংখলৰ অন্তিম পৰাজয় হৈছে দেওবাৰে আহমেদাবাদৰ একপক্ষীয় ফাইনেল, য’ত ভাৰতে দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হূদয় ভাঙি পৰাজয়বৰণ কৰিলে৷ একেদৰে ৰঙাবলৰ ক্ষেত্ৰতো টীম ইণ্ডিয়াক ‘চোকাৰ্ছ’ আখ্যা দিয়া তেনেই ভুল নহয়৷ কিয়নো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ পাছত যি দুখন ফাইনেল ভাৰতে খেলিছে তাৰে প্ৰথমবাৰ নিউজীলেণ্ড আৰু পিছৰবাৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছে৷ এই সকলোবিলাক নকআউট আৰু ফাইনেল মিলি মুঠতে যোৱা ১০ বছৰত ৯ খন আইচিচি প্ৰতিযোগিতাৰ নকআউট মেচত ৯ বাৰেই ভাৰত পৰাজিত হৈছে৷ তেন্তে ভাৰত বিশ্ব ক্ৰিকেটৰ নতুন ‘চোকাৰ্ছ’ নহয় বুলি কোনে কয়?

ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত কিয় বাৰম্বাৰ এনে হৈছে সেই লৈ কেৱল সাধাৰণ অনুৰাগীয়েই নহয়, দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞও উদ্বিগ্ন৷ কিয়নো বহুক্ষেত্ৰত ভাৰতে গ্ৰুপ পৰ্যায়ত ভাল খেলি আশাৰ সঞ্চাৰ কৰিছে৷ আনকি বহু সময়ত ভাৰতীয় দলটোৰ প্ৰদৰ্শন ইমানেই দমনীয় যে সেই দলটোক আন কোনো প্ৰতিপক্ষই পৰাস্ত কৰিব পাৰিব বুলি ভবা টান৷ কালি সমাপ্ত হোৱা বিশ্বকাপত একেৰাহে দহখন মেচত বিজয়ী হৈ ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল৷ সাধাৰণ ক্ৰিকেপ্ৰেমী বাদেই, আনকি বিশ্বৰ প্ৰাক্তন আৰু অৰ্বাচীন তাৰকা ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞই ভাৰতীয় দলটো ফাইনেলত পৰাস্ত হ’ব বুলি ভবা নাছিল৷  তেন্তে কিয় গুৰুত্বপূৰ্ণ মেচত ভাৰত ইবাৰৰ পাছত সিবাৰ হাৰি আছে? কেৱল চাপ নে নেপথ্যত আন কোনো কাৰণ আছে? ক্ৰিকেট বিশেষজ্ঞৰ মতে তিনিটা কাৰণত টীম ইণ্ডিয়াই নকআউট পৰ্যায়ত ব্যৰ্থতা প্ৰদৰ্শন কৰি আছে৷ ১) বিশ্বকাপৰ দৰে মঞ্চত ছেমি ফাইনেল বা ফাইনেলৰ চাপ সহ্য কৰিব নোৱাৰি সহজ বিষয়ত ভুল কৰা, ২) তেনেধৰণৰ গুৰুত্বপূৰ্ণ খেলত স্বাভাৱিক খেল খেলিব নোৱাৰা আৰু ৩) প্ৰতিপক্ষ সম্পৰ্কে সৰ্বোচ্ছ পৰ্যায়ত হোমৱৰ্ক নকৰাকৈ খেলত নমা, ফলত প্ৰতিপক্ষৰ ভুল-ত্ৰুটী ধৰিব নোৱাৰা৷ 

কালি সমাপ্ত হোৱা বিশ্বকাপত ভাৰতে যে প্ৰতিখন মেচৰ বাবে পৰিকল্পনা নকৰাকৈ নামিছে সেয়া কোৱা টান৷ কিয়নো টীম ইণ্ডিয়াৰ সৈতে এটা বিশাল ছাপোৰ্ট ষ্টাফ আছে৷ তেওঁলোকে পৰিকল্পনা যুগুত কৰে৷ এইবাৰো প্ৰতিখন মেচত, প্ৰতিটো প্ৰতিপক্ষৰ বাবে ভিন ভিন পৰিকল্পনা  কৰা হৈছিল৷ দহখন মেচত ভাৰতৰ প্ৰত্যেকটো দলৰ বিৰুদ্ধে বিজয়ৰ ধৰণ দেখিলে তেনে অনুমানেই হয়৷ কিন্তু ফাইনেলত টীম ইণ্ডিয়াৰ ছাপোৰ্ট ষ্টাফে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দলটোৰ বাবে কোনো পৰিকল্পনা বা ৰণকৌশল নিৰ্ধাৰণ নকৰা নহয়৷ পৰিকল্পনা থাকিলেও ভাৰতীয় দলটোৱে সেয়া খেলপথাৰত প্ৰয়োগ কৰিব নোৱাৰিলে৷ ফাইনেলত অষ্টে˜লিয়াৰ বিৰুদ্ধে প্ৰতিটো বিভাগত ভাৰত পিছপৰি ৰোৱাটোত সেয়া উন্মোচিত হৈ পৰিছিল৷ ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰত্যেকজন ক্ৰিকেটাৰৰ বাবে অষ্ট্ৰেলিয়াই যি পৰিকল্পনা কৰিছিল সেয়া তেওঁলোকে কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ সক্ষম হৈছিল৷ 

