Logo
image

৬ ইঞ্চিৰ পাইপেৰে আবদ্ধ শ্ৰমিকলৈ খাদ্য, এণ্টিডিপ্ৰেছন টেবলেট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ নৱেম্বৰঃ উত্তৰকাশীৰ ভাগি পৰা সুৰংগত আজি ৯ দিনে আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ উদ্ধাৰ কাৰ্যত আৰু বিলম্ব ঘটিব বুলি নিশ্চিত হৈ সোমবাৰে কতৃৰ্পক্ষই এডাল ৬ ইঞ্চি পাইপেৰে বিশেষ আহাৰ প্ৰেৰণ কৰিছে৷ ইমানদিনে কেৱল পনীয়া খাদ্য যোগান ধৰি থকা হৈছিল যদিও গোটা খাদ্যৰ অভাৱত আৱদ্ধ শ্ৰমিকৰ মৃত্যু হোৱাৰ আশংকাতে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷উদ্ধাৰকাৰী আৰু স্থানীয় কতৃৰ্পক্ষই চিকিৎসকৰ সৈতে আলোচনা কৰি বিশেষ  ধৰণৰ খাদ্য তেওঁলোকলৈ প্ৰেৰণ কৰিছে৷ এই খাদ্যত প্ৰয়োজনীয় সকলো উপাদান আছে, যাতে ৯ দিন ধৰি সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলে এই বিশেষ খাদ্যৰে সুস্থভাৱে জীয়াই থাকিব পাৰে৷ তদুপৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আবদ্ধ হৈ থকা শ্ৰমিকসকললৈ উত্তৰাখণ্ডৰ কতৃৰ্পক্ষ আৰু উদ্ধাৰকাৰীয়ে অৱসাদগ্ৰস্ততাৰ ঔষধ প্ৰেৰণ কৰিছে৷ মৃত্যুৰ আশংকাত দীৰ্ঘদিন ধৰি সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকল যাতে অৱসাদগ্ৰস্ততাৰ চিকাৰ নহয়, সেয়া নিশ্চিত কৰিবলৈকে এনে পদক্ষেপ হাতত লোৱা হৈছে৷ আনহাতে একেডাল পাইপেৰে আৱদ্ধ শ্ৰমিকলৈ মোবাইল ফোন আৰু চাৰ্জাৰো প্ৰেৰণ কৰিছে৷ আজি সোমবাৰে ঘটনাস্থলত আহি বিদেশী উদ্ধাৰকাৰী উপস্থিত হৈছে৷ তথাপি শ্ৰমিকসকলক ভাগি যোৱা সুৰংগটোৰ পৰা উদ্ধাৰ কৰি অনাত বিলম্ব ঘটাৰ আশংকা ঘনীভূত হৈছে৷ 

উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগত ৪১ জন শ্ৰমিক আৱদ্ধ হৈ থকাৰ ২১৬ ঘণ্টা পাৰ হৈ গ’ল৷ এতিয়া উদ্ধাৰ কাৰ্য থমকি আছে৷ উদ্ধাৰ কাৰ্য দীৰ্ঘায়িত  হোৱাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকে ক্ৰমাৎ ধৈৰ্য হেৰুৱাইছে৷ উত্তৰপ্ৰদেশৰ পৰা অহা এজন উদ্ধাৰকাৰী বিষয়াই  বিশেষ উপায়েৰে আৱদ্ধ শ্ৰমিকৰ সৈতে কৰা বাৰ্তালাপত ভিতৰত সোমাই থকা শ্ৰমিকসকলে ধৈৰ্য হেৰুওৱাৰ কথা জানিব পাৰিছে৷ তেওঁলোকক আশ্বাস দিয়া হৈছে, আৰু চাৰি-পাঁচদিনৰ ভিতৰত যেনেতেনে উদ্ধাৰ কৰা হ’ব৷ কিন্তু ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকে ক্ৰমাৎ ধৈৰ্য হেৰুওৱাৰ কথা ব্যক্ত কৰিছে৷ কম্পিত কণ্ঠৰে ভিতৰৰ পৰা শ্ৰমিকে আকুল আহ্বান জনাইছে, তেওঁলোকক যেন দ্ৰুতভাৱে উদ্ধাৰ কৰা হয়৷ উত্তৰপ্ৰদেশৰ পৰা অহা এই উদ্ধাৰকাৰী বিষয়া অৰুণ কুমাৰ মিশ্ৰক তেওঁলোকে জনাইছে যে, ভিতৰৰ পৰিস্থিতি অতি বেয়া হৈ আহিছে৷ উদ্ধাৰ কাৰ্য অব্যাহত থকা সময়তে মোদী চৰকাৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ এটা ভয়ংকৰ গাফিলতি ধৰা পৰিছে৷ কিয়নো এই সুৰংগৰ নিৰ্মাণৰ সময়ত ‘এছকেপ ৰুট’ অৰ্থাৎ বিকল্প পথ নিৰ্মাণ কৰা হোৱা নাছিল৷ সাধাৰণতে ৬০ মিটাৰ অথবা তাতকৈ অধিক দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণৰ সময়ত একেলগে ‘এছকেপ ৰুট’ বা কোনো বিপদ হ’লে ভিতৰত থকা শ্ৰমিকক বাহিৰলৈ উলিয়াই অনাৰ বাবে নিৰ্গমন পথ নিৰ্মাণ কৰাটো নিয়ম৷  উত্তৰকাশীৰ এই সুৰংগ নিৰ্মাণত তেনে ‘এছকেপ ৰুট’ বা বিকল্প পথ নিৰ্মাণ কৰা হোৱা নাছিল৷ ছিল্কায়াৰা নামৰ এই সুৰংগৰ দৈৰ্ঘ্য চাৰে চাৰি কিলোমিটাৰ৷ সেয়ে এই সুৰংগ নিৰ্মাণৰ সমান্তৰালভাৱে ‘এছকেপ ৰুট’ নিৰ্মাণ কৰাটো অপৰিহাৰ্য আৰু বাধ্যতামূলক আছিল৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় পথ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত)  ভি কে সিং উদ্ধাৰস্থলীলৈ আহোঁতে মোদী চৰকাৰৰ সেই ভয়ংকৰ গাফিলতি ধৰা পৰে৷ কিয়নো তেওঁক উদ্ধাৰকাৰীসকলে দেখুওৱা সুৰংগৰ মানচিত্ৰত ‘এছকেপ ৰুট’ অঁকা আছে৷ পিছে সেই বিকল্প পথ এই ছিল্কায়াৰা সুৰংগত নিৰ্মাণ কৰা নহ’ল৷ এই গাফিলতি ৰাখি যোৱাৰ ফলতে এতিয়া ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উলিয়াই আনিবলৈ কঠিন হৈ পৰিছে৷ ইপিনে ঘটনাই নৱম দিন স্পৰ্শ কৰাত এতিয়া মুঠতে পাঁচটা বিকল্প পৰিকল্পনা হাতত লৈ শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা চলোৱা হৈছে৷ দেওবাৰে উদ্ধাৰ কাৰ্য পৰিদৰ্শনৰ বাবে ঘটনাস্থলীত উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এদল বিষয়া আৰু কেইজনমান বিশেষজ্ঞ৷ প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবেই  ঘটনাস্থলীত জনায় যে তেওঁলোকে এতিয়া উদ্ধাৰৰ বাবে পাঁচটা ভিন ভিন পৰিকল্পনা গ্ৰহণ কৰিছে৷ তাৰ যিকোনো এটা পৰিকল্পনা কাৰ্যকৰী হ’লেই আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা যাব৷ তাৰ বাবে তেওঁ আৰু চাৰি-পাঁচদিন সময়ৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰে৷