Logo
image

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত বীজ উৎপাদন সন্দৰ্ভত কৰ্মশালা

ডিজিটেল সংবাদ, গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে (IRRI) 'Strengthening Seed Ecosystem, empowering seed entrepreneurs of Assam' বিষয়ত সোমবাৰে গুৱাহাটীত এক কৰ্মশালাৰ আয়োজন কৰে। এই কাৰ্যসূচীত ব্যক্তিগত বীজ উদ্যোগী, ব্যক্তিগত বীজ ফাৰ্ম আৰু কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। 

কৰ্মশালাত অংশগ্ৰহণ কৰি অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ (ASOCA)ৰ সঞ্চালক শ্ৰী মৌচম হাজৰিকাই অসমৰ সকলো উদীয়মান বীজ উদ্যোগীক প্ৰমাণিত বীজ উৎপাদনৰ বাবে সাথী পৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। 

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়াই উদ্যোগীসকলে বীজ ব্যৱসায়ৰ বাবে সু-পৰিকল্পনা কৰাৰ বিষয়ত উল্লেখ কৰে। ইয়াৰ লগতে আইআৰআৰআই, অসমৰ আৱাসী সমন্বয়ক ড° বীৰেন্দ্ৰ যাদৱেও বিষয়বস্তুৰ বিভিন্ন দিশ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে।