Logo
image

আজি লাচিত দিৱস হঠাৎ প্ৰশাসনৰ তৎপৰতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ নৱেম্বৰঃ শুকুৰবাৰে লাচিত দিৱস৷ ২৪ নৱেম্বৰৰ দিনটো প্ৰতি বছৰে মহাবীৰ লাচিত দিৱস হিচাপে উদযাপন কৰা হয়৷ চৰকাৰী আৰু বেচৰকাৰী উভয় প্ৰয়াসেৰে কাইলৈ ৰাজ্যজুৰি লাচিত দিৱসউদ্‌যাপন কৰা হ’ব৷ টাই আহোম যুৱ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত কাইলৈ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত লাচিত দিৱসৰ কাৰ্যসূচীৰ লগতে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ লাচিত দিৱস উপলক্ষে টাই আহোম যুৱ পৰিষদে ক্ৰমে পুৰন্দৰ কোৱৰ, নগেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, য়াহম বুঢ়াগোহাঁই, ড॰ দয়ানন্দ বৰগোহাঁই, ৰবি শৰ্মা, পাৰ্থ সৰাথি মহন্ত, বিশ্বজিৎ ফুকন, নিৰুপমা বৰগোহাই আৰু পৰামন্দ চাৰেঙীয়াক সম্বৰ্ধনা জনাব৷ গুৱাহাটীৰ লাচিত ঘাট লগতে লাচিত সংঘৰ উদ্যোগত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত নহ’ব লাচিত দিৱস৷ পুৱা পতাকা উত্তোলন কৰি বীৰ লাচিতৰ স্থায়ী প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰা হ’ব৷ তাৰ পাছতে অনুষ্ঠিত হ’ব সম্বৰ্ধনা অনুষ্ঠান৷ লাচিত সংঘই লাচিত দিৱস উপলক্ষে জয়ন্ত বৰুৱা আৰু ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক সম্বৰ্ধনা জনাব৷ ৰাজ্যৰ কেতবোৰ প্ৰান্তত লাচিত দিৱস উপলক্ষে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷ ইফালে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰৰ উদ্যোগত তথা সাংস্কৃতিক বিভাগৰ উদ্যোগত চিলা পথাৰৰ সাদুৰিপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে৷ জানিব পৰা মতে এইবাৰ লাচিত দিৱসৰ মূল কাৰ্যসূচী চিলাপথাৰতে অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বহিঃৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে লাচিত দিৱসকলৈ হঠাৎ তৎপৰ হৈছে প্ৰশাসন৷

২৩টা ভাষাত লাচিতৰ জীৱন আধাৰিত গ্ৰন্থ

অসমত গ্ৰন্থোৎসৱ অব্যাহত থকাৰ সময়তে জাতীয়-জীৱনৰ বাবে শুভ সংবাদ এয়ে যে অচিৰেই দেশৰ ২৩টা ভাষাত প্ৰকাশ পাব বৰ সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচিত এখন গ্ৰন্থ৷ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত এই কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ উল্লেখ্য যে মহাবীৰ লাচিত বৰফুকনৰ খ্যাতি আৰু গৰিমা সমগ্ৰ দেশৰ মানুহৰ মাজত প্ৰণালীৱদ্ধ ভাৱে প্ৰচাৰ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদক এক বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ এই বছৰৰ প্ৰথম ভাগতে পৰামৰ্শ আগবঢ়াইছিল৷ মুখ্যমন্ত্ৰীয়ে লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ এখন ভাৰতৰ আটাইকেইটা স্বীকৃত ভাষালৈ অনুবাদ কৰি ভাষা-সাহিত্যৰ যোগেদি লাচিত বৰফুকনৰ গৰিমা প্ৰচাৰ কৰাৰ পোষকতা কৰিছিল৷  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদে এই কাম হাতত লৈছিল৷ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰামৰ্শ মতে গ্ৰন্থ ৰচনাৰ দায়িত্ব প্ৰদান কৰা হৈছিল ইংৰাজী সাহিত্যৰ প্ৰসিদ্ধ লেখক, গ্ৰন্থকাৰ অৰূপ কুমাৰ দত্তক৷ অৰূপ কুমাৰ দত্তই বিষয়টোৰ গুৰুত্ব অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰতে ‘‘আছাম’ছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন’’ নামৰ গ্ৰন্থখন ৰচনা কৰি অসম প্ৰকাশন পৰিষদক জমা দিছিল৷  এই গ্ৰন্থখন অসমীয়া ভাষাকে ধৰি ভাৰতৰ আন ২৩টা সংবিধান স্বীকৃত ভাষালৈ অনুবাদ কৰাৰ বাবে অসম প্ৰকাশন পৰিষদে ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিছিল৷ ভাৰতৰ মুঠ ২৩টা ভাষাৰ প্ৰখ্যাত অনুবাদকৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকক এই কাম সম্পন্ন কৰাৰ বাবে সন্মতি প্ৰদান কৰিছিল৷ অসমীয়া, বাংলা, ওড়িয়া, তেলুগু, তামিল, কানাড়া, মালায়ালম, কোংকানী, মাৰাঠী, গুজৰাটী, ৰাজস্থানী, পাঞ্জাবী, কাশ্মিৰী, সিন্ধী, উৰ্দু, মৈথেলী, ডোগ্ৰী, চাওঁতালী, মনিপুৰী, বড়ো, নেপালী, হিন্দী আৰু সংস্কৃত ভাষালৈ এই গ্ৰন্থখন অনুবাদ কৰা হৈছে৷ এই অনুবাদক সকলৰ অনুবাদ কাৰ্য পৰীক্ষা কৰাৰ লগতে সম্পাদনা কৰাৰ বাবেও প্ৰতিটো ভাষাৰে একো গৰাকীকৈ সম্পাদকক দায়িত্ব প্ৰদান কৰা হৈছে৷  এই সমগ্ৰ প্ৰকল্পটোৰ তত্ত্বাৱধায়ক তথা সমন্বয়ক ৰূপে দায়িত্ব প্ৰদান কৰা হৈছে চলচ্চিত্ৰ সমালোচক, ৰাজ্যিক বঁটাৰে পুৰস্কৃত অপৰাজিতা পূজাৰীক৷ ইতিমধ্যে আটাইকেগৰাকী অনুবাদকে অনুবাদ কাৰ্য সমাপ্ত কৰি অসম প্ৰকাশন পৰিষদৰ ওচৰত পাণ্ডুলিপি সমূহ জমা দিছে৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে যে জনাইছে যে অনুবাদক সকলে জমা দিয়া পাণ্ডুলিপি সমূহৰ সম্পাদনাও ইতিমধ্যে সমাপ্ত হৈছে৷ গ্ৰন্থখনৰ প্ৰচ্ছদ অংকন, তথা লে-আউট হোৱাৰ পাছত সম্প্ৰতি ছপাৰ বাবে পঠোৱাৰ আগে আগে চূড়ান্ত নিৰীক্ষণৰ বাবে সাজু কৰা হৈছে৷  সচিবে জনোৱা মতে কিছুদিনৰ ভিতৰতে গ্ৰন্থ কেইখন ছপা কৰি উন্মোচনৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব৷ এইখিনিতে উল্লেখ্য যে এই অনুবাদ কাৰ্যত অংশ গ্ৰহণ কৰা বহু কেইগৰাকী লেখক- অনুবাদক সাহিত্য অকাডেমীৰ বিভিন্ন বঁটা প্ৰাপক আৰু নেশ্যনেল বুক ট্ৰাষ্টৰ স্বীকৃত প্ৰাপ্ত অনুবাদক৷ এই অনুবাদ কৰ্মত জড়িত সংশ্লিষ্ট লেখকসকল হৈছে জ্ঞান প্ৰকাশ টেকচাঁন্দানী, সুন্দৰদাস ভি গহৰানি, ৱাহেংবাম কুমাৰী চানু, ৰাজেশ্বৰ সিং ৰাজু, মুঞ্জুলুৰী কৃষ্ণ কুমাৰী, সুৰেণ তালুকদাৰ, প্ৰদীপ কুমাৰ, লালচান্দ চাৰেণ, দেৱায়ন ভাদুৰী, হৰকমলপ্ৰীত সিং, ড॰ কে শিৱলিংগাপ্পা হাডিহালু, বিন্দুমাধৱ কুলকাৰ্ণী, আৰ এছ ভাস্কৰ,  কান্নায়ান দক্ষণামূৰ্তী, বিজয়দেও ঝা, ড॰ খগেন শৰ্মা, সুভাষ চন্দ্ৰ সৎপথী, বলৱানন্দ সাগৰ, চন্দ্ৰপ্ৰভা চৈনাৰী, এছ চেলিম কুমাৰ, মিৰ্জা এ বি বেইগ, নিচাৰ আজম, বিনোদ পেটেল, দীনদয়াল শৰ্মা৷