Logo
image

ভাৰতীয় মহিলা ক্ৰিকেট দলত অসমৰ দুগৰাকী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰঃ ছৈয়দ মুস্তাক আলী ট্ৰফী ৰাষ্ট্ৰীয় টুৱেণ্টী২০ ক্ৰিকেট প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা হ’বলগীয়া টুৱেণ্টী২০ শৃংখলাৰ বাবে ৰিয়ান পৰাগক ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰাৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমী অসন্তুষ্ট হৈ থকা সময়তে দুগৰাকী মহিলা ক্ৰিকেটাৰে আনিছে ৰাজ্যখনলৈ সুখবৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় ‘এ’ দলত স্থান পাইছে উইকেটকীপাৰ-বেটাৰ উমা চেত্ৰী আৰু অলৰাউণ্ডাৰ জিণ্টিমণি কলিতাই৷ উল্লেখ্য, এছিয়ান গেমছৰ স্বৰ্ণপদক লাভ কৰা ভাৰতীয় মহিলা দলটোৰ সদস্য আছিল উমা চেত্ৰী৷ হংকঙত অনুষ্ঠিত এমাৰ্জিং ৱ’মেন এছিয়া কাপত ভাগ লোৱা ভাৰতীয় দলটোৰো সদস্য আছিল উমা৷ চেত্ৰীয়ে ইয়াৰ পূৰ্বেও ভাৰত ‘এ’ দলত খেলাৰ সুযোগ পাইছিল৷ আনহাতে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলা প্ৰিমিয়াৰ লীগত (ডব্লিউ পি এল) মুম্বাই ইণ্ডিয়ানছ দলৰ সদস্য আছিল জিণ্টিমণি কলিতা৷ ভাৰতীয় অনূৰ্ধ্ব ১৯ বছৰৰ মহিলা দলকো প্ৰতিনিধিত্ব কৰিছে জিণ্টিমণিয়ে৷