Logo
image

মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাঃ গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে ২ লাখ টকা, মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিলে চোৰে

ডিজিটেল সংবাদ, গুৱাহাটীঃ আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লোকে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় সৰ্বসাধাৰণ নাগৰিক। এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পাছতো স্মাৰ্ট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি ঘটনা। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ডকাইতিৰ ঘটনা। প্ৰতিদিনেই যেন মহানগৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ডকাইতিৰ ঘটনা। 

মহানগৰ আৰক্ষীয়ে চোৰ- ডকাইতৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে পুনৰ মহানগৰীত সংঘটিত হয় ডকাইতিৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীত ফুট গধূলিতে দুটাকৈ লুটপাতৰ ঘটনা সংঘটিত হয়। মানুহৰ সমাগমৰ মাজতে বুধবাৰে সন্ধিয়া মহানগৰীৰ লাচিত নগৰত গাড়ীৰ গ্লাছ ভাঙি নগদ দুই লাখ টকা লুটি নিয়ে দুৰ্বৃত্তই। ঘটনাৰ বিৱৰণী অনুসৰি, মেঘদূত ভৱনৰ কৰ্মচাৰী জান মহম্মদে তেওঁৰ নিজৰ গাড়ীখন লাচিত নগৰত পাৰ্কিং কৰি ব্যক্তিগত কামৰ বাবে ওলাই যায়। উভতি আহি মেঘদূত ভৱনৰ কৰ্মচাৰী জান মহম্মদে তেওঁৰ গাড়ীৰ গ্লাছ ভাঙি নগদ দুই লাখ টকা লুটি নিয়া ধৰা পেলায়। ঘটনা সন্দৰ্ভত জান মহম্মদে পল্টনবজাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও আৰক্ষীয়ে ডকাইতৰ কোনো শুং সূত্ৰ লাভ কৰা নাই। 

দ্বিতীয়টো ঘটনা সংঘটিত হয় বেলতলাৰ জয়ানগৰ চাৰিআলিত। ঘটনাৰ বিৱৰণী অনুসৰি, বেলতলাৰ জয়ানগৰ চাৰিআলিৰ পদপথত এগৰাকী মহিলাই খোজ কাঢ়ি ঘৰলৈ গৈ আছিল। এনেতে AS01 ES 2206 নম্বৰৰ স্কুটীত অহা দুজনীয় দুৰ্বৃত্তৰ দলে মহিলা গৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেলতলা অভিমুখে পলায়ন কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে চিয়াৰ বাখৰ কৰে যদিও কোনো লোক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। ফলত দুৰ্বৃত্তৰ দলটো অনাসায়ে পলাই যাবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও আৰক্ষীয়ে চিলনী চোৰৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।