Logo
image

কৰ নহয়, ‘প্ৰচেছিং ফীজ’হে! মুখ্যমন্ত্ৰীৰ ব্যাখ্যা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰঃ সমদল-ৰাজনৈতিক সভা অনুষ্ঠিত কৰিবলৈ মাচুল নিৰ্ধাৰণ কৰাক লৈ উত্তাল ৰাজ্য৷ কি বিৰোধী ৰাজনৈতিক দল, কি জাতীয় সংগঠন সকলোৱে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে৷ চৰকাৰক এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ বিভিন্ন ৰাজনৈতিক দল-অৰাজনৈতিক সংগঠনৰ নেতৃত্বই তীব্ৰ বিৰোধিতা কৰাৰ পাছত মুখ খুলিছে মুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাই৷ এই সন্দৰ্ভত এটা স্পষ্টীকৰণ টুইটাৰযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ সমদল-ৰাজনৈতিক সভাৰ আবেদন মাছুলক কৰ নহয় বুলি স্পষ্ট কৰি দি তেওঁ কয়– ‘এয়া প্ৰচেছিং ফীজহে, কৰ নহয়৷’ আনহাতে, টুইটত তেওঁ কয়– ‘পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চৰকাৰে ৫০ কোটি টকা ধাৰ্য কৰিছে৷ একোখন বিহু কমিটীক ইতিমধ্যে ডেৰ লাখকৈ টকা প্ৰদান কৰা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত মই নাভাবো ৩০০ টকা অনুমতি মাচুল দিব লগাৰ বাবে কোনো কমিটীয়ে আমাক সমালোচনা কৰিব৷ আমাৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানক উৎসাহিত কৰাটো চৰকাৰৰ অন্যতম প্ৰতিশ্ৰুতি আছিল৷ সেই প্ৰতিশ্ৰুতি পালন কৰি এই বছৰৰ পৰাই চৰকাৰে তিনি হাজাৰখন ৰাস কমিটীক চৰকাৰে ২৫ হাজাৰকৈ টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷ মই আশা কৰো আমাৰ এই প্ৰয়াস ৰাস কমিটীসমূহৰ বাবে সহায়ক আৰু অনুপ্ৰেৰণাদায়ক হ’ব৷ সমদল-ৰাজনৈতিক সভাত মাচুল আৰোপ কৰিবলৈ বিৰোধী দলসমূহে তীব্ৰ প্ৰতিক্ৰিয়া কৰাৰ পাছত সৰৱ হৈ পৰিছে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা৷ তেওঁ কয়– কথাখিনি নেতিবাচকভাৱে প্ৰচাৰ কৰা হৈছে৷ এইখন চৰকাৰে ক’তো একো কৰ লগোৱা নাই৷ এয়া নিৰ্দিষ্ট কিছু মাৱেদনৰ মাচুলহে মাথোঁ৷ যিখন বিহু কমিটীক চৰকাৰে ডেৰ লাখ টকা দিয়ে সেই কমিটীসমূহৰ পৰা চৰকাৰে কিয় কৰ ল’ব? চৰকাৰী অনুমতিৰ অনলাইন প্ৰক্ৰিয়া যাতে সহজ হয় তাৰ বাবে মাচুল লোৱা হ’ব৷ কোনো বিহু কমিটী বা ৰাস কমিটীয়ে ইয়াৰ বিৰোধিতা কৰা নাই৷ বিৰোধিতা কৰিছে কেৱল বিৰোধী দলসমূহে৷ নতুন মাচুল আৰোপ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়– আমি ট্ৰাকেৰে দি ৰাজহ হিচাপে অলপ বালি মূৰত লওঁ৷ সেৱা কৰ আৰু মাচুলৰ মাজত পাৰ্থক্য আছে৷ কেইটামান সেৱাৰ বাবে মাচুল গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এয়া কৰ সংগ্ৰহ নহয়৷ বিহু ৰাস আদিক চৰকাৰে ধন দিছে৷ কৰ কিয় ল’ব? এই মাচুলৰ পৰা চৰকাৰলৈ কোনো বৃহৎ পৰিমানৰ ধন নাহে৷ যদি সংশোধনী কৰিবলগীয়া আছে তেনেহ’লে সেয়া কৰা হ’ব৷ ভূপেন বৰাই কৰ আৰু মাচুল বুজি পায় নে নাপায়? ভূপেন বৰাৰ কাৰ্যকালত অসমত কোনোদিনে কংগ্ৰেছৰ চৰকাৰ নাহে৷ উল্লেখ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চৰকাৰক সমালোচনা কৰি কৈছিল– চৰকাৰে চামুচেৰে দি জেচিবি লগাই লৈ গৈছে৷ হেলিকপ্টাৰ-চাৰ্টাৰ্ড বিমানেৰে বিনোদন কৰি ৫ বছৰত ১০৮ কোটি টকা ব্যয় কৰিলে৷

বিহু পাতিবলৈ ডেৰ লাখ টকা ঘোষণা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বিহু পাতিবলৈ পুনৰ ডেৰ লাখ টকাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰে যে ৰাজ্যৰ বিহু উদ্‌যাপন সমিতিসমূহলৈ ১.৫ লাখ টকাকৈ আৰ্থিক সহযোগিতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অসমৰ চহকী সংস্কৃতিৰ সুৰক্ষা তথা প্ৰসাৰৰ দিশত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ উল্লেখ্য, ২০২১ চনৰ পৰা অসম চৰকাৰে ৰাজ্যৰ ১০ বছৰ গৰকা বিহু উদ্‌যাপন সমিতিসমূহক ১.৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়াই আহিছে৷ ৰাজ্যত বিহু উদ্‌যাপনৰ নামত চান্দা নিষিদ্ধ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিহু উদ্‌যাপন কমিটীসমূহক ১.৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত লয়৷