Logo
image

২০১৪ৰ তালিকাও শীঘ্ৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ নৱেম্বৰঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ বক্ৰপথেৰে চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছতেই কঁপনি উঠিছে দিছপুৰত৷ ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত জালিয়াতিৰ অভিযোগত মুঠ ৩৭জন বিষয়াৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত  বিষয়াৰ বিৰুদ্ধে এৰা ধৰাৰ মাজেৰে কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে নামি পৰিছে স্মাৰ্ট অসম আৰক্ষী৷ এছ আই টিয়ে ২০১৩ বৰ্ষৰ পৰীক্ষাত বক্ৰ পথেৰে বাছনি লাভ কৰা ২ জন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ পাছতেই ‘আমাৰ অসম’ৰ হাততআহি পৰিছে ২০১৪ বৰ্ষৰ পৰীক্ষাত জালিয়াতিৰে বাছনি লাভ কৰা বিষয়াৰ আন এখন তালিকা৷ এজন দুজন নহয়, সৰ্বমুঠ ১২ জন প্ৰাৰ্থীয়ে ২০১৪ বৰ্ষত জালিয়াতিৰে চাকৰি লাভ কৰাটো নিশ্চিত হৈ পৰিছে৷ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগে ২০১৩ বৰ্ষৰ ৩৭ বিষয়াৰ দৰে ২০১৪ বৰ্ষতো আন ১২ জন বিষয়াক দোষী সাব্যস্ত কৰিছে৷ ৰাকেশ পালৰ ভাতৃৰ বাসগৃহত লিখা জাল উত্তৰ বহীত লিখি বাছনি লাভ কৰা এইসকল বিষয়াৰ ভিতৰত ৰাজনৈতিক নেতাৰ আত্মীয় আৰু এটা বেটেলিয়নত কৰ্মৰত শীৰ্ষ আৰক্ষী বিষয়াৰ পত্নীয়ো আছে৷ আনকি দিছপুৰৰে ঘনিষ্ট সম্পৰ্ক থকা প্ৰাৰ্থীৰ নামো তালিকাত দেখা গৈছে৷ ‘আমাৰ অসম’ৰ হাতত আহি পৰা ২০১৪ বৰ্ষ বক্ৰপথেৰে চাকৰি লাভ কৰা সকলৰ ভিতৰত এজন এচিএক বিষয়া, ৪ জন এপিএছ, ২ জন কৰ অধীক্ষক, ৩জন আবকাৰী অধীক্ষক, এজন ডিটিঅ’ আৰু এজন কৰ পৰিদৰ্শক আছে৷ এছআইটিয়ে ২০১৩ বৰ্ষৰ ৩৭ বিষয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পাছতেই একাংশ অভিযুক্ত এচিএছ, এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়াই আকস্মিক ছুটী লৈ কাৰ্যতঃ সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে৷ আনকি বহুকেইজনে সামাজিক মাধ্যমৰ পৰা নিজৰ একাউণ্ট তথা ব্যক্তিগত ফটোপৰ্যন্ত ডিলিট কৰি দিছে৷ বৃহস্পতিবাৰে এছআইটিয়ে অভিযুক্ত প্ৰায় ২৫জন বিষয়ালৈ জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ অভিযুক্তসকলক অসম আৰক্ষীৰ বিশেষ শাখাত হাজিৰ হোৱাৰ বাবেও নিৰ্দেশ দিছে৷