Logo
image

নক-আউটৰ ব্যৰ্থতা কেতিয়া আঁতৰিব টীম ইণ্ডিয়াৰ

৮ অক্টোবৰত অষ্ট্ৰেলিয়াক ছয় উইকেটত পৰাস্ত কৰি বিশ্বকাপ ক্ৰিকেটত অভিযান আৰম্ভ কৰাৰ পাছত ছেমিফাইনেল পৰ্যন্ত অপৰাজিত থাকি খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে বিবেচিত হৈছিল ভাৰতীয় ক্ৰিকেট দল৷ টুৰ্নামেণ্টখনত টীম ইণ্ডিয়াৰ যি আগ্ৰাসী ৰূপ দেখা গৈছিল, তালৈ চাই দলটোক পৰাস্ত কৰাটো যথেষ্ট কঠিন হ’ব বুলি মন্তব্য কৰিছিল ক্ৰিকেট বিশেষজ্ঞসকলে৷ বেটিং, বলিং, ফিল্ডিং– আটাইকেইটা দিশতে দলটোৰ প্ৰদৰ্শন আছিল যথেষ্ট উন্নতমানৰ৷ সেয়েহে  তৃতীয়বাৰৰ বাবে ভাৰত বিশ্ব চেম্পিয়ন হোৱাৰ সপোন দেখিছিল ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে৷ সকলোৱে বিচাৰিছিল ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত হোৱা পৰাজয়ৰ পোতক তোলক ভাৰতে৷ কিন্তু সেয়া সম্ভৱ নহ’ল৷ যিটো দলক হৰুৱাই প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিছিল, সেই দলটোৰ হাততে অন্তিম যুঁজত হাৰ মানিলে টীম ইণ্ডিয়াই৷ টুৰ্নামেণ্টখন চলি থকা অৱস্থাত ভাৰতীয় ক্ৰিকেট দলটোক লৈ বিভিন্ন নেতিবাচক চৰ্চাও চলোৱা হৈছিল৷ কোৱা হৈছিল টীম ইণ্ডিয়াক চেম্পিয়ন কৰোৱাৰ স্বাৰ্থত দলটোৰ সহায় হ’ব পৰাপিট্‌চ প্ৰস্তুত কৰা হৈছিল৷ কেৱল সেয়াই নহয়,  পেচ বলাৰৰ সহায় হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে ভাৰতক পৃথক বল যোগান ধৰাৰো অদ্ভুত অভিযোগ উত্থাপন কৰা হৈছিল৷ অৱশ্যে এনে অভিযোগৰ যে কোনো ভিত্তি নাছিল তাৰ প্ৰমাণো পোৱা গৈছিল৷ ছেমিফাইনেলপৰ্যন্ত অপ্ৰতিৰোধ্য হৈ ৰোৱাৰ পাছত ফাইনেলত কিয় ছন্দ পতন ঘটিল টীম ইণ্ডিয়াৰ? দলটো অত্যধিক আত্মবিশ্বাসী হৈ পৰিছিল নেকি? ক্ৰিকেটপ্ৰেমীৰ মনত এনে প্ৰশ্নই ক্ৰিয়া কৰাটো তেনেই স্বাভাৱিক৷ বিশ্বকাপত ভাৰতীয় দল ছেমিফাইনেললৈকে অপৰাজিত হৈ থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া টুৰ্নামেণ্টখনৰ প্ৰথম দুখন খেলত পৰাস্ত হোৱাৰ পাছত একেৰাহে আঠখন খেলত জয়ী হৈ ফাইনেলত উপনীত হৈছিল৷ ফাইনেলত দলটোৱে যি প্ৰদৰ্শন দেখুৱাইছিল, তালৈ চাই অনুমান কৰিব পাৰি যে দলটোৱে ভাৰতৰ দুৰ্বল দিশবোৰ ভালদৰে আয়ত্ত কৰি মূল যুঁজলৈ সাজু হৈছিল৷ তাৎপৰ্যপূৰ্ণ যে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱা অষ্ট্ৰেলিয়াই পাঁচবাৰেই খিতাপ জয় কৰিছে বিদেশত৷ তাৰ অৰ্থ হৈছে যিকোনো পৰিৱেশত খেলাৰ ক্ষেত্ৰত দলটো সিদ্ধহস্ত৷

