Logo
image

সমদল-অনুষ্ঠান- সভাত মাচুল আৰোপ ৰাজ্যত তীব্ৰ ক্ষোভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰঃ সমদল, ৰাজনৈতিক দলৰ সভা অনুষ্ঠিত কৰাৰ বাবদ মাচুল সংগ্ৰহৰ নতুন নিয়ম লোকসভা নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত বিৰোধীক ভেটা দিয়াৰ অস্ত্ৰ নেকি? যুদ্ধংদেহী ৰূপত আগবাঢ়ি অহা ১৫ দলীয় বিৰোধী ঐক্যমঞ্চক শ’লঠেকত পেলাবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এনে অভিনৱ কৌশল অৱলম্বন কৰিছে নেকি? বিহু অনুষ্ঠান, সাংস্কৃতিক কাৰ্যসূচী, বাটৰ নাট, সজাগতামূলক অনুষ্ঠান আদিত মাচুল নিৰ্ধাৰণ কৰাৰ পাছতে এনেবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ উশাহ-নিশাহতো কৰ লগাব নেকি চৰকাৰে বুলি প্ৰশ্ন কৰিছে বহুজনে৷ কিয়নো নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সমদল, ৰাজনৈতিক সভা অনুষ্ঠিত কৰিবলগীয়া হয়৷ নতুন নিয়ম অনুসৰি এনে সমদল, ৰাজনৈতিক সভা অনুষ্ঠিত কৰিবলৈ হ’লে প্ৰতিটো ৰাজনৈতিক দলে কেইবাদিন আগৰে পৰা সাজু হ’ব লাগিব৷ যাৱতীয় অনুমতি লাভৰ ক্ষেত্ৰত বিৰোধী দলসমূহে যে বিড়ম্বনাৰ সন্মুখীন হ’ব লাগিব সেয়া ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ যিয়েই নহওঁক সমদল, সভা, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰাৰ নামত মাচুল আৰোপ কৰাত ক্ষুব্ধ সৰ্বস্তৰৰ লোক৷ চৰকাৰৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আছু, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন সংগঠনৰ উপৰি কংগ্ৰেছ, অসম তৃণমূল কংগ্ৰেছ, অসম জাতীয় পৰিষদ, আপ, এনচিপি আদি দলে চৰকাৰৰ সিদ্ধান্তক গণতন্ত্ৰবিৰোধী বুলি মন্তব্য কৰিছে৷ সদৌ অসম ছাত্ৰ সন্থাই এইমৰ্মে কটাক্ষ কৰিছে যে চৰকাৰে এতিয়া জনসাধাৰণৰ ওপৰত যেনেধৰণে কৰ-মাচুল আৰোপ কৰিছে, অদূৰ ভৱিষ্যতে হয়তো উশাহ-নিশাহ ল’বলৈকো ৰাইজে কৰ দিব লাগিব বুলি চৰকাৰে নিৰ্দেশ দিব৷

কৰৰ বিৰুদ্ধে আজি সন্মিলিত বিৰোধীৰ গুৱাহাটীত প্ৰতিবাদ

দেশত সংবিধান ৰক্ষা আন্দোলন কৰাৰ পৰিৱেশ উদ্ভৱ হৈছে আৰু যাৰ বাবে কংগ্ৰেছ দলে সমগ্ৰ দেশতে অহা ২৬ নৱেম্বৰত সংবিধান সুৰক্ষা দিৱস পালন কৰি ৰাইজক সজাগ কৰিব৷ অসমৰে৷ জিলাই জিলাই কংগ্ৰেছে ২৬ নৱেম্বৰৰ দিনটোত সজাগতা শিবিৰ আৰু সমদল উলিয়াই সংবিধান সুৰক্ষা আৰু গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল হঅবলৈ বিজেপি দল আৰু চৰকাৰক বাধ্য কৰাব৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য তথা অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক কপুলা ৰাজুৱে এইদৰে কয়৷ কংগ্ৰেছ নেতাজনে সংবাদমেলত অভিযোগ কৰি কয় যে চৰকাৰৰ পৃষ্ঠপোষকতাত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ-পত্ৰ দিয়াৰ বহু অভিযোগ আছে আৰু সেয়া চৰকাৰে বন্ধ কৰা উচিত৷ কংগ্ৰেছ শাসিত ৰাজ্যসমূহত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ পিয়ল অনুষ্ঠিত কৰিব আৰু কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰ লগে লগে কংগ্ৰেছ দলে জাতি গণনা প্ৰক্ৰিয়া চূড়ান্ত কৰিব৷ অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ লগতে জাতিভিত্তিক উন্নয়ন আৰু সমবিকাশৰ বাবে কংগ্ৰেছে সমগ্ৰ দেশত এই কাম কৰিব আৰু ইতিমধ্যে কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা সংবাদমেলখনত নিখিল ভাৰত কংগ্ৰেছৰ অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাজেশ লিল’থিয়াও উপস্থিত থাকে৷ কংগ্ৰেছ নেত৷ লিল’থিয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসমূহৰ সমবিকাশ হোৱা নাই বুলি অভিযোগ কৰে৷ লিল’থিয়াই কয়– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱ৷ প্ৰতিশ্ৰুতিৰে মানুহক আভুৱা ভাৰি আহিছে আৰু কেৱল বিজ্ঞাপনত উন্নয়নৰ প্ৰচাৰ চলোৱা এইখন চৰকাৰৰ বিৰুদ্ধে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে শীঘ্ৰেই প্ৰত্যুত্তৰ দিব৷ কংগ্ৰেছ নেতাজনে অসমত জাতি-জনজাতিৰ সমবিকাশ নাই হোৱা বুলিও গুৰুতৰ অভিযোগ কৰে৷ ইফালে, আজি শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ সংৰক্ষিত তিনিটা লোকসভা সমষ্টি আৰু ২৮টা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ দায়িত্বত থকা লোকসকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ প্ৰায় ৪০০ প্ৰতিনিধিক কংগ্ৰেছৰ নতুন দিল্লীৰ পৰা অহা নেতাসকলে আগন্তুক লোকসভা নিৰ্বাচনত বুথ পৰ্যায়ত কেনেদৰে কাম কৰিব লাগিব সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰৰ লগতে বিধায়কসকল আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবাদিকসকলক সম্বোধন কৰি চৰকাৰে গণতান্ত্ৰিক এক ব্যৱস্থাক আংগুষ্ঠ প্ৰদৰ্শন কৰি কৰৰ বোজা জাপি দিয়া ঘটনাৰ প্ৰতিবাদ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে জাতীয় দল আৰু সংগঠনসমূহে ৰাজহুৱা প্ৰতিবাদ কৰাৰ নামত অথবা সাংস্কৃতিক সংগঠনসমূহে সমদল উলিওৱাৰ নামত যি ব্যয় হ’ব সেই ব্যয়ৰ চৰকাৰী নথি-পত্ৰ জমা ৰাখিব আৰু ২০২৬ত কংগ্ৰেছৰ চৰকাৰ হ’লে ৰাইজক সেই ধন ঘূৰাই দিব৷ বৰাই কয় যে তিনিটা ‘হি’ৰ পৰা বৰ্তমান অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰিছে৷ প্ৰথম ‘হি’ হ’ল হিন্দু-মুছলমানৰ ৰাজনীতি, দ্বিতীয় ‘হি’ হিতাধিকাৰীৰ নামত চৰকাৰে সাধাৰণ ৰাইজক কৰা লটিঘটি আৰু তৃতীয় ‘হি’ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ এই তিনিট৷ ‘হি’ অসমৰ সৰ্বনাশৰ মূল কাৰণ বুলি বৰাই উল্লেখ কৰে৷

