Logo
image

বিহু পাতিবলৈ আৰক্ষীক দিব লাগিব মাচুল, নালাগে পূজাত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ নৱেম্বৰঃ ধাৰত পোত যোৱা অসম চৰকাৰে কৰ সংগ্ৰহৰ কোনো পথেই এৰি দিব বিচৰা নাই৷ এহাতে যদি হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অৰুণোদয় আঁচনিৰ জৰিয়তে মাহ মাহে বেংক একাউণ্টত ধন সোমাৱাই দিছে৷ আনহাতে, আকৌ ৰাজহ ঘাটি জোৰা মাৰিবলৈ প্ৰতি মাহেই হাজাৰ কোটি টকাকৈ ঋণ লৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে৷ এক প্ৰকাৰ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত অসমৰ ধাৰৰ পৰিমাণ ডেৰ লাখ কোটি টকা স্পৰ্শ কৰিছে৷ আনকি চলিত বিত্তীয় বৰ্ষতো মুঠ  ২৫ হাজাৰ ঋণ লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শাসকীয় চৰকাৰে৷ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ কক্‌বকাই থকা চৰকাৰে ৰাজহ ঘাটি জোৰা মাৰিবলৈ এতিয়া   অসমীয়া বাপতিসাহোন বিহু উদ্‌যাপনৰ বাবেও অসম আৰক্ষী তথা অসম চৰকাৰক দিবলগীয়া হৈছে সেৱা কৰ৷ অসম আৰক্ষীয়ে সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে বিহু উদ্‌যাপনৰ অনুমতি লোৱাৰ বাবদ ৩০০ টকা মাচুল সংগ্ৰহ কৰিছে৷ কেৱল বিহু অনুষ্ঠানেই নহয়, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক কাৰ্যসূচী, সভা-সমিতি আৰু আলোচনা চক্ৰৰ অনুমতিৰ নামতো সেৱা সেতুৰ জৰিয়তে চৰকাৰক দিব লাগিব ৩০০ টকাকৈ কৰ৷ অৱশ্যে বিহু তথা সাংস্কৃতিক অনুষ্ঠানৰ অনুমতিৰ নামত মাচুল আদায় ল’লেও পূজা, ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় শোভাযাত্ৰা আদিৰ অনুমতিৰ বাবদ মাচুল ৰেহাই দিছে চৰকাৰে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ সভা-সমিতি, ৰেলীৰ বাবদ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে৷ পূৰ্বে ৰাজনৈতিক দলৰ ৰেলী, ৰাজনৈতিক সভা তথা নিৰ্বাচনী প্ৰচাৰ সভাৰ অনুমতিৰ বাবদ ১০০ টকা ন্য়ূনতম মাচুল সংগ্ৰহ কৰিছিল যদিও এতিয়া ইয়াৰ মাচুল ২০ গুণলৈ বৃদ্ধি কৰিছে৷ বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহে শেহতীয়াকৈ ৰেলী, সভা সমিতিয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ লগে আৰক্ষীৰ পৰা আগতীয়াকৈ ল’বলগীয়া বাধ্যতামূলক অনুমতিৰ বাবদ পূৰ্বৰ ১০০ টকাৰ মাচুল ২০০০ টকালৈ বৃদ্ধি কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে অসম আৰক্ষীক এতিয়া যিকোনো বিষয়ৰ ওপৰত সামাজিক সজাগতাৰ ৰেলী, সজাগতামূলক সভা আৰু বাটৰ নাট প্ৰদৰ্শনৰ নামতো আদায় দিব লাগিব মাচুল৷ পূৰ্বে সজাগতামূলক অনুষ্ঠানৰ অনুমতিৰ বাবদ ২০০ টকা মাচুল আছিল যদিও বৰ্তমান এই মাচুল ৫০০ টকালৈ বৃদ্ধি কৰিছে৷ একেদৰে সমূহীয়া দৌৰ, মাৰাথন, বাইক ৰেলী, কাৰ ৰেলী, চাইকেল ৰেলী আৰু ক্ৰীড়ানুষ্ঠানৰ অনুমতিৰ বাবদো৷ পূৰ্বৰ ৩০০ টকাৰ মাচুল বৰ্তমান ২০০০ টকালৈ বৃদ্ধি কৰিছে৷ তদুপৰি থিয়েটাৰ প্ৰদৰ্শনী, নিউ ইয়েৰ ইভেণ্ট, প্ৰদৰ্শনী, বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’ আদিৰ বাবদো পূৰ্বৰ ১০০০ টকা মাচুল ৫০০০ টকালৈ বৃদ্ধি কৰিছে৷ বিগত ১৫ নৱেম্বৰত ৰাজ্য চৰকাৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব বিশ্বজিৎ পেগুৱে এটা নিৰ্দেশনা যোগে অসম আৰক্ষী সেৱাসেতুৰ জৰিয়তে অনুষ্ঠানৰ অনুমতিৰ বাবদ নতুন মাচুল নিৰ্ধাৰণ কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যিকোনো অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত আয়োজক তথা উদ্যোক্তাসকলে আগতীয়াকৈ আৰক্ষীৰ পৰা অনলাইনযোগে অনুমতি লোৱাটো ইতিমধ্যে বাধ্যতামূলক কৰিছে৷ সেৱা সেতু জৰিয়তে অনুমতি নোলোৱা অনুষ্ঠানক বে-আইনী ঘোষণা কৰি উদ্যোক্তাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰি আহিছে আৰক্ষী-প্ৰশাসনে৷