Logo
image

কিছুদিনৰ পিছত উশাহ-নিশাহ লোৱাৰ বাবেও চৰকাৰক কৰ দিব লাগিবঃ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁৱত অনুষ্ঠিত হোৱা আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ মঙলবাৰে পুৱা পতাকা উত্তোলন কৰি আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয় যে বৰ্তমান সময়ত দিল্লী-দিছপুৰত একপ্ৰকাৰ ফেচিবাদী চৰকাৰ চলি আছে। জাতিটোৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত তিলমানো চিন্তা নাই এইখন চৰকাৰৰ। কেৱল হিতাধিকাৰী সজোৱাৰ চিন্তা। মূল্যবৃদ্ধি প্ৰসংগটো সৰৱ হৈ পৰা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয় যে চৰকাৰখনে ভুৱা ঢাক-ঢোল বজোৱা বন্ধ কৰিব লাগে। এফালৰ পৰা জনসাধাৰণক চেপি আহিছে চৰকাৰে। কি জীৱন দায়িনী ঔষধ, কি বিদ্যুতৰ বিল সকলোতে মাধমাৰ দিছে। ইয়াৰ উপৰি শেহতীয়াকৈ বিহু পাতিলে, সাংস্কৃতিক অনুষ্ঠান পাতিলেও কৰ দিব লাগিব। ৰাজকোষ উদং হৈ পৰা চৰকাৰখনক অধিৱেশনথলীৰ পৰাই এইদৰে হুংকাৰ দিয়ে উৎপল শৰ্মাই। জাতিটোৰ দুৰ্দিনত, অসমৰ আকাশত যেতিয়া দুৰ্যোগৰ কলিয়া ডাৱৰে আগুৰি ধৰে, তেতিয়াই আছুৰ প্ৰয়োজন অনুভৱ কৰে অসমৰ জনতাই। গতিকে আছুৰ ভুল আৰু বিতৰ্কক লৈ অসমৰ ৰাইজে সমালোচনা কৰাটো স্বাভাৱিক। আছুৰ ভুলবোৰক তীক্ষ্ণ সমালোচনা কৰিবলৈও উপস্থিত ৰাইজক আহ্বান জনাই উৎপল শৰ্মাই। 

পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই লোকে লোকাৰণ্য হৈ পৰা অধিৱেশন থলীত শ্বহীদ তৰ্পণ কৰে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই। দেশৰ স্বাধীনতা আন্দোলন, অসম আন্দোলন, ভাষা আৰু খাদ্য আন্দোলনত যিসকল শ্বহীদে আত্মবলিদান দিলে সেইসকলক স্মৰণ কৰি উপস্থিত ৰাইজৰ সন্মুখত শংকৰজ্যোতি বৰুৱাই কয় যে মৰিগাঁওবাসী ৰাইজৰ আতিথ্য, উৎসাহ, প্ৰেৰণাই আছুক যথেষ্ট শক্তি আৰু সাহস দিলে। মৰিগাঁও জিলাৰ ৰাইজ বহুত ধনৱন্ত হ'ব নোৱাৰিব পাৰে, কিন্তু বুকুৰ যি উম তাকে দেখি আপ্লুত হৈছোঁ৷ 

হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত উদাত্ত কণ্ঠৰে বৰুৱাই লগতে কয় যে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত আছুৰ যি দায়িত্ব সেয়া পালন কৰি যাবলৈ আছু অংগীকাৰবদ্ধ। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত সাম্প্রদায়িকতাৰ বীজ সিচি যিসকলে ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰি আছে, সেয়া কোনোপধ্যেই হ'বলৈ দিয়া নহ'ব। মৰিগাঁও চহৰৰ মাজমজিয়াত ওলোৱা বুধবাৰৰ সমন্বয়ৰ শোভাযাত্ৰাই তাকেই প্ৰমাণ কৰি দেখুৱাইছে। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি ছাত্ৰ নেতাজনে লগতে কয় যে এইখন চৰকাৰৰ দিনত বিহু পাতিলে, সাংস্কৃতিক শোভাযাত্রা, সাংস্কৃতিক চৰ্চা কৰিলে কৰ দিব লগা দিন আহি পৰিছে। যিটো হাৰত জনতাই কৰ দিব লগা হৈ আহিছে কেইদিনমানৰ পিছত হয়টো উশাহ-নিশাহ লোৱাৰ বাবদো কৰ দিব লাগিব। ৰজাই যি ভাবে তাকেই কৰি আছে। অসমীয়া মানুহক হিতাধিকাৰী সজাই অৰ্থনৈতিকভাৱে কোঙা কৰি পেলাইছে। ৰাজনৈতিক পাক চক্ৰত পেলাই লৈ জনসাধাৰণক জুৰুলা কৰি অহা বুলিও ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ নেতাজনে। নিজৰ ভাষা নিজৰ সংস্কৃতি, কৃষ্টি ঠিক কৰি নিজৰ জাতিটোৰ পৰিচয় সদায়েই বজাই ৰাখিব লাগিব বুলি আহ্বান জনায়৷