Logo
image

ৰাজ্যত নিবনুৱা বাঢ়িল ৩% ৰো অধিক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ নৱেম্বৰঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দুৰ্বলতাৰ বাবে ৰাজ্যত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে ৩শতাংশৰো অধিক৷ নিবনুৱা সমস্যা সমাধানৰ বাবে ডবল ইঞ্জিনৰ চৰকাৰৰ বলিষ্ঠ পদক্ষেপ নোহোৱা বাবে ৰাজ্যত ভয়াবহ ৰূপ লৈছে নিবনুৱাৰ সমস্যাই৷ এই অভিযোগ প্ৰকাশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি বৰাই ৫০ হাজাৰ খালী পদত শীঘ্ৰে নিযুক্তিৰ দাবী জনাই কয়–ৰাজ্যখনত এতিয়াও প্ৰায় বিভিন্ন বিভাগত ৫০ হাজাৰৰো অধিক পদ খালী হৈ আছে৷ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰ দুখনে কোনোধৰণৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰা বাবে অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে আৰু পূৰ্বৰ ৪.৭ শতাংশৰ পৰা বৰ্তমান ৭.৬৯ শতাংশলৈ নিবনুৱা বৃদ্ধিৰ হাৰ উদ্বেগজনকভাৱে উৰ্ধগামী হৈছে৷ চহৰ অঞ্চলত নিবনুৱা বৃদ্ধিৰ হাৰ ১৩.৩২ শতাংশ হৈছে৷ অত্যধিক নিবনুৱা থকা ১০খন ৰাজ্যৰ ভিতৰত এতিয়া অসমৰ নাম অন্তৰ্ভুক্ত হৈছে৷ ৰাজ্যখনত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা ১৬ লাখ ৮১ হাজাৰ ৭৭৭ গৰাকী যদিও বেচৰকাৰী তথ্য মতে ৩০ লাখতকৈয়ো অধিক শিক্ষিত নিবনুৱা অসমত কৰ্মক্ষেত্ৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ যাৰ বাবে অসমৰ বহু খিলঞ্জীয়া শিক্ষিত যুৱক-যুৱতী অসম এৰি বহিঃৰাজ্যত ছিকিউৰিটী গাৰ্ড, ব্যক্তিগত হোটেল প্ৰতিষ্ঠানত কাম কৰাৰ লগতে সাধাৰণ শ্ৰমিক হিচাপে নিজৰ পৰিয়াল চলাবলগীয়া হৈছে৷ উদ্বেগজনক কথা কোকৰাঝাৰৰ ৰামফৰ বিল এলেকাৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী নামৰ যুৱক দুজন উত্তৰাখণ্ডত পেটৰ তাড়নাত কাম কৰিবলৈ গৈ অন্যান্য ৪০জন শ্ৰমিকৰ লগত এতিয়াও সুৰংগত আৱদ্ধ হৈ আছে৷ এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে কিয় চৰকাৰে কাৰিকৰী কৌশল উদ্ভাৱন কৰিব পৰা নাই? অসমৰ ৩০ হাজাৰ চৰকাৰী চাকৰিৰ বাবে ১৪ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে আবেদন কৰিছিল আৰু বিগত ছাৰে সাতবছৰত অসমৰত কোনোধৰণৰ নিয়োগ সৃষ্টি কৰিব পৰা নতুন উদ্যোগ স্থাপন হোৱা নাই৷ ‘এডভাণ্টেজ অসম’ৰ পৰা অসমৰ নিবনুৱা যুৱক-যুৱতীৰ একো লাভ নহ’ল৷ অসমৰ মুখ্যমন্ত্ৰীজনে কেৱল চমক সৃষ্টিৰ বাবেহে ১ লাখ নিবনুৱাক চাকৰি দিয়া বুলি বহিঃৰাজ্যত মাজে মাজে ঘোষণা কৰি থাকে৷ সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দিয়ে৷ কলিতাই কয় –কথাই প্ৰতি মিছা কথা কোৱা মুখ্যমন্ত্ৰীজনে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ নিৰ্বাচনী সভাত অসমত একেদিনাই একেখন ফিল্ডতে একলাখ যুৱক-যুৱতীক চাকৰি দিয়া বুলি গোকাট মিছা কথা মাতিছে৷ মুখ্যমন্ত্ৰীয়ে প্ৰতি বছৰে ১ লাখ নিবনুৱাক চাকৰি দিম বুলি ঘোষণা কৰি বিগত আঢ়ৈ বছৰত ৮০হাজাৰ নিবনুৱাকো সংস্থাপন দিব পৰা নাই বুলি কংগ্ৰেছ নেতাজনে অভিযোগ কৰে৷ নিজৰ সমষ্টিৰ ৫০ উৰ্ধৰ লোকক নতুনকৈ নিযুক্তি দি তেওঁ যি মন যায় তাকে কৰিব পৰা নীতি প্ৰস্তুত কৰা বুলিও কলিতাই অভিযোগ কৰে৷ শুৱালকুছিৰ ৫৬ বছৰীয়া ব্যক্তিয়ে কেনেকৈ চাকৰি পাই বুলিও তেওঁ প্ৰশ্ন কৰে৷ ইফালে, মুখ্যমন্ত্ৰীজনে বহিঃৰাজ্যত ফিতাহি মৰা কথা কৈ অসমৰ মান-সন্মান তললৈ নিয়া বুলিও তেওঁ উল্লেখ কৰে৷ সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ প্ৰবীণ বড়োৱে কংগ্ৰেছে কোকৰাঝাৰত নিজাববীয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি কয় আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ নিজেই এজন প্ৰাৰ্থিত্বপ্ৰত্যাশী বুলি উল্লেখ কৰে৷ 

