Logo
image

শীতৰ লগে লগে অসমলৈ আহিছে জাক জাক আলহী চৰাইঃ পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে সজাগতা সভা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত পলমকৈ হলেও শীতৰ আগমন ঘটিছে। শীতৰ অগমনৰ লগে লগে এতিয়া অসমলৈ আহিছে জাক জাক পৰিভ্ৰমী চৰাই। এইখিনি সময়ত বিশ্বৰ শীত প্ৰধান দেশ সমূহৰ পৰা শীতৰ অতিপাত প্ৰকোপ সহিব নোৱাৰি হাজাৰ মাইল বাট উৰা মাৰি অসমলৈ আহে নানা পৰিভ্ৰমী চৰাই। বিশেষকৈ এইখিনি সময়ত ছাইবেৰীয়া, তিব্বত মালভূমিৰ পৰা অসমলৈ জাক-জাক পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। 

এতিয়া জাক-জাক পৰিভ্ৰমী চৰাইৰ কল কাকলিৰে মুখৰ হৈ পৰিছে অসমৰ বিল, জলাশয়সমূহ। বিশেষকৈ শিৱসাগৰৰ গৌৰীসাগৰ পুখুৰী, নপুখুৰী, জয়সাগৰ পুখুৰী, পহুগড় (এছিয়াৰ প্ৰথম খন চিৰিয়াখনা) আৰু পানীদিহিং পক্ষী অভয়াৰণ্যত বহু সংখ্যক পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে। পৰিতাপৰ বিষয় যে অলপতে পহুগড়ত তিনিটা পৰিভ্ৰমী চৰাইৰ মৃত্যু হয়। পৰিভ্ৰমী চৰাইৰ মৃত্যুৰ পিছতে জিলাখনত চৰাই অহা অঞ্চলসমূহৰ ৰাইজৰ লগত বন বিভাগক সজাগতা সভাৰ আয়োজন কৰিবলৈ জিলা উপযুক্তই নিৰ্দেশ দিয়ে। সেই অনুসৰি মঙলবাৰে ডি এফ অ' দেবেন কলিতাৰ উদ্যোগত প্ৰথমখন সভা মগৰাহাট পঞ্চায়তত অনুষ্ঠিত হয়।

সভাখনত ৰাইজক পক্ষীৰ আগমন আৰু পৰ্যটনৰ সম্ভাৱনা, লগতে দোষীক দিব পৰা আইনী ব্যৱস্থা ইত্যাদিৰ বিষয়ে জনোৱা হয়। এই ক্ষেত্ৰত ৰাইজ সজাগ হ'লে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি অহা আলহী পক্ষীবোৰক ৰক্ষণাবেক্ষণ দিয়া হ'ব। মনকৰিবলগীয়া যে অসমত পৰিভ্ৰমী চৰাইৰ আগমনৰ লগে লগে পৰ্যটন সংখা বৃদ্ধি হ'বলৈ ধৰিছে। অৱশ্যে উত্তৰ-পূৰ্ৱাঞ্চলৰ দুৱাৰখন গুৱাহাটী মহানগৰীত প্ৰদূষণৰ মাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ ফলত এইবাৰ পৰিভ্ৰমী চৰাইৰ আগমনৰ সংখ্যা পূৰ্বতকৈও বহু গুণে কমিছে। 

মন কৰিবলগীয়া যে দীপৰ বিলাতো জল প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত পৰিভ্ৰমী চৰাইৰ পূৰ্বৰ তুলনাত কমকৈ আগমন ঘটিছে। সাধাৰণতে নৱেম্বৰ মাহৰ পৰা অসমলৈ অহা পৰিভ্ৰমী চৰাইবোৰ মাৰ্চ মাহ পর্যন্ত অসমত থাকি পুনৰ নিজ স্থানলৈ উৰি যায়। ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অসমলৈ আগমন ঘটা জাক-জাক পৰিভ্ৰমী চৰাইক সংৰক্ষণ কৰিব পৰা যায়।