অসম চৰকাৰৰ এই সিদ্ধান্ত ধিক্কাৰজনকঃ ৰিপুণ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসমত বিজেপি চৰকাৰে সামাজিক অনুষ্ঠানসমূহ, যেনে-বিহু, খেল-ধেমালি, সাংস্কৃতিক শোভাযাত্ৰা, থিয়েটাৰ, বাটৰ নাট, ৰাজনৈতিক সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ বাবে অনুমতি আবেদন মাচুল ধাৰ্য্য কৰি যিদৰে ৰাইজক মাধমাৰ সোধাইছে তাৰ বিৰুদ্ধে এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ সংবাদ মেলত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই কয় -অসম চৰকাৰৰ এই সিদ্ধান্ত ধিক্কাৰজনক৷ অসম চৰকাৰ এখন মিছলীয়াৰ চৰকাৰ৷ ইয়াৰ পূৰ্বে কেন্দ্ৰত বিজেপিয়ে ইডি আৰু চিবিআইক কিদৰে অপব্যৱহাৰ কৰিছে সেয়া সকলোৰে জ্ঞাত৷ এইবাৰ অসমত আইন শৃংখলা, শান্তি ৰক্ষা কৰা পুলিচক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ব্যৱহাৰ কৰিব কৰ সংগ্ৰহ কৰিবলৈ৷ এইবাৰ অসমত আৰক্ষীয়ে লাঠি ঘূৰাই ঘূৰাই, ভয় ভাবুকিৰে বিহু কমিটি, ৰাজনৈতিক দলৰ পৰা সংগ্ৰহ কৰিব মাচুল৷ চৰকাৰ আজি দেউলীয়া, ধাৰত পোত খাই আছে বিজেপি চৰকাৰ৷ আজি চৰকাৰৰ ৰাজকোষ উদং৷ ৰাজকোষ টনকিয়াল কৰিবলৈ অসমত বিজেপি চৰকাৰে সামাজিক অনুষ্ঠানসমূহ, যেনে- বিহু, খেল-ধেমালি, সাংস্কৃতিক শোভাযাত্ৰা, থিয়েটাৰ, বাটৰ নাট, ৰাজনৈতিক সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ বাবে অনুমতি আবেদন মাচুল ধাৰ্য্য কৰি ৰাইজক টেটুচেপা দি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে৷ ধাৰত পোত খাই থকা বিজেপি চৰকাৰে আজি অমৃত কলহ যাত্ৰা কৰিছে, কিন্তু আজি মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ আপুনি এই সকলো কৰৰ নাম ‘‘অমৃত কৰ’’ কৰি দিয়ক৷ চাণক্যই কৈছিল ‘ৰজা যেতিয়া বেপাৰী হয়, তেতিয়া প্ৰজা ভিক্ষাৰী হয়৷’ অসমৰ দাঁতিকাষৰীয়া ৰাজ্যৰ তুলনাত অসমৰ জনমূৰি আয়ৰ অৱস্থা লজ্জাজনক৷ মেলে মিটিঙে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোৱা জাতি, মাটি আৰু ভেটি গুচি আজি মামা, মামীৰ মাটি হ’ল৷ এইখন চৰকাৰৰ ‘‘ঘৰত ঢকুৱাৰ বেৰ আৰু বাহিৰত বৰ চুৰিয়াৰ ফেৰ’’ সদৃশ অৱস্থা৷ হিমন্ত বিশ্ব শৰ্মাই ছট্টীশগড়ত নিৰ্বাচনী প্ৰচাৰত ৰন্ধন গেছৰ মূল্য ৫০০ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু অসমত ৰন্ধন গেছৰ মূল্য ৯৫০ টকা, ইয়াতকৈ ডাঙৰ মিথ্যাচাৰ আৰু কিবা আছেনে?