কংগ্ৰেছত যোগ দিবলৈ ৰাজীৱ ভৱনত ভিৰ

বিজেপিয়ে কংগ্ৰেছক নস্যাৎ কৰিবলৈ যিমানে চেষ্টা কৰিছে সিমানে শক্তি বাঢ়িছে কংগ্ৰেছৰ৷ কংগ্ৰেছত যোগ দিবলৈ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠনৰ নেতা আগবাঢ়ি আহিছে৷ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ আজি বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় দুশ নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে৷ যোগদান সভাৰ আঁত ধৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক [সাংগঠনিক] দেৱজিত ডেকাই৷  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন বিশেষ সভাত বিজেপি, আপ, তৃণমূল কংগ্ৰেছ, আৰ এছ এছ, বজৰং দল, অটল সেনা, ৰাম সেনা, হিন্দু জাগৰণ মঞ্চৰ পৰা প্ৰায় দুই শতাধিক নেতা কৰ্মীয়ে উক্ত যোগদান কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে৷ নৱাগতসকলক কংগ্ৰেছ দলৰ উপ-সভানেত্ৰী ববিতা শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ সভাপতি দীপ বায়ন, জ্যেষ্ঠ মুখপাত্ৰ  ৰমেন কুমাৰ বৰঠাকুৰ আৰু নিখিল ভাৰত কংগ্ৰেছৰ নেতা ক্ষিতিজ আদ্যলকাৰে আদৰণি জনায়৷ কংগ্ৰেছ দলত যোগদান কৰা অন্যান্য দলৰ নেতা কৰ্মীসকলক মাজত উল্লেখযোগ্য হ’ল বনজিৎ দত্ত, ৰাজ চক্ৰৱতী, ৰাজা বিশ্বাস, শিখা দাস, অবিনাশ যাদৱ, অনুপম ভট্টাচাৰ্য্য, ধীৰাজ চৌধুৰী, হেমেন বৰ্মন, বিচিত্ৰ কুমাৰ ঠাকুৰীয়া, মাধৱ দাস, ত্ৰিদিৱ দত্ত, হিটলাৰ শইকীয়া, পংকজ দত্ত, গোলাম নবি আজাদ, প্ৰিসাদ আহমেদ, বাপিল আহমেদকে আদি৷