ফাইনেলত ভাৰতক সমস্যাত পেলালে বেটিঙে৷ পূৰ্বৰ দহখন মেচত ভাৰতৰ পাঁচজন টপ অৰ্ডাৰ বেটছমেনৰ চাৰিজনেই উপৰ্যুপৰি চেঞ্চুৰী কৰিছিল৷ অৰ্থাৎ টপ অৰ্ডাৰ আৰু আপাৰ মিডল অৰ্ডাৰ বেটাৰ প্ৰতিখন মেচতে সফল হৈছিল৷ যদিহে টপ অৰ্ডাৰ আৰু আপাৰ মিডল অৰ্ডাৰ ব্যৰ্থ হয় তেন্তে ল’ৱাৰ মিডল অৰ্ডাৰত কোনে ভাৰতৰ ইনিংছ আগবঢ়াই নিব তাৰ কোনো পৰিকল্পনা থকা যেন ফাইনেল দেখি অনুভৱ নহ’ল৷ তদুপৰি এটা সময়ত বিৰাট কোহলি আৰু লোকেশ ৰাহুলে ইমান ধীৰ গতিত বেটিং কৰিছে, যাৰ ফলত দলৰ ৰাণ ৰেট কমি যোৱাৰ লগতে প্ৰতিপক্ষৰ বলাৰে তেওঁলোকক হেঁচা মাৰি ধৰিবলৈ সুযোগ পাইছে৷ প্ৰত্যেকজন ভাৰতীয় বেটাৰ যেন কালি এটা আৱৰণৰ মাজত  সোমাই থাকিল, য’ৰ পৰা তেওঁলোক সম্পূৰ্ণ ইনিংছটোত বাহিৰলৈ ওলাবই নোৱাৰিলে৷ ফাইনেলত জিকিবলৈ হ’লে সাহসৰ প্ৰয়োজন৷ কালিৰ ফাইনেলত এজনো ভাৰতীয় বেটাৰে তেনে সাহস দেখুৱাব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে  সাহস দেখুৱাই শক্তিশালী বেটিং লাইন-আপৰ ভাৰতক আগতে বেটিঙলৈ আগবঢ়াই দি তেওঁলোকক সীমিত ৰাণত সীমাৱদ্ধ কৰি ৰখাৰ সাহস দেখুৱালে৷ তদুপৰি ভাৰতে বেটিং ব্যৰ্থতাৰ পাছত ফিল্ডিং আৰু বলিঙতো তীব্ৰ চাপত পৰি খেলা দেখা গ’ল৷ যি মহম্মদ ছামিয়ে পুৰণি বলত উইকেট পাই, সেই ছামিৰ হাতত অধিনায়কে কালি নতুন বল তুলি দিলে৷ ফলত ভবা ধৰণে ছামিয়ে দলক ব্ৰেক-থ্ৰু দিব নোৱাৰিলে৷ এনেদৰে সম্পূৰ্ণ মেচখনত চাপত থাকি খেলিলে যি পৰিণতি হয় কালিও সেই পৰিণতিয়েই লাভ কৰিলে টীম ইণ্ডিয়াই৷

ভাৰতৰ পৰাজয়ৰ শোক! গুৱাহাটীৰ যুৱকৰ মৃত্যু

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়েই কাল হ’ল এজন যুৱকৰ বাবে৷ ক্ৰিকেট বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি এজন যুৱকৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ সাউকুছিত৷ দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত৷ আশাহত হৈ পৰিছিল কোটি কোটি ক্ৰিকেট অনুৰাগী৷ কিন্তু গুৱাহাটীত সংঘটিত হ’ল এক শোকাৱহ ঘটনা৷ ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন যুৱকে৷ ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ সাউকুছি৷ দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২১বছৰীয়া মৃণাল মজুমদাৰে৷ কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পাছতে অত্যন্ত শোকাহত হৈ পৰিছিল যুৱকজন৷ নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন৷ নিশা হয়তো টোপনি অহা নাছিল মৃণালৰ৷ পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিছনাৰ পৰা উঠিছিল মৃণাল৷ তাৰ পাছত পৰিয়ালৰ লোকে কোঠাত মৃণালক চাবলৈ যোৱাত অচেতন হৈ আছিল তেওঁ৷ লগে লগে পৰিয়ালৰ লোকে মৃণালক হায়াত হাস্পতাললৈ লৈ যায়৷ হায়াত হাস্পতালত মৃণালক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে৷ বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য,  মৃত মৃণাল মজুমদাৰ বিৰুবাৰীৰ আইটিআইৰ ছাত্ৰ আছিল৷ পৰিয়ালৰ লোকে জনোৱা মতে, কোনোধৰণৰ ৰোগত আক্ৰান্ত নাছিল মৃণাল৷ ক্ৰিকেটৰ শোকতে যুৱকজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ’ব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ৷