ৰাজ্যত এতিয়া গণতন্ত্ৰ নাই, ৰাজতন্ত্ৰ চলিছেঃ আপ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ  হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দেউলীয়া বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজৰ ওপৰত পুনৰ কৰৰ বোজা জাপি দি মাধমাৰ শোধাবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে আম আদমি পাৰ্টীয়ে৷ এই সন্দৰ্ভত বুধবাৰে আয়োজন কৰা এখন সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয়– জনসাধাৰণক হতবাক কৰি চৰকাৰখনে ৰাজ্যত নিতৌ কৰ সংগ্ৰহৰ নতুন নতুন ফৰ্মূলা, ‘পেটাৰ্ন’ আৱিষ্কাৰ কৰাত নামি পৰিছে৷ ৰাজ্যত এতিয়া গণতন্ত্ৰ নাই, ৰাজতন্ত্ৰ ছলিছে৷ তাহানিৰ ৰজা মহাৰজাই কৰ-কাটল সংগ্ৰহ কৰিবলৈ সৈন্য, চিপাহী-চন্তৰি নমাই দিছিল৷ সেই একে ফৰ্মূলাৰ এতিয়া অসমত পুনৰাবৃত্তি ঘটিছে৷ শান্তিৰ ৰক্ষক, আইন-শৃংখলাৰ ৰক্ষক আৰক্ষীয়ে এতিয়া দেউলীয়া চৰকাৰৰ বাবে কৰ সংগ্ৰহ কৰিব লাগিব৷ দেশৰ সংবিধানৰ ১৯ নং অনুচ্ছেদত ধাৰ্য কৰা নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰৰ নতুন কৰৰ নিৰ্দেশটোৱে৷ কমাৰ্চিয়েল বিল্ডিং নিৰ্মাণ কৰিলে পুলিচৰ এনঅ’চিৰ প্ৰয়োজন কত? ধাৰ লৈ বিহু নৃত্য, অমৃত কলহ আদি কাৰ্যসূচী ৰূপায়ণ কৰা চৰকাৰ খনৰ এনে অৱস্থা হৈছে যে এতিয়া ৰাইজে বিহু, খেল, সাংস্কৃতিক শোভাযাত্ৰা, সভা-সমিতি, প্ৰদৰ্শনী আয়োজন কৰিলেও চৰকাৰক দিব লাগিব কৰ৷ কৰৰ বোজা জাপি দিয়া উৎপাদন বিমুখ দেউলীয়া চৰকাৰ খনে ইতিমধ্যে ভূমিকৰ, সম্পত্তি কৰ, যান-বাহন কৰ জাপি দি ৰাইজক টেটু চেপি ধৰিছে৷ এতিয়া নতুনকৈ আৰক্ষীৰ দ্বাৰা পুনৰ যি সমূহ শিতানত কৰ সংগ্ৰহ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে সেয়া চৰম অগণতান্ত্ৰিক আৰু ৰাজতন্ত্ৰৰ বহিঃপ্ৰকাশ৷ কিয়নো এতিয়া গুৱাহাটীত সৰু-সুৰা ব্যৱসায় কৰি কোনো নিবনুৱা স্বাৱলম্বী হ’ব বিচাৰিলেও ব্যৱসায়ৰ মূলধনৰ সৈতে আৰক্ষীক দিবলৈ পঞ্চাছ হাজাৰ টকা অতিৰিক্ত বোজা লব লাগিব৷ আনহাতে এজন নিবনুৱাই ব্যক্তিগত প্ৰতিষ্ঠানত আঠ-দহ হাজাৰ টকাৰ এটা কাম কৰাৰ বাবে ভেৰিফিকেচন কৰিবলৈ আৰক্ষীক দিব লাগিব তিনিশ টকা৷ তাতোকৈ ডাঙৰ কথা যে এতিয়া গাঁৱে ভুয়ে যুৱকসকলে খেল অনুষ্ঠিত কৰিবলৈও ভৰিব লাগিব দুই হাজাৰ টকা৷ মুঠতে এই চৰকাৰৰ দিনত ঘৰৰ পৰা বাহিৰ ওলাই আহিলেই ভৰিব লাগিব কৰ৷

সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান আদিত কৰ লগোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক-কা বিৰোধী সমন্বয় সমিতি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসম চৰকাৰে শেহতীয়াকৈ ৰাজনৈতিক দলৰ সমাৱেশ, সভা-সমিতি, আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান, শোভাযাত্ৰা আদিত কৰ আৰোপ কৰাৰ যি সিদ্ধান্ত লৈছে, সি আমাক হতভ¥£ কৰিছে-এইদৰে কয় কা বিৰোধী সমন্বয় সমিতি, অসমৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে৷ বুধবাৰে তেওঁ সংবাদ মাধ্যমক কয়– চৰকাৰৰ এই সিদ্ধান্ত দৰাচলতে গণতন্ত্ৰৰ পৰিপন্থী৷ ভাৰতীয় সংবিধানৰ অন্যতম কাঠামো গণতন্ত্ৰই নাগৰিকক দলীয় সমাৱেশ, সভা-সমিতি, শোভাযাত্ৰা, সাংস্কৃতিক কৰ্মসূচী আদি অনুষ্ঠিত কৰাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে৷ বেপৰোৱা লেকামহীনভাবে টকা-পইচা খৰচ কৰা চৰকাৰখনে নামঘৰ, মন্দিৰ, সত্ৰ, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ উপৰিও নিত্য নতুন হিতাধিকাৰী আঁচনিৰ নামত ঋণ লৈ কোটি কোটি টকা খৰচ কৰি দেৱলীয়া হৈছে৷ নক’লেও হ’ব যে, এইবোৰ কৰা হৈছে, ভোট সংগ্ৰহৰ লক্ষ্যৰে৷ তদুপৰি চৰকাৰে এনে কি নতুন সেৱা আগবঢ়াইছে যাৰ বাবে কৰ আদায় কৰিব খোজে৷ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন মন্ত্ৰীয়ে চাৰ্টাৰ্ড প্লেন, হেলিকপ্তাৰ, চৰকাৰী-বেচৰকাৰী কামত ব্যৱহাৰ কৰি ৰাজহুৱা ধনৰ শ্ৰাদ্ধ কৰিছে৷ তাৰ শেহতীয়া ফল হৈছে, বিহুৰ দৰে সাতামপুৰুষীয়া উৎসৱ পালনৰ বাবে কৰ দিব লগা অৱস্থা৷ তদুপৰি চৰকাৰে ৰাজনৈতিক দলৰ সমাৱেশত অত্যধিক কৰ আৰোপ কৰি বিৰোধী দলসমূহৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে৷ দেখা গৈছে যে আৰু কিছুদিনৰ পাছত চৰকাৰখনে নাগৰিকৰ চাল-চলন, দাড়ি-চুলিৰ ওপৰতো কৰ আৰোপ কৰিব৷ সেয়ে আমি অবিলম্ফে চৰকাৰক এই উদ্দেশ্য প্ৰণোদিত, নাগৰিকৰ স্বাৰ্থ বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো৷

সাধাৰণ জনতাক মাধমাৰ সোধোৱা কাৰ্যক তীব্ৰ ধিক্কাৰ অসম ৰাজ্যিক এন চি পিৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ সাধাৰণ খাটি খোৱা জনতাৰ ওপৰত পুনৰ চৰকাৰৰ মাধমাৰ৷ এইবাৰ অনুষ্ঠান, সাংস্কৃতিক সমদল, বিহু অনুষ্ঠান, খেল-ধেমালিৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বাটৰ নাট, মেলা, এ’প’ আদিৰ অনুমতিৰ বাবেও চৰকাৰে যি কৰৰ বোজা জাপি দিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এনে কাৰ্যক তীব্ৰ ধিক্কাৰ দিছে অসম ৰাজ্যিক ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল (এন চি পিএ)৷ অসম ৰাজ্যিক এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে এই সম্পৰ্কে সংবাদ মাধ্যমক কয়– কাৰ্যতঃ সাধাৰণ জনতাক একপ্ৰকাৰ টেটু চেপা দিছে এইখন চৰকাৰে৷ সামাজিক দায়বদ্ধতাৰ বাবে যদি কোনোৰে বাটৰ নাট, খেল-ধেমালি আদি পাতে, স্বাবলম্বী হোৱাৰ উদ্দেশ্যে যদি কোনো খিলঞ্জীয়া লোকে ক’ৰবাত এখন প্ৰদৰ্শনী পাতে তেনেহ’লে ৫০০০ টকা পৰ্যন্ত অনুমতি মাচুল লোৱাৰ বাবে জনতাক শোষণকাৰী চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিছে এয়া অত্যন্ত গৰ্হিত কাম৷ ভোটৰ স্বাৰ্থত কেবল হিতাধিকাৰী সৃষ্টি কৰি কোটি কোটি টকা ঋণৰ বোজাত পোত যোৱা চৰকাৰখনে কেৱল সাধাৰণ জনতাকেই শোষণ কৰি আছে৷ ধাৰত পোত যোৱা চৰকাৰখনে উদং ৰাজকোষ টনকিয়াল কৰিবৰ বাবে এনেধৰণৰ কাম কৰিছে৷ এনে ধৰণৰ কাৰ্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়৷ কৰ আদায়ৰ নামত চৰকাৰখনে জাৰি কৰা এনে সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে৷ অন্যথা আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব অসম ৰাজ্যিক এন চি পি৷