বিজেপিয়ে ঘৃণা বিয়পাইছেঃ ৰিপুণ বৰা

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বিজেপি চৰকাৰে দুখীয়া ৰাইজক প্ৰতাৰণা কৰিছে৷ বিজেপি চৰকাৰৰ দিনত অত্যধিক মূল্যবৃদ্ধি হৈছে৷  মহিলাক অৰুণোদয় দি ডকাইতি কৰিছে৷ মাহে বাৰশ টকা দি সকলো উলিয়াই লৈ গৈছে৷  আজি নগাঁৱত এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই৷  নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত এক কৰ্মীসভাত ভাষণ দি এইদৰে মন্তব্য কৰি ৰিপুণ বৰাই লগত কয়, বৃটিছ চৰকাৰে মানুহক কানি খুৱাই এলেহুৱা কৰিছিল৷ ঠিক তেনে নীতিৰে চৰকাৰে বিনামূলীয়া চাউল দি সৰ্বসাধাৰণ ৰাইজক পংগু কৰিছে৷ ৰাইজক কাম কৰিবলৈ সুযোগ দিয়া নাই৷ বিজেপিয়ে দেশজুৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি বৰাই লগতে কয়, ধৰ্মনিৰপেক্ষ দেশত একপ্ৰকাৰ চৰকাৰীভাৱে ঘৃণা বিয়পাইছে৷ বিজেপি পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধানখনেই সলাই পেলাব৷  তেওঁ আৰু কয়, উচ্ছেদৰ নামত ৰাজ্যজুৰি বুলড’জাৰ চলাই বৰ্বৰতাৰ পৰিচয় দি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে দেশৰ চ্ছটাকৈ ৰাজনৈতিক দল একত্ৰিত হৈ ইণ্ডিয়া গঠন কৰিছে৷ অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত অত্যাচাৰী শাসন চলাইছে৷ এনে অত্যাচাৰী শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপিক অনাগত নিৰ্বাচনত ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই পেলাব লাগিব৷ ৰিপুণ বৰাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক চোকা সমালোচনা কৰি কয়, তেওঁ বিজেপিৰ বি টিম হৈ কাম কৰিছে৷ আজমলক মুছলমানৰ পক্ষে ক’বলৈ শিকাই দি হিন্দুৰ সমৰ্থন আদায় কৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু আজমলক চাচা-ভতিজা বুলি কটাক্ষ কৰি বৰাই কয়, তেওঁলোকে ভাই-ভাইৰ মাজত কাজিয়া লগাই দেশত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে৷ দলটোৰ জিলা সভাপতি ময়ূৰ মজুমদাৰে সভাপতিত্ব কৰা কৰ্মীসভাখনত তৃণমূল কংগ্ৰেছৰ মহিলা নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেৱে উদ্বাত্ত ভাষণ দি কয়, বিজেপি দল মিথ্যাচাৰী দল৷ কাৰণ তেওঁলোকে নিৰ্বাচন আহিলে জনগণক সকলো সুবিধা দিব বুলি কয়৷ কিন্তু নিৰ্বাচন গ’লে সকলো প্ৰতিশ্ৰুতি পাহৰি যায়৷ দুৰ্নীতি-অনিয়মৰ ক্ষেত্ৰত শূন্যসহনশীলতা গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত অসমকে ধৰি বিজেপিশাসিত প্ৰায়বোৰ ৰাজ্যত ডাঙৰ ডাঙৰ স্কেম হৈছে৷ গণতান্ত্ৰিক ৰাষ্ট্ৰখনত সৰ্বসাধাৰণ ৰাইজতো বাবেই সংবাদ মাধ্যমৰ বাক্‌-স্বাধীনতাও নাইকিয়া হৈছে৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক কৰ্মী উপস্থিত থকা সভাত তৃণমূল কংগ্ৰেছৰ আন এগৰাকী নেত্ৰী পলাক্ষী দাসে কয় যে, নৱ-প্ৰজন্মৰ বিজেপিৰ প্ৰতি মোহভংগ হৈছে৷ এই দলটোৱে কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰি ভাল পায়৷ সেয়ে মেৰুবিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ তৃণমূল কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়৷ উক্ত সভাত দলটোৰ ৰাজ্যিক কোষাধ্যক্ষ গণ চেতিয়া, উপ-সভাপতি ছাদিক আহমেদ, যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি মেহমুদ আলীকে প্ৰমুখ্যে দলটোৰ ভালেকেইজন ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থাকে৷ ইপিনে উক্ত সভাত শতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ ইফালে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক; সভাপতি ৰিপুণ বৰাক একাংশ কৰ্মীয়ে মটৰ চাইকেল ৰেলীৰে সভালৈ আদৰি আনে৷ ৰেলীৰ অধিকাংশ বাইক আৰোহীয়ে হেলমেট পৰিধান নকৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে৷