Logo
image

বিচ্ছেদৰ বাবে পত্নীৰ দাবী প্ৰায় ১০ হাজাৰ কোটি, বিপদত ৰেমণ্ডছৰ অধ্যক্ষ

মুম্বাই, ২৪ নৱেম্বৰঃ দেশৰ আগশাৰীৰ উদ্যোগপতি তথা বস্ত্ৰ উদ্যোগ ৰেমণ্ডছ কোম্পানীৰ অধ্যক্ষ গৌতম সিংঘানিয়াই পত্নীৰ সৈতে বিবাহবিচ্ছেদ ঘোষণা কৰাৰ পৰিণতি এতিয়া ভুগিবলগীয়া হৈছে কোম্পানীটোৱে৷ সিংঘানিয়াই বিচ্ছেদ ঘোষণা কৰাৰ পাছতে তেওঁৰ পত্নী নোৱাজ সিংঘানিয়াই ১৪০ কোটি মাৰ্কিন ডলাৰৰ বিশাল সম্পত্তিৰ ৭৫ শতাংশ দাবী কৰিছে৷ দাবী কৰা এই সম্পত্তিখিনিৰ মূল্য  ভাৰতীয় হিচাপত প্ৰায় দহ হাজাৰ কোটি টকা হ’ব৷ এনে পৰিস্থিতিত বিপদৰ সন্মুখীন হৈছে ৰেমণ্ডছৰ অধ্যক্ষগৰাকী৷ ইপিনে সিংঘানিয়াই পত্নীক বিচ্ছেদৰ ঘোষণা কৰাৰ পাছতে শ্বেয়াৰ মাৰ্কেটত কোম্পানীটোৱে এই পৰ্যন্ত ২,০৭০ কোটি ডলাৰ লোকচান ভৰিবলগীয়া হৈছে৷ উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰত সিংঘানিয়াই পত্নী নোৱাজ সিংঘানিয়াৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ বিষয়ে ঘোষণা কৰে৷ইয়াৰ লগে লগে ৰেমণ্ডছ কোম্পানীৰ বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ কিয়নো সিংঘানীয়াৰ পত্নী নোৱাজ সিংঘানীয়াও ৰেমণ্ডছ কোম্পানীৰ মেনেজিং ব’ৰ্ডৰ এগৰাকী সদস্য৷ বিবাহ বিচ্ছেদ ঘোষণা কৰাৰ পাছতে পত্নী নোৱাজে গৌতম সিংঘানীয়াৰ ১৪০ কোটি মাৰ্কিন ডলাৰৰ ৭৫ শতাংশ দাবী কৰাত স্বাভাৱিকতে কোম্পানীটোৰ ভৱিষ্যতক লৈ প্ৰশ্ন আহি পৰিছে৷ এক সূত্ৰৰ মতে নোৱাজৰ এই দাবী ইতিমধ্যে ৰেমণ্ডছৰ মুৰব্বী সিংঘানীয়াই মানি লোৱা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে দাবী কৰা এই বিশাল সম্পত্তি পাৰিবাৰিক ট্ৰাষ্টৰ জৰিয়তেহে হস্তান্তৰ কৰিবলৈ সন্মত হৈছে সিংঘানীয়া৷ এই সম্পত্তিৰ অংশ দুই কন্যা নীহাৰিকা আৰু নিশায়ো লাভ কৰিব বুলি প্ৰকাশ কৰিছে নোৱাজে৷ সিংঘানীয়াই পত্নীৰ সৈতে বিচ্ছেদ ঘোষণা কৰাৰ পাছতে শ্বেয়াৰ মাৰ্কেটত ৰেমণ্ডছৰ বজাৰমূল্য অস্বাভাৱিকভাৱে নিম্নগামী হ’বলৈ আৰম্ভ কৰে৷ পৰিণতিত এই পৰ্যন্ত ৰেমণ্ডছে লোকচান ভৰিবলগীয়া হৈছে ২,০৭০ কোটি ডলাৰৰ বজাৰমূল্য৷ ইপিনে পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ ঘোষণা কৰাৰ পাছত গৌতম সিংঘানীয়াই নোৱাজক বিভিন্ন সময়ত শাৰীৰিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ পত্নীয়ে আনকি তেওঁৰ দুই কন্যাকো সিংঘানীয়াই মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে ১৯৯৯ চনত প্ৰখ্যাত আইনজীৱী নাদিৰ মোদীৰ কন্যা নোৱাজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল উদ্যোগপতি গৌতম সিংঘানীয়া৷