কৰ আৰোপ ঔংৰগজেৱকো পিছ পেলালে বিজেপি চৰকাৰেঃ পলাশ চাংমাই

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ শেহতীয়াভাৱে বিজেপি শাসিত ৰাজ্য চৰকাৰে অনৈতিকভাৱে সভা সমিতি অনুষ্ঠান, প্ৰদৰ্শনী, সমদল, সজাগতা সভা, বাটৰ নাট, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কৰ আৰোপ কৰা কাৰ্যৰ তীব্ৰ গৰিহণা জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে কয় যে ৰাজ্যৰ বিত্তীয় দিশ পৰিচালনাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা আৰু ভুৱা জাকজমকতা দেখুৱাই লাওলোৱা হোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনে বিভিন্ন শিতানৰ কৰ বহুগুণে বৃদ্ধি কৰি ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক ইতিমধ্যে সৰ্বশ্ৰান্ত কৰাৰ সময়তে চৰকাৰে বাপতি সাহোন বিহু অনুষ্ঠান সভা সমিতি, সমদল, বাটৰ নাট, ক্ৰীড়া অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কৰ আৰোপ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু নিন্দনীয়৷ ৰাজ্য চৰকাৰৰ এনে অনৈতিক কাৰ্যই প্ৰকৃততে চৰকাৰখন যে আৰ্থিকভাৱে লাওলোৱা হৈছে আৰু যিকোনো প্ৰকাৰে ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰিব বিছাৰিছে৷ ইয়াৰ লগতে চৰকাৰ খনে সম্প্ৰতি সাধাৰণ জনতাৰ দৈনন্দিন জীৱনৰ সকলো দিশতে হস্তক্ষেপ কৰি নিজৰ নিয়ন্ত্ৰণ বা দায়বদ্ধতাৰ মাজত ৰাখিব বিছাৰিছে৷ সভা সমিতি, ক্ৰীড়া অনুষ্ঠান, বিহু অনুষ্ঠান আয়োজন কৰাটো মানুহৰ একান্ত নিজস্ব সামাজিক অধিকাৰ৷ চৰকাৰে এনে বিষয়সমূহত কৰ আৰোপ কৰি জনগণৰ সামাজিক অধিকাৰ খৰ্ব কৰিছে৷ মানুহৰ দৈনন্দিন জীৱন যাপন আৰু সামাজিক ব্যৱস্থা সমূহত হস্তক্ষেপ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ এয়া চূড়ান্ত ফেচিবাদী বা অত্যাচাৰী ৰাজতন্ত্ৰিক ব্যৱস্থাৰ পৰিচায়ক৷ ইফালে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমায়ে কয় যে ৰাজ্য চৰকাৰ খনে ধোৱাঁখুলীয়া চৰিত্ৰৰ বাবে অৰ্থনৈতিকভাৱে সৰ্বশ্ৰান্ত হৈছে৷ আয়তকৈ অধিক ব্যয়, ঋণৰ বোজা আৰু অবাবত কৰা জাকজমকতাৰ বাবে চৰকাৰখন বিত্তীয় দিশত দিশহাৰা হৈছে৷ চৰকাৰৰ মন্ত্ৰী-বিধায়কে অবাবত ব্যক্তিগত হেলিকপ্টাৰ, উৰাজাহাজ উৰুৱাইছে, অলাগতিয়াল ভাৱে জাকজমকতাৰে বিভিন্ন অনুষ্ঠান, উৎসৱ আয়োজন কৰিছে৷ এনেদৰে ৰাজকোষৰ ধন উদং কৰি সম্প্ৰতি বিভিন্ন কাৰ কাটল বৃদ্ধি কৰাৰ লগতে নতুন নতুন মাচুল, কৰ আদি আৰোপ কৰি ৰাজ্যৰ জনগণক ব্যতিব্যস্ত কৰি তুলিছে৷ নতুন নতুন কৰ কাটল আৰোপ কৰাত আনকি চৰকাৰ খনে জিজিয়া কৰ আৰোপ কৰি ইতিহাসত কুখ্যাতি অৰ্জন কৰা ঔংৰগজেৱকো পিছ পেলাইছে৷