Logo
image

আছাম টী পৰিণত হ’ব পাৰে ‘পতঞ্জলি চাহ’ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ নৱেম্বৰঃ আছাম টীৰ ব্ৰেণ্ডিং আৰু মাৰ্কেটিঙৰ কিবা প্ৰয়োজন আছে নেকি? আজিৰ তাৰিখতো সমগ্ৰ বিশ্বতে আছাম টীৰ এক স্বকীয় পৰিচয় আছে৷ ব্ৰিটিছ আমোলৰ পৰা এতিয়ালৈকে আছাম টীৰ গৰিমা পূৰ্বৰ দৰে অক্ষুন্ন আছে৷ বিশ্বৰ প্ৰথম পাঁচটা চাহৰ ব্ৰেণ্ডৰ ভিতৰত আছাম টী অন্যতম৷ কিন্তু ইয়াৰ পাছতো আছাম টীৰ ব্ৰেণ্ডিং আৰু মাৰ্কেটিঙৰ দায়িত্ব কিয় যোগগুৰু ৰামদেৱৰ ব্যৱসায়িক প্ৰতিষ্ঠান পতঞ্জলিক গতাই দিব বিচৰা হৈছে৷ ইয়াৰ আঁৰত কি ৰহস্য লুকাই আছে? অসমৰ লাখ লাখ হেক্টৰ ভূমি ইতিমধ্যে ৰামদেৱৰ পতঞ্জলিক গটাই দিয়া হৈছে পাম খেতিৰ বাবে৷ যি সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰো বিভিন্ন ঠাইত পাম খেতিয়ে সৰ্বনাশ কঢ়িয়াই আনিছে সেই সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ হেক্টৰ ভূমি পতঞ্জলিক গতাই দি পাম খেতিত উৎসাহ দিছে৷ তিনিচুকীয়াৰ ছৈখোৱাঘাটত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই  ৰামদেৱৰ উপস্থিতিত পাম পুলি ৰুই অসমত পাম খেতিৰ বাট সূচল কৰি তোলে৷ পাম খেতিৰ নামত অসমৰ লাখ লাখ হেক্টৰ ভূমি পতঞ্জলিক গতাই দিয়াৰ পাছত এইবাৰ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পতঞ্জলিক আছাম টীৰ ব্ৰেণ্ডিং আৰু মাৰ্কেটিঙৰ দায়িত্ব অৰ্পণ কৰিব বিচাৰিছে৷ এই দায়িত্ব লাভৰ পাছত বাবা ৰামদেৱৰ পতঞ্জলিয়ে আছাম টীক পতঞ্জলি টী হিচাপে যে ব্ৰেণ্ডিং নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷ মন্ত্ৰী সঞ্জয় কিষানে চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– অসমত বৰ্তমান যিমান চাহৰ উৎপাদন হয় সেই হিচাপে বজাৰ নাই৷ উৎপাদিত চাহ বিক্ৰী কৰিব পৰা নাই৷ ফলত চাহ উদ্যোগত যথেষ্ট প্ৰত্যাহ৩ানৰ সন্মুখীন হৈ আছে৷ চাহ খেতিয়কে উপযুক্ত দাম নোপোৱা হৈছে৷ কেনিয়া আৰু শ্ৰীলংকাই ভাৰতৰ চাহৰ বজাৰখন দখল কৰিছে৷ সেয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাবা ৰামদেৱৰ সৈতে এই সন্দৰ্ভত পোনপটীয়াকৈ যোগাযোগ কৰিছে৷ বাবা ৰামদেৱে প্ৰতিশ্ৰুতি দিছে যে বিশ্বত যিহেতু চাহৰ এখন বৃহৎ বজাৰ আছে সেয়ে অসমৰ চাহৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত তেওঁ সহায় কৰিব৷ তেওঁ অসমৰ চাহ নিজে ক্ৰয় কৰিব আৰু পতঞ্জলিৰ জৰিয়তে বিশ্বৰ বিভিন্ন স্থানত মাৰ্কেটিং কৰিব৷ পতঞ্জলিৰ জৰিয়তে অসমত উৎপাদিত বৃহৎ অংশৰ চাহ বিক্ৰী আৰু মাৰ্কেটিঙৰ ব্যৱস্থা কৰা হ’ব৷ কিন্তু বিজেপি নেতৃত্বাধীন মিত্ৰদলৰ চৰকাৰখনে এনে কি পৰিস্থিতিত সমগ্ৰ বিশ্বতে এখন সুন্দৰ মাৰ্কেট তথা ২০০ বছৰৰ গৌৰৱময় ইতিহাস থকা ‘আছাম টী’ক পতঞ্জলিক গটাব বিচাৰিছে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ হয়তো অদূৰ ভৱিষ্যতে আছাম টী পৰিণত হ’ব ‘পতঞ্জলি চাহ’লৈ৷ তেতিয়া সমগ্ৰ বিশ্বই আছাম টীক চিনি পাব ‘পতঞ্জলি টী’ হিচাপে৷