Logo
image

শীতৰ লগতে আহিল জাক জাক পৰিভ্ৰমী চৰাই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২২ নৱেম্বৰঃ ৰাজ্যত পলমকৈ হ’লেও শীতৰ আগমন ঘটিছে৷ শীতৰ অগমনৰ লগে লগে এতিয়া অসমলৈ আহিছে জাক জাক পৰিভ্ৰমী চৰাই৷  এইখিনি সময়ত বিশ্বৰ শীতপ্ৰধান দেশসমূহৰ  পৰা শীতৰ অতিপাত প্ৰকোপ সহিব নোৱাৰি হাজাৰ হাজাৰ মাইল অতিক্ৰমী অসমলৈ আহে নানা পৰিভ্ৰমী চৰাই৷ বিশেষকৈ এইখিনি সময়ত ছাইবেৰীয়া, তিব্বত মালভূমিৰ পৰা অসমলৈ জাক-জাক পৰিভ্ৰমী চৰাইৰ আগমণ ঘটে৷ এতিয়া জাক-জাক পৰিভ্ৰমী চৰাইৰ কল কাকলিৰে মুখৰ হৈ পৰিছে অসমৰ বিল, জলাশয় সমূহ৷ বিশেষকৈ শিৱসাগৰৰ গৌৰীসাগৰ পুখুৰী, নপুখুৰী, জয়সাগৰ পুখুৰী, পহুগড় [এছিয়াৰ প্ৰথমখন চিৰিয়াখনা] আৰু পানীদিহিং পক্ষী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আদিত বহু সংখ্যক পৰিভ্ৰমি চৰাইৰ আগমন ঘটিছে৷ পৰিতাপৰ বিষয় যে অলপতে পহুগড়ত তিনিটা পৰিভ্ৰমী চৰাইৰ মৃত্যু হয়৷ এই সন্দৰ্ভত শিৱসাগৰত পৰিভ্ৰমী  চৰাই অহা অঞ্চলসমূহৰ কাষৰীয়া ৰাইজৰ লগত বন বিভাগক সজাগতা সভাৰ আয়োজন কৰিবলৈ জিলা উপযুক্তই নিৰ্দেশ দিয়ে৷ সেই অনুসৰি মঙলবাৰে ডি এফ অ’ দেবেন কলিতাৰ উদ্যোগত প্ৰথমখন সভা মগৰাহাট পঞ্চায়তত অনুষ্ঠিত হয়৷ সভাখনত ৰাইজক পক্ষীৰ আগমন আৰু পৰ্যটনৰ সম্ভাৱনা লগতে দোষীক দিব পৰা আইনী ব্যৱস্থা ইত্যাদিৰ বিষয়ে জনোৱা হয়৷ এই ক্ষেত্ৰত ৰাইজ সজাগ হলে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি অহা আলহী পক্ষীবোৰক ৰক্ষণাবেক্ষণ দিয়া হ’ব৷ মনকৰিবলগীয়া যে, অসমত পৰিভ্ৰমী চৰাইৰ আগমনৰ লগে লগে পৰ্যটকৰ সংখা বৃদ্ধি হ’বলৈ ধৰে অৱশ্যে উত্তৰ-পূৰ্ৱাঞ্চলৰ দুৱাৰখন গুৱাহাটী মহানগৰীত প্ৰদূষণৰ মাত্ৰা ভয়াবহভাবে বৃদ্ধি পোৱাৰ ফলত এইবাৰ পৰিভ্ৰমী চৰাইৰ আগমনৰ সংখ্যা পূৰ্বতকৈও বহু গুণে কমিছে৷ যে, দ্বীপৰ বিলাত জল প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত পৰিভ্ৰমী চৰাইৰ পূৰ্বৰ তুলনাত এইবাৰ কমকৈ আগমন ঘটিছে৷ সাধাৰণতে নৱেম্বৰ মাহৰ পৰা অসমলৈ অহা পৰিভ্ৰমী চৰাইবোৰ মাৰ্চ মাহ পৰ্যন্ত অসমত থাকি পুনৰ নিজ স্থানলৈ উৰি যায়৷ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অসমলৈ আগমন ঘটা জাক-জাক পৰিভ্ৰমী চৰাইক সংৰক্ষণ কৰিব পৰা যায়৷ উল্লেখ্য, একাংশ চৰাই নিধন কাৰীৰ বাবে প্ৰতিবছৰে বহু পৰিভ্ৰমী চৰাইৰ মৃত্যু হৈ আহিছে৷ যাৰ ফলত পৰিভ্ৰমী চৰাইৰ অসমলৈ পূৰ্বৰ দৰে আগমন হোৱা দেখা নাযায়৷