Logo
image

কাহ-চৰ্দিত এইবিধ লতাৰ ৰসপান কৰিলে সুফল পাব

কৰ’না কালৰ পৰা এবিধ লতাজতীয় উদ্ভিদৰ কদৰ বাঢ়িছে৷ সাধাৰণতে থলুৱাভাৱে উৎপাদিত এইবিধ ভেষজৰ পাতৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব৷ আদা, তুলসী, অস্তগন্ধা, নিম, শগুনীলতাৰ দৰে এইবিধো স্বাস্থ্যৰ বাবে মহৌষধস্বৰূপ৷ এই ভেষজবিদেই হ’ল– থলুৱাভাৱে পোৱা লতাজাতীয় উদ্ভিদ গুলঞ্চ৷ ইয়াৰ বৈজ্ঞানিক নাম টিনোস্পোৰা কৰ্ডিফোলিয়া৷ এইবিধ লতাজাতীয় উদ্ভিদৰ কাণ্ড বৰ দুৰ্বল, অথচ ৰসাল৷ এই উদ্ভিদবিধত স্বাস্থ্যকৰ উপাদান প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে আয়ুৰ্বেদিক তথা ঘৰুৱা চিকিৎসাত ইয়াৰ কদৰ বেছি৷ আয়ুৰ্বেদিক শাস্ত্ৰত এইবিধ ভেষজক ‘ৰসায়ন’ নামেৰে জনা যায়৷ আয়ুৰ্বেদিক চিকিৎসক ভি কে পাণ্ডেই কৈছে– বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ সময়ত সাধাৰণতে হোৱা কাহ-চৰ্দি আদি ক্ষেত্ৰত ঘৰুৱাভাৱে এইবিধ ভেষজ ব্যৱহাৰ কৰিলে উৎকৃষ্ট ফল পোৱা যায়৷ বিভিন্ন ধৰণৰ ভাইৰেলৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ গুলঞ্চ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ পাতৰ পৰা ৰস উলিয়াই পান কৰিলে চমৎকাৰী গুণাগুণ পোৱা যায়৷ এইবিধ লতাৰ মাত্ৰ পাতেই নহয় ইয়াৰ গা-গছ আৰু শিপাতো প্ৰচুৰ পৰিমাণে ঔষধি গুণ আছে৷ 

⬛ এইবিধ ভেষজত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে– জিংক, মেংগানিজ, কেলছিয়াম, ক্ৰমিয়াম, আইৰণ, কপাৰ, পটাছিয়াম আদি প্ৰচুৰ পৰিমাণে থাকে৷ তদুপৰি গুলঞ্চত প্ৰ’টিন প্ৰচুৰ পৰিমাণে পোৱা যায়৷ কাহ, চৰ্দি, জ্বৰ, হাপানী কিম্বা এজমাৰ উপসৰ্গ হ্ৰাস হোৱাত বিশেষভাৱে সহায় কৰে গুলঞ্চে৷ 

⬛ জানিব পৰা মতে ক’ভিডৰ কিছু উপসৰ্গ হ্ৰাস কৰাতো এইবিধ আয়ুৰ্বেদিক ভেষজে বিশেষভাৱে সহায় কৰে৷  গুলঞ্চত এণ্টিবায়’টিক উপাদান যথেষ্ট আছে৷ ই শৰীৰৰ ভিতৰত লুকাই থকা ক্ষতিকাৰক জীৱাণুক নাশ কৰে৷ 

⬛ মহিলাসকলৰ মনোপজৰ সময়ত এইবিধ লতাজাতীয় উদ্ভিদৰ ৰস বিশেষভাৱে উপকাৰী৷ নিখুঁত ত্বকৰ বাবেও গুলঞ্চ উপকাৰী৷ মানসিক চাপ তথা অৱসাদ দূৰ কৰাৰ ক্ষেত্ৰত গুলঞ্চ বেছ উপকাৰী৷ সেইদৰে ডায়েবেটিছ, কলেষ্টৰেল কমোৱা, ওজন হ্ৰাস কৰা আদিৰ ক্ষেত্ৰত গুলঞ্চে বিশেষভাৱে সহায় কৰে৷ 

⬛ এইবিধ লতাজাতীয় উদ্ভিদে স্নায়ুবিক শক্তি বৃদ্ধি কৰাৰ লগতে হিম’গ্লবিন বৃদ্ধি কৰে৷ সেইদৰে হৃদযন্ত্ৰ আৰু পেশীৰ শক্তিবদ্ধৰ্ক হিচাপে কাম কৰে গুলঞ্চে৷

⬛ গুলঞ্চৰ আটাইতকৈ ডাঙৰ গুণটো হ’ল ই প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে৷ ইয়াক নিয়মিত সেৱন কৰিলে চৰ্দি, কাহ, ভাইৰেল জ্বৰ, ভাইৰেল ইনফেকছন, শৰীৰত হোৱা বিষ, কঁকালৰ বিষ, মূৰৰ বিষ, ক্লান্তি আদি দূৰতে বিদুৰ কৰে৷