Logo
image

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ মৃত্যু

ডিজিটেল ডেস্কঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা কেৰালাৰ কোল্লামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬। ১৯২৭ চনত কেৰালাত জন্মগ্ৰহণ কৰিছিল ফাতিমা বিবিৰ।তিৰুৱনন্তপুৰমৰ মহিলা মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি তেওঁ  চৰকাৰী আইন মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৫০ চনত তেওঁ বাৰ কাউন্সিলৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে বিবেচিত হয়।  ১৯৮৩ চনত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ১৯৮৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।  ১৯৯৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।