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়েও স্বীকাৰ কৰিছে যে ফাইনেলত ভাৰতীয় মিডল অৰ্ডাৰৰ বেটাৰে যোগ্যতা অনুসৰি প্ৰদৰ্শন দেখুওৱাত সফল হ’ব নোৱাৰিলে৷ আনহাতে, অনুৰূপ ব্যৰ্থতা দেখা গৈছিল বলিঙৰ ক্ষেত্ৰতো৷ ছেমিফাইনেলপৰ্যন্ত বিপক্ষৰ বেটাৰক ভীতিগ্ৰস্ত কৰি ৰখা ভাৰতীয় বলাৰ নিষ্প্ৰভ হৈ পৰিল ফাইনেলত৷ এইবাৰৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ নেতৃত্বকো বিভিন্নজনে উচ্ছ প্ৰশংসা কৰিছিল৷ কিন্তু ফাইনেলত দেখা নগ’ল তেওঁৰ নেতৃত্বৰ বিচক্ষণতা৷ খেলখনত ৰোহিত শৰ্মা যিধৰণে আউট হৈছিল, তাক লৈ সমালোচনাত সৰৱ হৈ পৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰ৷ তেওঁৰ মতে, আৰম্ভণিতে ৰোহিতৰ যি আগ্ৰাসী বেটিং দেখা গৈছিল, তালৈ চাই অনুমান কৰা হৈছিল দলটো অষ্ট্ৰেলিয়াৰ সন্মুখত এক শক্তিশালী স্ক’ৰ থিয় কৰাবলৈ সক্ষম হ’ব৷ কিন্তু মেক্সৱেলৰ অভাৰত ক্ৰমাগত দুটা বলত ‘ছয়’ আৰু ‘চাৰি’ কোবোৱাৰ পাছত তৃতীয়টো বলতো তেনে এটা শ্বট খেলাৰ কোনো প্ৰয়োজন নাছিল৷ ৩১টা বলত তিনিটা ছিক্সাৰ, চাৰিটা বাউণ্ডেৰীৰে নিঃসন্দেহে তেওঁ ৪৭ ৰানেৰে ভাৰতক দৃঢ় আৰম্ভণি দিছিল৷ কিন্তু তেওঁ ক্ৰীজত আৰু কিছু সময় থকাহেঁতেন ভাৰতৰ স্ক’ৰত আৰু কিছু ৰান যোগ হ’লহেঁতেন৷ অধিনায়ক হিচাপে ৰোহিত শৰ্মাই সেই কথাটো ভাবি চোৱাটো প্ৰয়োজন আছিল৷ ২০১৩ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰাৰ পাছত আই চি চিৰ প্ৰতিযোগিতাত ভাৰতৰ ব্যৰ্থতাৰ ধাৰা ভংগ নহ’ল৷ বিশ্ব ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক যিটো কাৰণত চোকাৰ্ছ আখ্যা দিয়া হয়, সেই শব্দটো এতিয়াৰ পৰা ভাৰতৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব নেকি? আই চি চিৰ টুৰ্নামেণ্টৰ নক-আউট পৰ্যায়ত দলটোৰ ক্ৰমাগত ব্যৰ্থতাৰ পাছত ক্ৰিকেট সমালোচকৰ মুখত এনেধৰণৰ মন্তব্যও শুনা গৈছে৷ গুৰুত্বপূৰ্ণ সময়ত চাপ চম্ভালি ল’ব নোৱৰাৰ বাবেই বাৰম্বাৰ দেখা যায় নেকি টীম ইণ্ডিয়াৰ এই ব্যৰ্থতা? কেতিয়া আঁতৰিব টীম ইণ্ডিয়াৰ এই ব্যৰ্থতা– সময়েহে দিব পাৰিব ইয়াৰ উত্তৰ৷